অসমীয়া শিশু সাহিত্য জগতলৈ সাহিত্যিক তিলো সোণোৱালৰ অৱদান

Rinku Rajowar
0
সাধাৰণতে শিশু সাহিত্য বুলিলে শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যকে বুজা যায় । কিন্তু এইটো উল্লেখ কৰিব লাগিব যে শিশু সাহিত্য বুলিলে আমি বুজি পোৱা সাহিত্য শ্ৰেণীটোত আচলতে কিশোৰ সাহিত্যও অন্তর্ভুক্ত । প্রসিদ্ধ সমালোচক ড ° কৃষ্ণ কুমাৰ মিশ্ৰৰ মতে ইয়াত শিশু শব্দটোৰ অৰ্থগত প্ৰসাৰণ ঘটিছে । পৃথিৱীৰ প্ৰায় সকলো দেশতে শিশু উপযোগী সাহিত্যৰ সৃষ্টি হৈ আহিছে । সাহিত্যৰ মৌখিক পৰম্পৰাৰ যুগটোতো শিশুৰ উপযোগী সাহিত্যৰ সম্ভাৰ দেখা যায় । শিশুসকল সাধাৰণতে কল্পনাপ্ৰৱণ হয় । শিশুৰ কল্পনাপ্ৰৱণ মনৰ লগত খাপ খুৱাই সাহিত্য ৰচনাৰ পৰম্পৰা সকলো দেশতে আছে । শিশুৰ মনোজগতত বাস্তৱ অবাস্তৱৰ কোনো ধাৰণা নাথাকে । অলৌকিক কথা বস্তুৰ মাজতে শিশুৱে নিজৰ আনন্দ অনুভৱ কৰে । কৌতুক , বিস্ময় আৰু ভয়ৰ মাজেৰে আচৰিত কাহিনীৰ অৱতাৰণাৰে তেওঁলোকৰ মন জয় কৰিব পাৰি । সময়ৰ সলনি হ'লেও আধুনিক জীৱন নিৰ্বাহ প্ৰণালীৰ পৃথকতা আহিলেও শিশুৰ কল্পনা প্ৰৱণতাত সাল - সলনি হোৱা নাই । সেইবাবেই কল্পনা আশ্রয়ী বিভিন্ন সাহিত্যই শিশুক আকৃষ্ট কৰি ৰাখিব পাৰিছে । শিশু সাহিত্যৰ কেইটিমান প্রচলিত ধাৰা দেখা যায় । এটা ধাৰাত অন্তর্ভুক্ত হৈছে শিশুৰ উপযোগী পদ্য , ধেমেলীয়া কবিতা ( Non - sensical verb ) আদি । গদ্য অর্থাৎ সাধুকথা , গল্প , নাটক , উপন্যাস , ৰম্য কাহিনীক সামৰি এটা ধাৰা প্রচলিত । আনটো ধাৰাত অন্তৰ্ভুক্ত কৰিব পাৰি কথা আৰু ছবি । ইয়াত ছবিৰ জৰিয়তে একোটা কাহিনী বর্ণনা কৰা হয় । শিশুৰ বুদ্ধি - বৃত্তি আৰ ৰুচিবোধক অনুধাৱন কৰি সাহিত্য ৰচনা কৰাতহে সাৰ্থকতা আছে । এইক্ষেত্ৰত শিশু সাহিত্যৰ উদ্দেশ্য আৰু আদৰ্শৰ কথা উনুকিয়াব পাৰি । ড ° সত্যেন্দ্ৰনাথ শৰ্মাই ‘ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ' গ্রন্থত এই সম্পৰ্কত এনেদৰে উল্লেখ কৰিছে – শিশুৰ মানসিক  বিকাশত সহায় কৰা দয়া , মৰম , সহানুভূতি , কল্পনা আদি সুকুমাৰ বৃত্তিবোৰৰ উৎস সাধন কৰা ; শৃঙ্খলাবোধ সৃষ্টিত সহায় কৰা ; সৌন্দৰ্যবোধৰ উন্মেষ কৰা , সুনাগৰিকত্বৰ বীজ ৰোপণ কৰা , বয়স অনুসৰি নৈতিক আৰু সামাজিক তত্ত্বৰ ধাৰণাৰ আভাস দিয়া শিশু সাহিত্যৰ প্রধান উদ্দেশ্য হোৱা উচিত । ' শিশু সাহিত্যত বিষয়ৰ জটিলতা থাকিব নালাগে । সকল প্রকাশ ভংগীৰে বিষয়টো শিশু উপযোগী কৰি তুলিব লাগে । সহজে বুজি পোৱা , শুনিবলৈ শুৱলা , মনত ৰাখিব পৰা পদ আদিৰ প্ৰয়োগে শিশু সাহিত্যক অধিক প্ৰাণৱন্ত কৰি তোলে । কোনো তত্ত্বগত ধাৰণা বা বিমূর্ত বিষয়ক ইয়াৰ মাজলৈ আনিব নালাগে । প্রয়োজন অনুসৰি ছবি আদি সংযোগ কৰি সাহিত্যক তেওঁলোকৰ আগত উপস্থাপন কৰা হয় । বয়সৰ লগত মিলাই বিষয়বস্তুৰ উপস্থাপন আৰু আকর্ষণীয় আভৰণ এটাইও শিশু সাহিত্যক শিশুৰ উপযোগী কৰি তুলিব পাৰে । এনেধৰণৰ সাহিত্যিক উপস্থাপনে শিশুৰ মনক গতিশীল আৰু সজীৱ কৰি তুলিব পাৰে ।

          শিশুৰ বয়সৰ লগে লগে বিকাশ হোৱা বুদ্ধি বৃত্তি , চিন্তা - চেতনাৰ লগত খাপ খোৱা সাহিত্যৰ যোগান দিব পাৰিলে শিশুৰ মানসিক উন্নতি সহজ আৰু দ্রুতগতিত সম্পন্ন হয় । প্ৰচুৰ মানৱতাবোধ , দয়া , ক্ষমতা , পৰোপকাৰ , সত্যবাদিতা , প্রকৃতি প্রেম , পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ প্ৰতি সচেতনতা , বিশ্বভাতৃত্ববোধ আদি স্বৰ্গীয় গুণৰাজিৰ যাতে শিশুৰ মনত স্ফূৰণ ঘটে , তাৰ প্ৰতি লেখক সচেতন হ’বই লাগিব । শিশু সাহিত্যত সচৰাচৰ চকুত পৰা এটা ত্রুটি হ’ল বয়সৰ স্তৰ অনুযায়ী সাহিত্য সৃষ্টি নহয় । মানসিক আৰু শাৰীৰিকভাৱে সুস্থ - সবল শিশু গঢ় দিয়াটো হৈছে শিশু সাহিত্যৰ অন্যতম সামাজিক দায়িত্ব । শিশু আৰু কিশোৰ মনস্তত্ত্ব অধ্যয়ন কৰি শিশু সাহিত্য ৰচনা কৰাটো কঠিন কাম । খুব কমসংখ্যক লেখকেহে এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । শিশু আৰু কিশোৰৰ বাবে উপযোগী গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নিষ্ঠা আৰু সততাৰে তেনে গ্ৰন্থ ৰচনাত আত্মনিয়োগ কৰা লেখকৰ অভাৱ যদিও মুষ্টিমেয় কেইগৰাকীমান লেখকে এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি উল্লেখনীয় অৱদান আগবঢ়াই আছে । অসমত যিসকল লেখক সাহিত্যিকে দীর্ঘকাল ধৰি শিশু তথা কিশোৰ মনস্তত্ত্বৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰি তেওঁলোকৰ সর্বাংগীণ বিকাশ সাধন হোৱাকৈ তেওঁলোকৰ মনোজগতৰ সৈতে ৰজিতা খুৱাই বহু পুথি তথা গ্ৰন্থ ৰচনা কৰিছে আৰু