মহাসমৰ - দীপিকা দাস সৰকাৰ

©Admin
0
আজি কালি মই প্ৰায়ে হতাশাত ভোগো ,
ঘনাই কঁপি উঠে মোৰ কলিজাটো ,
শৰীৰৰ ঘাম সৰাই
বুকুৰ তেজেৰে অৰ্জা পথাৰৰ সোণালী ফচল .....তাৰে লালিত-পালিত মোৰ সোনায়ে চহা বাপেকৰ হৃদস্পন্দন নুশুনে! 
চহৰীয়া হোৱাৰ বাসনাই তাৰ বুকুখন পাষাণ কৰিলে। 
 ...মোৰ সোণ কমোৱা ঠাই এতিয়া ,
বনিয়াৰ কাৰখানা হ'ল। 
মাটিৰ ৰূপ-ৰস-গন্ধ মোহাৰি পিশাচৰ কাৰখানাত দিনে-নিশাই ৰক্তশোহাৰ তাণ্ডব! 
ঘৰ্ ঘৰ্ পৈশাচিক অট্টহাস্যত মোৰ বুকুৰ পাজৰ ভাঙে -
জীৱিত অবস্থাতেই মৃত স্বপ্ন লৈ আজি মই ক্লান্ত! 
প্ৰকৃতিৰ ৰোষত পৰি কক্ বকাইছো এবুকু পানীৰ মাজত ! 
আপোন আশ্রয় হৈ পৰিছে
ৰ'দে ঢুকি নোপোৱা
অন্ধকাৰে আবৰা গভীৰ জলাশয়... 
শৰীৰৰ ঘামেৰে লালিত পুত্ৰই আজি মোৰ পিতৃত্বক ভেঙুচালি কৰি সুদূৰত লৈছে ৰাজভোগৰ সোৱাদ। 
বুকুত মোৰ গৰাখহনীয়া 
চাকনৈয়া ,
 চকুত চকুলোৰ
নৈ অবিৰাম ....

✍️দীপিকা দাস সৰকাৰ
গোলকগঞ্জ , ধুবুৰী
ফোন : ৯৪৩৫৭-৫৫৪১৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)