পাতাল ভৈৰৱী মই - যমুনা বৈশ্য

শব্দৰে ছবি আঁকো
চহাই যাম মই
জীৱনৰ আদিপাঠ  

ঠিকনাৰে আকাশ চুমি
সুন্দৰতাৰে বুকুত কুসুম সাৱটি
ৰাজহংসৰ আনন্দৰ কিৰিলিৰ
সুখ বিচাৰি যায় পাতাল ভৈৰৱীৰ সৰগলৈ ।

নীলিম প্ৰান্তৰৰ অস্ত সূৰ্য্যৰ হেঙুলনী
সিঁচৰিত হৈ পৰিছে জানা গালে মুখে
কল্পনাৰ সাগৰত ডুব গৈ
লৈ যায় বহুদূৰলৈ
মিঠা-মিঠা সপোন ৰচাৰ আশাত ।

✍️যমুনা বৈশ্য

Post a Comment

Previous Post Next Post