গাই যোৱা গীত হে তৰঙ্গিনী -সুশান্ত দাস

©Admin
0
 মোৰ খৰস্ৰোতা জীৱনতোষিনী
গাই যোৱা এটি প্ৰাণৱন্ত গীত,
নাচিব সকলোৱে মন-প্ৰাণ খুলি 
জীৱন যুঁজৰ স্তব্ধ সময়ত,
গাই যোৱা গীত হে তৰঙ্গিনী (!)....

যি সুৰত মুগ্ধ হয় বনৰ পখিলী
তেনে এটি গীত বিৰচন কৰা তুমি,
সলিল নিজৰাৰ কুলু-কুলু স্পন্দনত
বাজে মাথোঁ হৃষ্ট গীত,
তেনে এটি গীতৰ সুমধুৰ ৰাগি তুলি
গাই যোৱা গীত হে তৰঙ্গিনী (!)...

হৃদয়ে যাক হৃদয়ঙ্গম কৰিব,
পৰাণে যাক মৌ-মাত বুলিব,
কদমৰ তলে গোৱা,
হৃদয়েৰে বৈ যোৱা,
সুৰৰ লালিত্যক প্ৰতিভাত কৰি
গাই যোৱা গীত হে তৰঙ্গিনী (!)....

তোমাৰ গীতৰ মৌ বৰষা ক্ষণত
য'ত নাথাকে বিহ্বলতা মনত,
সৰ্ব সংগম বোৱা যেন ভুজঙ্গম,
সেই ভুজঙ্গমৰ গতিত শুনো এটি গীত ,
সানি যায় আশাৰ এমুঠি জোনাকী
গাই যোৱা গীত হে তৰঙ্গিনী (!)....

ছত্ৰিশ ৰাগিনী কণ্ঠৰ বুকুত সানি,
জুৰুৱা প্ৰেমসিক্ত ভেষজ ঔষধী,
প্ৰাণে যাক আলিংগন কৰিব পাৰে,
দেশৰ মাটিয়ে যাক সেৱাৰে বোৱাই নিয়ে,
ললিত মধুৰ নীৰৰ হিল্লোল তুলি,
গাই যোৱা গীত হে তৰঙ্গিনী (!).....


বৈবস্বত মনুৱে যাৰ বুকুত বিচাৰি পাইছিল মৎস্যাৱতাৰ,
সেই তটিনীৰ বিমুক্ত বক্ষত সৃষ্টি হৈছিল প্ৰলয়ৰ ঝংকাৰ (!)
আজি সেই সৰিতে গাইছে প্ৰাণোচ্ছল সংগীত,
ৰামৰ মিত্ৰ নিষাদৰাজ গুহৰ মহান ৰাজ্য,
ঢৌৰ ভেদিব নোৱাৰা প্ৰাণোচ্ছল কেলি,
গাই যোৱা গীত হে তৰঙ্গিনী (!).....

ভগীৰথে আনিছিল নমাই গংগাক
ৰচিলে ইতিহাস ; মনুষ্য অবাক (!)
সেই তটিনী মহা ৰূপৱতী,
কামনা কৰিলোঁ তেওঁৰ গীত শুনাৰ,
মই আজন্মা প্ৰেমিক যাৰ।
যাৰ গীতে ৰচে আনন্দ ভূয়সী,
গোৱা এটি গীত হে তৰঙ্গিনী (!)......

হে মোৰ জীৱন প্ৰেমামৃত সিন্ধু
হৈ পৰিলা মোৰ পৰম বন্ধু,
গীতৰ লহৰীয়ে প্ৰাণক কৰে উন্মাদ (!)
ব্ৰজাংগনা ৰাধাক দিছিল যমুনাই ভাবোচ্ছ্বাস,
মানস হ্ৰদত তুলি শব্দৰ গুঞ্জন তুমি,
বোৱাই দিয়া প্ৰেম মন্দাকিনী,
গাই যোৱা এটি গীত হে তৰঙ্গিনী (!)....


✍️সুশান্ত দাস, শিৱসাগৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)