বৰ্তমান সময়তো শিশু সাহিত্যৰ সৃষ্টিত অহৰহ ব্ৰতী হৈ থাকি বিশেষভাৱে উল্লেখনীয় অৱদান আগবঢ়াই আছে , সেইসকলৰ ভিতৰত এজন হ’ল শিশু সাহিত্যিক তিলো সোণোৱাল । শিশু তথা কিশোৰসকলৰ সুস্থ মানসিক বিকাশৰ লগতে তেওঁলোকৰ মনত বিজ্ঞান মানসিকতা আৰু অনুসন্ধিৎসু ভাবৰ উন্মেষ ঘটাই তেওঁলোকৰ সৃষ্টিশীল মনবোৰত সাৰ - পানী যোগাই অহাত তেওঁৰ অৰিহণা অনস্বীকার্য । 

        ১৯৫৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ বৰহোলা –ৰাইডাংজুৰি অঞ্চলৰ মাটিখোলা গাঁৱৰ এটি নিৰক্ষৰ কৃষক পৰিয়ালত জন্মগ্রহণ কৰা লেখক সাহিত্যিক তিলো সোণোৱালে তিনি দশক কাল ধৰি অসমৰ বিভিন্ন কাকত , আলোচনীত নিয়মীয়াকৈ শিশু আৰু কিশোৰসকলৰ সৰ্বাংগীণ বিকাশ আৰু উন্নতিৰ বাবে লিখি আহিছে । তেওঁৰ পিতৃৰ নাম স্বৰ্গীয় মোলাৰাম সোণোৱাল আৰু মাতৃৰ নাম স্বৰ্গীয়া ৰূপেশ্বৰী সোণোৱাল । হাইস্কুলত পঢ়ি থাকোতে ‘ দৈনিক অসম ' কাকতত এটি সাঁথৰেৰে আত্মপ্রকাশ কৰা তিলো সোণোৱালে তেতিয়াৰ পৰা একাণপটীয়াকৈ সাহিত্য চৰ্চা কৰি শিশু সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তিলো সোণোৱাল এজন প্ৰবন্ধকাৰ আৰু সাংবাদিকো । তেওঁৰ ‘ অকণিৰ টেলিফোন ’ শীর্ষক শিশু গ্ৰন্থৰ বাবে অসম সাহিত্য সভাই ১৯৯০-৯১ চনৰ ‘ নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা’ৰে পুৰস্কৃত কৰে । বৰহোলা ৰাইডাংজুৰিৰ সুসন্তান তিলো সোণোৱালে পূৰ্বতে ’ দৈনিক জনমভূমি ’ , ‘ আমাৰ অসম ’ , ‘ জনসাধাৰণ ’ আদি কাকতৰ সংবাদদাতা হিচাপে  সেৱা আগবঢ়োৱাৰ লগতে যোৰহাট জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ দুটা কাৰ্যকালৰ সদস্য হোৱাৰ লগতে অসম সাহিত্য সভাৰ ভাষা,জ্ঞান পৰীক্ষা সংসদৰ সচিব আদি সামাজিক দায়িত্ব গ্ৰহণ কৰি সামাজিক দিশত বৰঙণি আগবঢ়াই আহিছে ।সামাজিক দায়িত্ব আৰু ব্যস্ততাপূৰ্ণ কৰ্ম জীৱনৰ মাজতে ধাৰাবাহিকভাৱে কৰি অহা সাহিত্য চৰ্চাৰ বাবেই তেওঁ ২০১৬-১৭ বৰ্ষত অসম চৰকাৰৰ 'সাহিত্যিক পেন্সনাৰ ' স্বীকৃতি পাবলৈ সক্ষম হয় । 

