নালাগে মোক এণ্ড্ৰইড ম'বাইল

Rinku Rajowar
0
এতিয়া সকলো শেষ হৈ গ'ল অ' দেউতা
আমাৰ যে‌ এণ্ড্ৰইড ম'বাইল নাই !
কোন সতেনো তোক কওঁ অ' দেউতা
মোক এটা এণ্ড্ৰইড ম'বাইল আনি দে 
অনলাইন ক্লাছ কৰিবলে'
সৰুৰে পৰাইটো দেখি আহিছো
তোৰ নিস্তেজ মূখখনি,
দিনে নিশাইযে সপোন দেখিছ'
আমাক মানুহ কৰি গঢ়াৰ।
নিজে নাখাই আমাক খুৱাইছ'
নিজে নিপিন্ধি আমাক পিন্ধাইছ' !!!!
ৰ'দৰ তাপত দেই পুৰি অহা তোৰ দেহাই তেতিয়া
ৰাতিৰ বৰষুণত ক'ত পানী পৰিছে,
তোৰ সন্তানকেইটা তিতিছেনি বুলি মূৰত হাত বুলাই চাৱ
টোপনিৰ ভাও জূৰি শুই থকা তোৰ পোনাকনৰ
বুকু কপি উঠে অ' দেউতা !!!!
দেউতা অ'..
কৰ'ণা মহামাৰিয়ে তোৰ সপোনবোৰক
বানে ঢৌৱাই নিয়া খেতিডৰাৰ লগতে 
উটোৱাই লৈ গ'ল অ' দেউতা.‌...!!!
দেউতা অ' যোৱাবাৰ বানৰ পিছত যে গাঁৱত মহামাৰী হৈছিল
যাতায়তৰ একমাত্ৰ দলঙখন যে উটোৱাই নিছিল 
গাঁৱলৈ ডাক্টৰ আহিব নোৱাৰাত যেতিয়া মানুহৰ প্ৰাণ গৈছিল
তেতিয়া যে গৌৰৱেৰে তই কৈছিলি " পোনাকণ অ' ভালদৰে পঢ়ি-শুনি ডাক্টৰ হৈ সমাজ সেৱা কৰিবি ডাক্টৰ বোলে ভগৱান"
কিন্তু দেউতা,
এতিয়া যে সেই সপোন দেখিবলৈও আমাৰ সামৰ্থ নাই অ' দেউতা ! যি বা সাচতীয়া দুপইচা আছিল তাকো লকডাউনত 
পেটৰ তাড়নাত শেষ হৈ গ'ল অ' দেউতা
নালাগে দে মোক এণ্ড্ৰইড  ম'বাইল...
থন ধৰা পুলিটো যদি মৰহিব খোজে 
তাক বোলে পুনৰ সজীৱ কৰিব পৰা যায়...
দেউতা অ' , অহা বাৰ যদি বান নাহে 
তোৰ উদঙ পথাৰখনতে খেতি কৰিম,
আৰু,তই দিয়া সংস্কাৰৰ বীজেৰে কঠিয়া সিচিম...
সপোনবোৰে পুনৰ পোখা মেলিব....
নালাগে মোক এণ্ড্ৰইড ম'বাইল 
দেউতা অ', তোৰ উদঙ পথাৰতে খেতি কৰিম......
            ‌‌                                                        ◾অঞ্জনা শইকীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)