শব্দ

Rinku Rajowar
0
মানুহৰ মনৰ ভাৱ - অনুভূতি সমূহক আনৰ আগত প্ৰকাশ কৰা মাধ্যমই হ'ল - শব্দ।  মানুহৰ জীৱনৰ প্ৰথম শব্দটোৱেই হ'ল - মা। মা এই পবিত্ৰ শব্দটো উচ্চাৰণ কৰি তাৰ পিছৰে পৰা মানুহে জীৱনত কথা ক'বলৈ শিকে। এই শব্দই হ'ল এনেকুৱা এটা শব্দ যাৰ যোগেদি কাৰোবাৰ জীৱন নতুন ৰূপত গঢ় দিব পাৰে আৰু আনহাতে, কৰোৱাৰ জীৱন ধ্বংসও কৰি দিব পাৰে। এজন ব্যক্তি যদি দুখত থাকে তেতিয়া যদি আপুনি সেই ব্যক্তিজনৰ ওচৰত গৈ কথাপাতে আৰু কথা পাতোতে যদি আপোনাৰ মুখৰ পৰা এনেকুৱা এটা শব্দ বা বাক্য ওলাই আহে যিটো শব্দ বা বাক্যই তেখেতৰ মনটো ভাল লগাই তুলিব পাৰে। অৰ্থাৎ আপুনি এটা দুখী মন সুখী কৰি তুলিলে আপোনাৰ কথাৰ দ্বাৰা। আৰু যদি দ্বিতীয় জন ব্যক্তি বহুত আনন্দত থাকে তেতিয়া আপুনি তেওঁ ওচৰত গৈ যদি আপুনি অলপ কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা কিবা নকবলগীয়া কথা কৈ দিয়ে তেন্তে হঠাৎ তেওঁ মনটো মৰহি ও  যাব পাৰে। তেনে স্থলত আপুনি এটা সুখী মন আপোনাৰ কিছুমান শব্দৰ দ্বাৰা আপুনি দুখী কৰি তুলিলে। কেতিয়াবা আপোনাৰ কথাৰ দ্বাৰা কাৰোবাক সুখী কৰিব পাৰে আৰু কাৰোবাক দুখী কৰিব পাৰে। অৰ্থাৎ এবাৰ ওলাই অহা শব্দ পুনৰ ঘূৰাই ল'ব নোৱাৰি।  অসমীয়া সমাজত অতিজৰে পৰা প্ৰচলিত দুটা ফঁকৰা যোজনা হ'ল - 
 (১) কথাত কটা যায় কথাত বঁটা পায়।
(২) স্থান , কাল, পাত্ৰ চাই হে কথা ক'বা। 
       আমি এই দুটা ফঁকৰা যোজনা কথা মনত ৰাখিহে সদায় কথা কোৱা উচিত। কাৰণ আপোনাৰ শব্দৰ মাজত সদায় ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই সোমাই থাকে। আৰু আমি সদায় নেতিবাচক টো এৰি ইতিবাচক দিশটো হে ধৰি ৰাখিব পাৰিব লাগে।   

✍🏻 সংযুক্তা দত্ত। 
    দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)