       শিশু সাহিত্যিক তিলো সোণোৱালে পৃথিৱীৰ বিভিন্ন দেশৰ লোক সাধু , বৰেণ্য লোকসকলৰ জীৱন গাঁথা , সাহিত্যত নোবেল বঁটা বিজয়ীসকলৰ জীৱনী আদি সংৰচনাৰ লগতে অতি সাম্প্ৰতিক সময়ত গোলকীকৰণে গ্রাস কৰিব ধৰা সামাজিক পৰিৱেশ তথা জীৱন ব্যৱস্থাত শিশু - কিশোৰসকলৰ কচিবোধৰ পৰিৱৰ্তন ঘটাই সুচৰিত্ৰ গঠনৰ লগতে এক আদৰ্শ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে উৎসাহিত কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে । তেওঁ ইতিমধ্যে শিশু আৰু কিশোৰৰ বাবে ৰচনা কৰা একাংশ গ্রন্থ হ’ল ‘ মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ ( দুটা খণ্ড ) , ‘ অকণিৰ টেলিফোন ’ ( অসম সাহিত্য সভাৰ ‘ নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা প্ৰাপক ) ' , গ্ৰন্থমেলা আৰু মামা ভাগিন ’ , ‘ দেশৰ প্ৰান্তে প্রান্তে ’ , ‘ বিজ্ঞান সাধক ’ , ‘ কিশোৰ বিচিত্রা ( দুটা খণ্ড ) , ‘ বহুৱা নাচৰ ৰূপৰেখা ’ , ‘ সাহিত্যৰ নোবেল বঁটা ’ , ‘ সোধনী ’ , ‘ কাব্যচয়ন ' , ‘ পপী পলী আৰু টাপি টিপি ’ , ‘ চৰাইৰ জগতখন ’ , ‘ চিত্র বিচিত্র কথা ’ , ‘ ৰজা আৰু টোকোৰা চৰাই ’ , ‘ সোণোৱালৰ সাধুকথাঃ ৰজাৰ জন্ম কথা ’ , ‘ ইটো সিটো - বহুতো ’ ইত্যাদি । 

         সাহিত্যিক তিলো সোণোৱালে দীর্ঘদিনীয়া সাধনাৰে শিশু আৰু বাবে উপযোগী এক অভিনৱ গদ্যশৈলী নিৰ্মাণ কৰিছে । তেওঁৰ গদ্য অতি মার্জিত , সুশৃঙ্খলিত আৰু শুৱলা । তেওঁৰ লেখাত শিশু সাহিত্যৰ সকলো বৈশিষ্ট্য আৰু গুণ নিহিত হৈ থাকে । তেওঁ ৰচনা কৰা শিশু উপযোগী অতি মনোৰম গ্ৰন্থসমূহৰ ভিতৰত এখন হ’ল ‘ অকণিৰ টেলিফোন ' । টেলিফোনৰ জন্মলগ্নৰ পৰা আজিৰ ভ্ৰাম্যমাণ ‘ মবাইল লৈকে চমু ইতিহাস বর্ণনা কৰি অতি আকর্ষণীয় আৰু সহজ - সৰল গদ্যত লিখা এই পুথিখনে শিশুৰ মনত অনুসন্ধিতসু মনোভাব জাগ্রত কৰাত সফল হৈছে । টেলিফোনৰ আৰম্ভণিৰ পৰা ক্ৰমবিকাশৰ বিভিন্ন সময়ৰ বহুতো প্ৰাসংগিক আৰু মূল্যবান চিত্ৰৰে সমৃদ্ধ এই পুথিখনৰ বাবে লেখক সোণোৱালে ‘ অসম সাহিত্য সভাৰ ১৯৯০-৯১ চনৰ নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা কৰিছিল । লেখকৰ সোণোৱালৰ আন এক উল্লেখনীয় গ্রন্থ হ'ল ‘ গ্রন্থমেলা আৰু মামা - ভাগিন ' । অসমীয়া সাহিত্যত এক উল্লেখযোগ্য সংযোজন হিচাপে উচ্চ প্রশংসিত হোৱা মনোৰম ৰচনা শৈলীৰ শিশু গ্ৰন্থখনত নিজে মোমায়েকৰ ভূমিকাত অৱতীৰ্ণ হোৱা লেখক আৰু ভাগিন ( পাপলু ) ৰ মাজত ৰসাল কথোপকথনৰ মাজেদি গ্রন্থমেলাৰ ইতিহাস আৰু