অৰণ্যৰ সেউজীয়াবোৰ
বৰ প্ৰিয় মোৰ
প্ৰকৃতিৰ ৰাগীত মই
মতলীয়া হৈ পৰোঁ
কিন্তু
সেই অৰণ্যৰ সেউজীয়াবোৰ
এতিয়া ধূসৰ হ'ল
পাহাৰবোৰ লাহে-লাহে
সমতল হ'বলৈ ধৰিছে
তাৰ চকুত লগা ঘন সেউজীয়াবোৰ
এতিয়া শেতা পৰিছে
গছ-গছনীবোৰ নোহোৱা হৈছে
জীৱ-জন্তুৰ বাসস্থানবোৰ
এতিয়া লাহে লাহে হেৰাবলৈ ধৰিছে
ইয়াকেই কয় নেকি পৰিবৰ্তন??
মোৰ প্ৰিয় অৰণ্যখন আজি
পৰিবৰ্তনৰ বুকুত লুপ্ত হ'ল!!
সেউজীয়াবোৰ হেৰাই গ'ল
আজি-কালি বনৰীয়া চৰাইবোৰৰ
মাতটোও শুনা নাপাও।
এতিয়া সেই মৰুভূমিখনে উচুপি কয়
ইয়াত এখন অৰণ্য আছিল
এখন সেউজীয়া অৰণ্য
য'ত নিৰ্ভয়ে উৰি ফুৰিছিল
এজাক মুক্ত পক্ষী
বিচৰণ কৰিছিল অজস্ৰ জীৱকূলে।
কিন্তু!!
স্মৃতিৰ কেনভাছত এতিয়া
সেই সেউজীয়া অৰণ্যখন
ধূসৰ হৈ পৰিল।।
✍️তানিয়া মধুকল্য
চতুৰ্থ ষাণ্মাসিক
ভাল লাগিল পঢ়ি।
ReplyDeleteThank you
Delete