জীৱনৰ ৰং - কল্পনা বৰা

সপোনৰ পিছে পিছে পম খেদি
আগুৱাই যোৱা পঠিক আমি।
ভাৰাক্ৰান্ত জীৱন নামৰ বোঁৱতী সুঁতিৰ
সংঘাতপূৰ্ণ প্ৰতিটো খোজৰ আমি সংগ্ৰামী।
প্ৰাপ্তি অপ্ৰাপ্তিৰ ঠিকনা বিচাৰি
হাঁহি কান্দোনবোৰ নিজতে সামৰি
আগবাঢ়ি যাওঁ খুপি খুপি ,
মনজিলৰ স্পষ্ট মাৰ্গ বিচাৰি।

কেতিয়াবা বিচাৰোঁ
সুখবোৰ কাৰোবাৰ সৈতে ভগাব।
আনজনৰো আস্যত হাঁহি বিৰিঙাব ,
ভাল লাগে দেখোন
কাৰোবাৰ ম্লানহীন চকুহালত 
উজ্জ্বলতাৰ ৰেঙনি দেখি ,
শেঁতা পৰা কোমল ওঁঠত
হাঁহিৰ মাদকতা জুখি।
কেতিয়াবা পাওঁ বিপৰীতাৰ্থে 
অৱহেলা আৰু নিৰ্মম আঘাত।
মুখৰ জেউতি স্তিমিত হৈ ৰয়
হাঁহিবোৰ থমকি ,আঘাত হৈ
বুকুৰ কোনোবাখিনিত খুছি বিন্ধি
ক্ৰন্দনৰ জোঁৱাৰ হৈ বয়।

দুখবোৰো নিজৰ মাজতেই সামৰোঁ ,
আনন্দৰ মাজতেই নিজক বিচাৰি
সুখৰ সৈতে অন্তৰংগ আলাপ কৰোঁ।
মাথোঁ আগবাঢ়ি যাওঁ
পোৱা নোপোৱাৰ ধাৰাবাহিকতাৰে __
এখোজ দুখোজকৈ আগবাঢ়ি ধীৰে ধীৰে ,
প্ৰাপ্তি লাভৰ সুকীয়া মাদকতাৰে।

✍️কল্পনা বৰা

Post a Comment

Previous Post Next Post