ইয়াৰ উপযোগিতা , প্ৰথম অসমীয়া ছপা পুথি ‘ ধৰ্মপুস্তক’ৰ কথা , বিশিষ্ট ব্যক্তিসকলে জীৱন কালত কঠিন সংগ্ৰামৰ মাজেদি লাভ কৰা সফলতাৰ কথাকে ধৰি বিভিন্ন প্ৰাসংগিক বিষয় অতি নিৰ্ভাজ আৰু ঘৰুৱা শৈলীত উপস্থাপন কৰা হৈছে । লেখকৰ আন এক গ্ৰন্থ ‘ বহুৱা নাচৰ ৰূপৰেখা ' ( THE GLIMPSE OF BAHUWA NACH ) অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ৰচিত । সোণোৱাল জনগোষ্ঠীৰ উৎসৱ বহুৱা নাচৰ বিষয়ে শিশু উপযোগীকৈ সচিত্র গীতিময় ৰূপত লিখা এই পুথিখন ‘ ফেসলা মোচানাচনী মহৰথি ' শীর্ষক শিৰোনামে বড়ো ভাষালৈ অনুবাদ অনুবাদ হৈছে । 

        শিশু সাহিত্যিক তিলো সোণোৱালে তেওঁৰ প্ৰতিখন গ্ৰন্থ বহু চিন্তা চৰ্চাৰে আৰু সুপৰিকল্পিতভাৱে ৰচনা কৰিছে । শব্দ নির্বাচন আৰু বাক্য নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ অতি সজাগ - সচেতন । সুদীর্ঘ সাধনাৰে তেওঁ শিশু - কিশোৰৰ বাবে সৰ্বতোপ্ৰকাৰে উপযোগী এক অভিনৱ গদ্যশৈলী নিৰ্মাণ কৰিছে । উপযুক্ত স্থানত উপযুক্ত শব্দ ব্যৱহাৰ কৰি তেওঁ কম পৰিসৰতে বা এটা চুটি লেখাতে গুৰুত্বপূৰ্ণ বিষয় এটা আকর্ষণীয় আৰু মনোগ্রাহীকৈ উপস্থাপন কৰাত তেওঁ বিশেষ দক্ষতা আৰু সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে । তেওঁৰ লেখাবোৰ পঢ়াৰ পিছত শিশু - কিশোৰসকলৰ মনবোৰ প্ৰজ্জলিত হৈ উঠে । তেওঁৰ লেখাই শিশু - কিশোৰসকলক মানসিক পৰিপুষ্টি যোগোৱাৰ লগতে তেওঁলোকৰ নৈতিক , চাৰিত্ৰিক আৰু বৌদ্ধিক বিকাশ সাধন কৰে । সময়ৰ লগে লগে শিশু তথা কিশোৰসকলৰ চিন্তা ভাবনাৰ সালসলনিৰ প্ৰতি সামঞ্জস্য ৰাখি ৰচনা কৰা তেওঁৰ সাহিত্যই সকলোকে আকর্ষণ কৰে । শিশু আৰু কিশোৰসকলৰ বাবে লিখা তেওঁৰ সুন্দৰ গ্ৰন্থৰাজিৰ ভিতৰত ‘ বিজ্ঞান - সাধক ' গ্ৰন্থখনত ২৪ গৰাকী মহান বিজ্ঞানীৰ জীৱনৰ কঠিন সংগ্রাম আৰু লক্ষ্যত উপনীত হোৱাৰ পথত হোৱা জয় - পৰাজয়সমূহৰ বিষয়ে চমুকৈ এনেদৰে প্ৰকাশ কৰিছে , যাতে সেই কথাবোৰে শিশু আৰু কিশোৰসকলক অনুপ্রাণিত কৰে । একেদৰে লেখকৰ ‘ সাহিত্যত নোবেল বঁটা ’ গ্ৰন্থখনত ১৯০১ চনৰ পৰা ১৯৫০ চনলৈকে এই অর্ধ শতাব্দী কালত সাহিত্যৰ নোবেল বঁটা বিজয়ীসকলৰ জীৱন আৰু সাহিত্যৰ সৃষ্টিকৰ্মৰ বিষয়ে চমুকৈ অথচ প্রাঞ্জল ভাষাত যুগুত কৰি অসমীয়া ভাষাত