সূৰুযৰ সোণোৱালী কিৰণ আহে ,
নিতৌ ন ন প্ৰভাতৰ ফুল মেলে;
সেউজী বিৰিষত বহি ,
পক্ষীয়ে গীত জোৰে ...
সোণৰ অসমৰ কথাকে সোঁৱৰি ।
বিচিত্ৰ ৰূপৰ অসম
ৰূপৰ তুলনা নাই
নৈ , জান -জুৰি,
পাহাৰে ভৈয়ামে
অমিয় সুখৰ ঠাই ।
বিচিত্ৰ ৰূপৰ অসম
গুণ আছে অগণণ ,
গুণ গাই নহয় কেতিয়াও শেষ ...!
ভাৰতৰ পূব দিশত সূৰ্য উঠা একমাত্ৰ দেশ ।
অপৰূপা অসমীৰ...
তুলনা অসীম,
প্ৰকৃতিৰ সকলোবোৰ গুণ
যেন ইয়াতেই বিলীন ।
চিৰ সেউজ অসমী আই ...
হেপাঁহ নপলাই চাই ।
লওঁ যেন ইয়াতে দ্বিতীয় জনম...
চাব পাৰো যেন প্ৰকৃতিৰ ধুনীয়া ৰহন ।।
✍️ শিৱানী বৰুৱা
চেনিজান , যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