গৌৰৱোৰ্জ্জ্বল কাকজান মহাবিদ্যালয়

Rinku Rajowar
0
গৌৰৱোৰ্জ্জ্বল কাকজানৰ বুকুত
এজাক ন - সপোন পক্ষীয়ে  পাখি মেলে,
মহাবিদ্যালয়ৰ উমাল বুকুৰ দুৱাৰে দুৱাৰে
এজাক তৰুণ তৰুণীৰ আগমণে
সপোনৰ চিকমিকনি উঠে ।

ধূসৰ বিৱৰ্ণ ৰুক্ষ বক্ষতো আজি
সোণাৰু জোপা হালধীয়া হৈ ফুলিছে ,
সেউজী ধৰাৰ নীলিম আকাশৰ দৰে
প্ৰতিজন কাকজনীয়ানৰ বুকুত 
স্নিগ্ধ হৃদয়ৰ এখনি ছবি  হৈ জিলিকি উঠিছে  ।

১৯৬৭ চনত জন্ম ল'লা তুমি
জ্ঞানৰ আলোক সিঁচৰতি কৰি আজি 
ভৰি দিলা ৫৫ বৰ্ষৰ ভূমিত। 

প্ৰজ্ঞাৰ ৰঙেৰে ৰঙীন কৰিলা
শত জন জীৱনৰ ছবি;
প্ৰসুপ্তজনক জাগ্রত কৰি 
কৰিলা মহীয়ান ।
জ্ঞানৰ  জ্যোতিৰে সকলোকে
কৰিলা জ্যোতিষ্মান ।

ৰৌদ্ৰজ্বল পুৱাত এজাক পক্ষীৰ গুণ-গুণণিত
সাৰ পাই উঠা একুঁকি হাঁহি 
কাকজান মহাবিদ্যালয় খনি ।
পুথিভঁৰাল আৰু কেন্টিনখন 
মহাবিদ্যালয়ৰ অন্যতম থলী ।  
ন- পুৰণি কিতাপৰ সুগন্ধিৰ সৈতে 
কেন্টিনৰ আড্ডাবোৰ 
এৰাব নোৱাৰা অন্য এক ৰাগী । 

মহাবিদ্যালয়ৰ বাটচৰাতে 
কৃষ্ণচৰাৰ প্ৰণচঞ্চলা হাঁহিত 
প্ৰাণ পাই উঠে মহাবিদ্যালয়ৰ প্ৰতিটো কোঠৰী ।
কাকজানৰ প্ৰাংঙ্গনত অধ্যক্ষা বাইদেউ এজোপা বটবৃক্ষ ;
প্ৰতিজন কাকজনীয়ান তাৰে যেন পত্ৰ - পুষ্প ।
প্ৰতিটো বিভাগে বহন কৰে এক বিশেষ সাক্ষ্য ।
প্ৰতিজন জ্ঞান দাতাই বিশেষ ভূমিকা পালন কৰে
শিক্ষাৰ্থীৰ জীৱনত ।

বহু আহে, বহু যায়
ইতিহাসৰ পাত গধুৰ কৰি
স্মৃতিৰ মণিকোঠা সোঁৱৰাই। 

নানা ভাষা-কৃষ্টিৰ সমাহাৰে জ্ঞানৰ বেদীত 
হাজাৰ জনে জীৱন গঢ়িছে আহি  ।

বিদ্যাৰ অন্য এক পৰিধি তুমি
বিলাই দিলা কাকজান বাসীক 
সঞ্জীৱনী জ্ঞান ।
অজ্ঞানতাৰ আৱৰণ গুচাই 
মিছা  প্ৰহেলিকাক  দূৰলৈ দলিয়াই 
সকলোকে দিলা তুমি
জ্ঞান আলোকৰ সন্ধান ।

৫৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ সাফল্যৰ ৰেঙনি,
কাকজান মহাবিদ্যালয় খনি ।
জিলিকি  থাকা তুমি 
উজ্বলি উঠা তুমি
স্ৰোতস্বিনী হৈ অবিৰাম বৈ যোৱা 
সহস্ৰ গুণেৰে তুমি বিভূষিত হৈ ৰোৱা ।

জীৱনৰ শেষ দিনটোলৈকে
 তোমাৰ বন্তিগছিতে উজাৰিম খৰিকা ডালি,
সপোন পৃষ্ঠাত সম্পাদনা কৰিম 
তোমাৰে প্ৰতিটো কাহিনী ।।
                           
শিৱানী বৰুৱা
অসমীয়া বিভাগ , প্ৰথম ষান্মাসিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)