জীৱন বাটৰ অসহ্য যন্ত্ৰণা

Rinku Rajowar
0
পাৰ হৈ আহিছোঁ‌ 
দীঘলীয়া বাট জীৱনৰ
ওখোৰা মোখোৰা বাট 
খহতা মজিয়া খচকি 
খোঁ‌পনি ধৰিছোঁ‌ লাই খুটাত  
এইয়াই বুনীয়াদ জীৱনৰ ।
ধনকুবেৰৰ বংশধৰ নাছিলোঁ‌ 
ওপজা নাই ঐশ্বৰ্যৰ মজিয়াত 
দৰিদ্ৰতা প্ৰথম লগৰি
চিনাকি হৈছিল জীৱন বাটত।
লুতুৰি পুতুৰি হোৱা নাই
অপ্ৰিয় ভাৱনাত 
উটি যোৱা নাই উশৃংখল প্ৰেৰণাত ।
অঘৰী যেন লগা জীৱনৰ
অসহ্য যন্ত্ৰনাৰ বেদনাবোৰ
জঁ‌পিয়াই আহিছোঁ‌ জীৱনৰ বাটত ।

◾অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)