অস্পষ্ট বেৰত বিষন্ন হৃদয়ৰ
চিঞৰ নিঃশব্দে বাগৰিছে ,
উত্তপ্ত জলপ্ৰপাত হয়তো
তিতি গৈছে !!
শুকুলা বস্ত্ৰৰ
ভেজাল আৱৰণ ফটাশিলত
খহি পৰিছে ৰক্তাক্ত অশ্ৰুৰ
প্ৰচ্ছায়া.....
ইমান প্ৰকাণ্ড
চিঞৰ তথাপিও
বান্ধি ৰাখিছোঁ ।
আইৰ
মুখৰ স্বপ্ন বিলাষী হাঁহিলৈ,
চাই যেন পুৱতি নিশাতে
আৰম্ভ হ'ব বিনা অস্ত্ৰে
যুদ্ধৰ চক্ৰবেহু......!!
⚫হীৰক কলিতা