গুণগুণ

Rinku Rajowar
0
হাতত কলম লৈ বহিছোঁ‌
তোমালৈ বুলি
বৰকৈ মনত পৰিছে 
সেইকেইদিনৰ  কথাবোৰলৈ।
ম‌ই যে লাজ লাজকৈ তোমাৰ স'তে 
চিনাকী হৈছিলোঁ।
      তুমি যে কাণত মোবাইল টো থৈ
কথা পাতিছিলা!
তোমাৰ বাৰু মনত পৰেনে ‌
নিজানত বহিলে?
 মোৰ কিন্তু বৰকৈ মনত পৰে।
সেয়ে ভাৱিছোঁ কবিতাতে আৱদ্ধ কৰি ৰাখোঁ।
সৌদিনা আবেলিৰ মিঠা অনুভৱ খিনি।
জানা গুণ মই সেইদিনাই 
তোমাৰ প্ৰেমত পৰি গৈছিলোঁ।
মোৰ আশা বোৰ 
সৰগত পৰিণত কৰিবলৈ 
   হ'লে দুগৰাকী সৎ সাহসী
     নাৰীৰ প্ৰয়োজন হয় মোৰ 
জানানে কোন সেই দুগৰাকী...?
এগৰাকী তুমি আৰু 
....................মৰমৰ মা।
তুমি মোক কেতিয়াও
        এৰি থৈ নাযাবা দেই গুণ।
এই কথাষাৰ কোনে
       কৈছিল বাৰু তুমি জানানে?
যদিও তুমি কৈছিলা--
      কিন্তু তুমি????
সেইকথাষাৰ ম‌ই 
       সচাকৈ মানি লৈছিলো ও গুণ?
কিন্তু দূৰণিৰ প্ৰেমত যে 
       সঁচাকৈ বিশ্বাস লাগিব ও গুণ।
আৰু তুমি এৰি যোৱাৰ দিনাৰ পৰাই 
           কিনো কম ও ।
নিজকে বৰ অকলশৰীয়া
               নিথৰুৱা লাগে।
আজি ছয় মাহ ধৰি 
           সঁচাকৈ তুমি ঘূৰি আহিবা বুলি 
বৰ কষ্টৰে ৰৈ আছোঁ 
          আহানা ঘূৰি, আহানা
আৰু জানা 
     তোমাক লৈয়ে যে মোৰ বহু সপোন আছে 
মাথো তুমি আহিবা বুলি
         ৰৈ আছোঁ।

◾ক্ষীৰোদ মণি মহন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)