এনে গ্ৰন্থৰ অভাৱ পূৰণ কৰিবলৈ প্ৰয়াস কৰিছে । গ্ৰন্থখনত নোবেল বঁটা প্ৰাপকসকলৰ জীৱন জীবিকা , সাহিত্য প্রতিভা আদিৰ বিষয়ে লেখকে কম কথাতে সুন্দৰভাৱে লিখাৰ লগতে ‘ প্ৰসংগঃ নোবেল বঁটা ' শীর্ষক এক তথ্য সমৃদ্ধ আৰু চিন্তা উদ্দীপক লেখা পৰিশিষ্টত সংযোগ কৰিছে । লেখক তিলো সোণোৱালৰ জনপ্ৰিয় পুথিসমূহৰ ভিতৰত ‘ কিশোৰ বিচিত্ৰাঃ প্ৰথম আৰু দ্বিতীয় খণ্ড ’ ত শিশু আৰু কিশোৰসকলে জানিবলগীয়া বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ লেখা সন্নিৱিষ্ট কৰিছে । সাংস্কৃতিক জগত , ক্রীড়া জগত , বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান , বৰেণ্য ব্যক্তিৰ পৰিচয়ৰ লগতে আধুনিক কালত গোলকীকৰণৰ ফলত সৃষ্ট বিভিন্ন উপকৰণসমূহৰ বিষয়ে শিশু আৰু কিশোৰসকলৰ বাবে অতি উপযোগীকৈ লিখিছে । ‘ মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ ’ পুথিখনৰ প্ৰথম আৰু দ্বিতীয় খণ্ডত ৩৫ গৰাকী বৰেণ্য ব্যক্তিৰ জীৱন আৰু কৰ্মৰ বিষয়ে চমু আলোকপাত কৰিছে । ‘ পপী , পলী আৰু টাপি - টিপি ’ নামৰ আকৰ্ষণীয় পুথিখনত লেখক সোণোৱালে চৰাইৰ বিচিত্ৰ জগতখনৰ বিষয়ে এনেদৰে উপস্থাপন কৰিছে যে শিশু আৰু কিশোৰসকলৰ লগতে বয়সস্থসকলেও এই পুথিখনৰ জৰিয়তে সেই জগতখনত প্ৰৱেশ কৰি আনন্দ আৰু এক অনন্য জ্ঞান সমৃদ্ধ অভিজ্ঞতা অর্জন কৰে । একেদৰে ' চিত্র - বিচিত্র কথা ’ পুথিখন শিশু , কিশোৰৰ লগতে বয়স্কসকলৰ মনবোৰো উজ্জীৱিত কৰিব পৰা বিভিন্ন বর্ণাঢ্য কাহিনী আৰু ব্যক্তি বিশেষৰ ব্যক্তিত্বৰ এখন অতি সুখপাঠ্য পুথি । লেখক তিলো সোণোৱালৰ আন এক উল্লেখনীয় পুথি ‘ সোণোৱালৰ সাধু কথা'ত সন্নিৱিষ্ট কৰা ‘ ৰজা টোকোৰা চৰাই ' আৰু ‘ ৰজাৰ জন্মকথা'ই শিশু মনক সহজে আকর্ষণ কৰে । লেখকে এক বিশেষ উদ্দেশ্যত পুথিখনৰ প্ৰথমটো সাধু কথা ৰজা আৰু টোকোৰা চৰাইৰ ইংৰাজী ভাষান্ত The king and the Weaver Bird সংযোগ কৰিছে । ৰজাৰ জন্মকথা ' নামৰ সাধুটোত শদিয়াত ৰাজত্ব কৰা কছাৰীসকলৰ আদি ৰজাগৰাকীৰ জন্ম ৰহস্য
দাঙি ধৰিছে । লেখকৰ আন এক জনপ্রিয় পুথি ‘ ইটো - সিটো বহুতো’ত অন্তর্ভুক্ত সময়োপযোগী বিজ্ঞান বিষয়ৰ বিভিন্ন কথা , নীতিশিক্ষা , বিশেষ দিৱস , পৰা কথা আদিৰ লগতে কছাৰীসকলৰ মাজত প্ৰচলিত কেইবাটাও জনপ্রিয় সাধু কথাই শিশুসকলৰ মনত অনাবিল আনন্দৰ সমল যোগাব পাৰে । 

