কবিতা

যিয়ে জ্যোতিৰ বিকাশ ঘটায়
সেইয়া মোৰ কবিতা, 
সেউজীয়া পৰিবেশ আৰু নীলা আকাশ 
পৰিব্যাপ্তিতে অৱয়ব কবিতাৰ 
কাল চেতনাত শব্দ বৰ্ণৰ বিন্যাস 
আবেগৰ সপ্তময় সাতসৰী 
অলংকাৰ ব্যঞ্জনেৰে 
বুকুৰ সুৰ মগজুৰ কচৰৎ আৰু 
প্ৰেমৰ অন্য এক সুঁতিত বিয়পে যাৰ আভা, 
সেইয়াই মোৰ কবিতা শোভা ।।

 ⚫শ্ৰীমতী বিনীতা মেছ
চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী
ঠিকনা : ডিব্ৰুগড় (টিংখাং/ ৰাজগড়)
৭০৯৯৩৪৮৪৪৭

Post a Comment

Previous Post Next Post