গৰমত তৰমুজ খাব

Rinku Rajowar
0
এই গেলা গৰমত তৰমুজ খাই ভাল নপোৱা মানুহ হয়তো বিচাৰি পোৱাই টান হ’ব৷ সুস্বাদু,মিঠা তৰমুজ যথেষ্ট পানীযুক্ত আৰু দীৰ্ঘদিন ঘৰত ৰাখিব পাৰি বাবে গৰমৰ দিনকেইটাত আমাৰ বেছি প্ৰিয় যদিও আমি বহুতেই নজনা অন্যকিছু ঔষধি গুণৰ ভঁৰাল এই তৰমুজ৷ চমুকৈ আলোচনা কৰোঁ আহক-

চকুৰ সুৰক্ষাঃ
তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে। বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পড়াৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। ভিটামিন এ চকুৰ জ্যোতি বৃদ্ধি কৰে।

হৃদযন্ত্রৰ ৰক্ত সঞ্চালনতঃ
সঠিকভাৱে হৃদযন্ত্রৰ ৰক্ত প্রবাহ অত্যন্ত গুৰুত্বপূর্ণ। তৰমুজে হৃদযন্ত্রৰ সঠিকভাৱে ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়। বেয়া কলেষ্টেৰল আঁতৰাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো তৰমুজে সহায় কৰে৷

স্নায়ু ও মাংসপেশী সুৰক্ষাতঃ
তৰমুজত প্রচুৰ পৰিমাণ পটাছিয়াম থাকে যি প্রাকৃতিকভাৱে শৰীৰত ইলেকট্রো পাৱাৰ তৈয়াৰী কৰে। এই পাৱাৰ শৰীৰৰ মাংসপেশী ও স্নায়ু সুৰক্ষাত অত্যন্ত কার্যকৰী।

শৰীৰৰ বিষ নিৰাময় আৰু কলা(টিচু) সুৰক্ষাতঃ
তৰমুজত প্রচুৰ পৰিমাণ ভিটামিনি চি থাকে যি শৰীৰৰ বিভিন্ন স্থানৰ বিষ নিৰাময়ৰ লগতে দাঁত আৰু মাংসপেশীৰ সুৰক্ষাত প্রতিষেধক হিচাপে কাম কৰে।

হাড় মজবুত কৰেঃ
তৰমুজত লাইকোপিনো নামৰ ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে।

কিডনি আৰু লিভাৰৰ সুৰক্ষাঃ
তৰমুজত প্রচুৰ জলীয় উপাদান থকাৰ বাবে প্রস্রাৱৰ জ্বলাপোৰা কমাই দিয়ে। তৰমুজত থকা এন্টিবডিয়ে কিডনি আৰু লিভাৰ সুৰক্ষাত সহায় কৰে।

ওজন কমোৱাত সহায় কৰেঃ
গৱেষণাত দেখা গৈছে তৰমুজে মানৱ শৰীৰত জমা হৈ থকা চর্বি কমোৱাত সহায় কৰে। তৰমুজত থকা Citrulline নামৰ এমিনো এছিডবিধ কিডনিৰ বাবে অত্যন্ত উপকাৰী।তৰমুজত প্রচুৰ পৰিমাণে পানী থকাৰ বিপৰীতে খুব কম পৰিমাণৰ কেলৰি থাকে। সেই কাৰণেই পেট ভৰাই তৰমুজ খালেও সেই অনুযায়ী ওজন নাবাঢ়ে।

জলশূণ্যতা দূৰ কৰেঃ
তৰমুজত প্রচুৰ পৰিমাণে পানী থাকে। গৰমৰ সময়ত যেতিয়া শৰীৰৰ পৰা প্রচুৰ পৰিমাণে ঘাম বাহিৰ হয় তেতিয়া তৰমুজ খালে শৰীৰৰ জলশূণ্যতা দূৰ হয়। লগতে গাৰ চাল সতেজ আৰু উজ্জ্বল হয়৷

শ্বাস-প্ৰশ্বাসৰ কষ্ট প্রতিৰোধ কৰেঃ
যিসকলে বহুতদিনৰ পৰা শ্বাস-প্ৰশ্বাসৰ সময়ত কষ্ট অনুভৱ কৰে তেখেত সকলে প্ৰতিদিনেই তৰমুজ খোৱাৰ অভ্যাস গঢ়ি তোলক। তৰমুজে শৰীৰৰ ভিটামিন চি ৰ অভাৱ পূৰণ কৰে আৰু হাঁপানি প্রতিৰোধ কৰাত যথেষ্ট সহায় কৰে। [সহায় লৈ লিখা]


◾প্ৰণৱ চক্ৰৱৰ্ত্তী
নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)