     লেখক - সাহিত্যিক তিলো সোণোৱালে সুদীর্ঘ কাল ধৰি বিৰামহীনভাবে সৃষ্টিকৰ্মত ব্ৰতী হৈ থাকি অসমীয়া সাহিত্যৰ ভঁৰাললৈ বিশাল পৰিমাণৰ ৰচনা সম্ভাৰৰ অবদান আগবঢ়াইছে । তেওঁৰ ইতিপূর্বে প্রকাশিত ৰচনা সম্ভাৰৰ ভিতৰত ওপৰত উল্লেখিত শিশু আৰু কিশোৰ উপযোগী গ্রন্থসমূহক লৈ ' তিলো সোণোৱালৰ শিশু আৰু কিশোৰ ৰচনাৱলী ( প্রথম খণ্ড ) ' ইতিমধ্যে প্রকাশ হৈ গৈছে আৰু শিশু , কিশোৰসকলৰ লগতে সকলো বয়সৰ পঢ়ুৱৈৰ মাজত সমাদৰ লাভ কৰিছে । উন্নত মানৰ ছপা , বিষয়বস্তুৰ সৈতে প্ৰাসংগিক ক’লা - বগা ছবিৰে পৰিপূৰ্ণ , মার্জিত সাজ - সজ্জা , নিখুঁত অক্ষৰ বিন্যাস , আকর্ষণীয় বেটুপাতেৰে সৰ্বাংগ সুন্দৰ এই খণ্ডটিত সন্নিৱিষ্ট লেখাসমূহৰ পঠন পাঠনৰ দ্বাৰা শিশু আৰু কিশোৰসকলৰ মানসিক , বৌদ্ধিক আৰু নৈতিক উৎকর্ষ সাধন কৰিবলৈ সক্ষম হোৱাৰ লগতে বয়স্কসকলেও বহু নজনা কথা জানিবলৈ সক্ষম হৈছে । এই ৰচনাৱলী তথা গ্ৰন্থখন শিশু সাহিত্যৰ বুৰঞ্জীত নিসন্দেহে এক অমূল্য সম্পদ হৈ জিলিকি থাকিব । সাহিত্যিক সোণোৱালৰ ‘ শিশু আৰু কিশোৰ ৰচনাৱলী ( প্রথম খণ্ড ) ' কেইখনমান গ্রন্থহে অন্তর্ভুক্ত কৰা হৈছে । তেওঁৰ অধিকাংশ গ্ৰন্থই এতিয়াও ৰচনাৱলী হিচাপে প্ৰকাশ হ’বলৈ বাকী আছে । বিগত সময়ত প্ৰকাশিত তেওঁৰ সকলো লেখা তথা ৰচনা একত্ৰিত কৰি প্ৰকাশ কৰিবলৈ কেইবাটাও খণ্ডৰ প্ৰয়োজন হ'ব । আগন্তুক সময়ত তেওঁৰ ৰচনাৱলীৰ পৰৱৰ্তী খণ্ডসমূহ প্ৰকাশ হোৱাৰ আশা আছে । কর্মযোগী তিলো সোণোৱালে বর্তমান সময়তো অতি সক্রিয়ভাৱে সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে আৰু প্ৰায় প্রতিদিনেই তেওঁৰ কলমত নতুন সৃষ্টিৰ উন্মেষ ঘটি আছে । শেহতীয়াকৈও ‘ ৰং - বিৰং','বিজ্ঞান , সমাজ আৰু সাহিত্য ’ , ‘ ৰং ৰং নানা ৰং ’ , ‘ হিমাৰ তৰাণি ভ্ৰমণ আৰু অন্যান্য ’ আদিকে ধৰি তেওঁৰ কেইবাখনো গ্রন্থ প্ৰকাশ হৈছে । বিভিন্ন কাকত - আলোচনীত তেওঁৰ লেখা নিয়মীয়াকৈ প্ৰকাশ হৈ আছে । 

