তপস্বিনী

ৰাগ জাল নোহোৱা
নিমাখিত দুপৰীয়া এটা
জিলীৰ মাতে গভীৰ কৰিছে তাক
ক'ৰবাত শুনি আহত পখীৰ 
নিকৰুণ ক্ৰন্দন
ঢৌ তুলি তুলি কঁপাই তুলিছে
ক্লান্ত বতাহ জাক
তাৰেই লগতে কান্দে 
মোৰ ই উদাসী মন
উচুপি উচুপি সোধে
তুমি ক'ত? তুমি ক'ত? 
তুমি এৰি থৈ যোৱা স্মৃতিগন্ধা ক্ষণবোৰ
আকাশী পটত যেন
চঞ্চল মেঘ
ক্ষণে ক্ষণে বৰণ সলাই, ধুসৰ সন্ধ্যাত
আশে পাশে ফুলে কত
মালতি তগৰ
নোৱাৰে কৰিব মন গন্ধ মদিৰ
আকাশৰ তৰাৱলী 
জোনৰ জোনাকে
মনৰ গহন বন 
নোৱাৰে পশিব
মন ৰাধা হৈ আজি বিচাৰি ফুৰিছোঁ বৃন্দাবনত, যমুনা পাৰত
নাই বাঁহী বজা নাই
নাই যে কলীয়া কানু
বিচাৰিছোঁ হৃদয় কুঞ্জত। তপস্বিনী ৰূপে।

◾ৰেণু শৰ্মা, ডিব্ৰুগড়।

Post a Comment

Previous Post Next Post