🔴১৮২৩ চনৰ আজিৰ দিনটোতে প্ৰথমখন বাষ্পচালিত জাহাজে কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। উল্লেখ্য যে এই জাহাখন ভাৰতত নিৰ্মিত হৈছিল আৰু ইয়াৰ নাম আছিল ডায়ানা।
🔴১৯৭৯ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটিয়ে স্বাধীনতা লাভ কৰে।
🔴১৯৮০ চনৰ আজিৰ দিনটোতে SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
🔴১৯৯১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান দিয়া হয়।
🔴২০০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
🔴২০০৪ চনৰ আজিৰ দিনটোতে অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
🔴২০০৫ চনৰ আজিৰ দিনটোতে সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