      এগৰাকী প্রতিষ্ঠিত লেখক - সাহিত্যিক হিচাপে ইতিমধ্যে সুপৰিচিত হৈ পৰা তিলো সোণোৱালৰ বিষয়ে এই কথা উল্লেখৰ আৱশ্যক যে তেওঁ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকি নীৰৱে সাহিত্য চৰ্চাত নিমগ্ন হৈ থকা নাই । শিশু আৰু কিশোৰ সকলৰ সৰ্বাংগীণ উন্নয়ন আৰু মংগলৰ বাবে তেওঁ বিভিন্ন কার্যত সক্রিয়ভাৱে নিয়োজিত হৈ আছে । তেওঁ বহুসংখ্যক সামাজিক , সাহিত্যক , সাংস্কৃতিক , শৈক্ষিক অনুষ্ঠানৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ আছে । কৃষিকাৰ্যৰ সৈতেও তেওঁ ওতপ্রোতভাৱে জড়িত । অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁক এগৰাকী শিক্ষাবিদ হিচাপে মান্যতা প্ৰদান কৰি সময়ে সময়ে বিভিন্ন শৈক্ষিক দায়িত্ব প্ৰদান কৰি আহিছে আৰু তেওঁ স্বেচ্ছামূলকভাৱে সেই দায়িত্ব পালন কৰি আহিছে । 

      এগৰাকী সুবক্তা হিচাপে বিভিন্ন সভা - সমিতিলৈ নিমন্ত্রিত হৈ তেওঁ সমগ্ৰ অসমখন ভ্ৰমি ফুৰে । সদা হাস্যমধুৰ স্বভাৱৰ , সুস্বাস্থ্যৰ অধিকাৰী , মৃদুভাষী সুসাহিত্যিকগৰাকীৰ সুন্দৰ ব্যক্তিত্বই সকলোকে আকর্ষণ কৰে । তেওঁৰ অনুপম শিষ্টাচাৰে লগ পোৱা প্ৰতিজন ব্যক্তিৰ মনত স্মৰণীয় প্ৰভাৱ পেলায় । শিশু আৰু কিশোৰসকলে মাজত তেওঁ অতি জনপ্রিয় । তেওঁৰ জীৱন আৰু কৰ্মৰ মূল্যায়ন কৰি ‘ সৌজন্যশিখৰ তিলো সোণোৱাল ’ নামৰ এখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈ গৈছে । এই গ্ৰন্থখনত কেই বাগৰাকী লেখক - সাহিত্যিক , গুণী জ্ঞানী ব্যক্তিয়ে তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে বিশ্লেষণ আহ বঢ়াইছে । অতি পিছপৰা আৰু দুৰ্গম অঞ্চলৰ এখন অখ্যাত গাঁৱৰ পৰা বহল পৃথিৱীখনৰ সৈতে যোগাযোগ ৰক্ষা কৰি সাহিত্য সংবাদ জগতখনৰ লগতে সামাজিক - সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰভাৱ পেলোৱা তেওঁৰ সবল স্থিতিয়ে বহুতকে বিস্মিত কৰি তোলে । তেওঁৰ সময়ানুৱৰ্তিতা আৰু অসাধাৰণ পৰিশ্ৰম শক্তি সহস্ৰজনৰ আদৰ্শ হৈ পৰিছে । বয়সৰ জোখেৰে তেওঁ ইতিমধ্যেই তিনি কুৰি পাৰ কৰিলে যদিও এগৰাকী উদ্যোগী যুৱকৰ দৰে তেওঁ সদা কর্মব্যক্ত হৈ আছে । তেওঁৰ কলমেৰে উন্মেষ ঘটি আছে নিতৌ নতুন নতুন সৃষ্টি । আহি বলগীয়া দিনবিলাকত তেওঁৰ ৰচনাৱলীৰ পৰৱৰ্তী খণ্ডসমূহ পঢ়িবলৈ পাম বুলি এজন সাধাৰণ পাঠক হিচাপে আমাৰ আশা আছে ।


◆সঞ্জীৱ উদ্দিন আহমেদ
◆সঞ্জয় ৰবিদাস
ঠিকনা:বৰহোলা, যোৰহাট ।
ফোন: ৬৯০১১৫৪৫৮৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)