বিষাদ

Rinku Rajowar
0
কোন তুমি
তোমাক যে চিনিব পৰা নাই
কেতিয়াবা কেতিয়াবা দেখাটোও মনত নাই
কিয় আহিছা মোৰ জীৱনলৈ
নাই নাই।
তোমাৰ উদ্দেশ্য মই জানিব খোজা নাই।
তোমাৰ আগমন মোৰ বাবে অসহনীয়।
হেৰাই গল জীৱনৰ পোহৰ বোৰ
এতিয়া মাথো চাৰিওফালে এন্ধাৰ
কেবল এন্ধাৰ।
খেপিয়াই খেপিয়াই বিচাৰি ফুৰিছো।
জীৱনৰ মাদকতা
ভাগৰুৱা হৈ পৰিছো মই।
জিৰণি ল'ব খুজিছো তোমাৰ কোলাত
হ'লেও তুমি অচিনাকী কোনো কথা নাই
মোৰ আপোন বুলিবলৈ যে কোনো নাই।

🔴ৰীণা ৰাণী ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)