পবিত্ৰ ঈদ আৰু অপ সংস্কৃতি

Rinku Rajowar
0
পবিত্ৰ ঈদ ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ।  ৰাজ্যবাসীয়ে অতি উলহ - মালহেৰে পালন কৰিছে পবিত্ৰ ঈদ।এই পবিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়।
ঈদ উপলক্ষে পৰ্যটন এলেকাত বহু মানুহেই পৰিয়াল সহ ফুৰিবলৈ যায়। কিন্তু সেই সকল বিশেষ ঠাইত দেখিবলৈ পোৱা যায় এচাম যুৱকৰ দল । ঈদ উপলক্ষে এই সকল যুৱকে টেম্পু,পিক আপত ছাউণ্ড ছেট লৈ ৰাস্তা ঘাটত অদ্ভূত আচৰণ কৰি সাধাৰণ মানুহৰ মন - মানসিকতা নষ্ট কৰি দিয়ে। উচ্চ শুৰত গান বজায় আৰু ছোৱালী মানুহ দেখিলে চিঞৰ বাখৰ কৰি অশ্লীল আচৰণ কৰি সমাজত লেতেৰা পৰিবেশৰ সৃষ্টি কৰে।
এয়া কেনে ধৰণৰ সংস্কৃতি ?
ইছলামে এনে ধৰণৰ আচৰণক কেতিয়াও স্থান নিদিয়ে।
অতীতৰ ঈদ আৰু বৰ্তমানৰ ঈদৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। কাৰণ অতীতৰ ইছলাম যুৱ সমাজ এনে অভদ্ৰ আচৰণ কৰা নাছিল।এই ক্ষেত্ৰত অৱিভাৱকৰ কৰণীয় একো নাই নে?
অশেষ আনন্দৰ বাৰ্তা লৈ যেতিয়া ঈদৰ কাঁচি জোন পশ্চিম দিগন্তত ভাহি উঠে তেতিয়া সৰ্বস্তৰৰ মানুহৰ হৃদয়ত বৈ যায় আনন্দৰ বন্যা। শিশু কিশোৰ সকল আনন্দত উৎফুল্লিত হৈ উঠে।এই ঈদ আল্লাহৰ পক্ষৰ পৰা এটি নি'য়ামত (কৃপা)। ইছলামী দিক নিৰ্দেশনা অনুযায়ী যদি আমি ঈদ উদযাপন কৰোঁ তেন্তে এফালে যেনেকৈ ঈদৰ অনাবিল আনন্দত মতলীয়া হৈ উঠিব আমাৰ পাৰ্থিৱ জীৱন আন ফালে আল্লাহৰ সন্তুষ্টি লাভত ধন্য হ'ব আমালোকৰ পৰকালিন(মৃত্যুৰ পিছৰ সময়) জিন্দেগী (জীৱন)।
ঈদৰ প্ৰকৃত অৰ্থ কি?
কেৱল দামী পোছাক, ৰঙীন কাপোৰ, আৰু বিভিন্ন ধৰণৰ সুস্বাদু খোৱা আৰু নানা ধৰণৰ আনন্দ উৎসৱৰ নাম ঈদ নহয় । ঈদৰ উদ্দেশ্যে কি সেইটো আল্লাহ তা'আলাই আয়াতৰ মাধ্যমত প্ৰকাশ কৰিছে:"আৰু যেন তোমালোকে নিৰ্ধাৰিত সংখ্যা পূৰ্ণ কৰা আৰু তোমালোকক যে হিদায়ত দিছে, সেইবাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা।"(ছুৰা বাকাৰা১৮৫)।
এই আয়াতৰ পৰা প্ৰমাণিত হৈছে, ঈদৰ উদ্দেশ্য হ'ল দুটা:
১.আল্লাহৰ মহত্ব  আৰু শ্ৰেষ্ঠত্ব ঘোষণা কৰা।
২.আল্লাহে যি নিয়ামত (কৃপা) দান কৰিছে তাৰ বাবে আল্লাহৰ কৃতজ্ঞতা আদায় কৰা।
ঈদৰ আনন্দ নিৰ্মল, পবিত্ৰ আৰু অত্যন্ত মধুময়।
ঈদ উপলক্ষে যেতিয়া নিজ নিজ গৃহত আত্মীয় - স্বজন - প্ৰতিবেশী, বন্ধু -বান্ধব এজনে আনজনক দাওৱাত (নিমন্ত্ৰণ) দিয়ে, পৰস্পৰে পৰস্পৰক শুভেচ্ছা বিনিময় কৰে, ইজনে সিজনক উপহাৰ সামগ্ৰী আদান -প্ৰদান কৰে , তেতিয়া ঈদৰ আনন্দ আৰু মধুময় হৈ উঠে।
সুদৃঢ় হয় সামাজিক বন্ধন মনৰ মাজত ৰৈ থকা হিংসা - বিদ্বেষ , ক্ৰোধ তিক্ততা দূৰ হৈ পাৰস্পৰিক ভালপোৱা, বন্ধুত্ব,সহমমিতা  সন্মানবোধ জাগ্ৰত হয়। 
জীৱনৰ প্ৰতিটো অঙ্গনত বৈ যায় শান্তিৰ সুবাস যিয়ে প্ৰভাৱত আলোৰ দৰেই স্বচ্ছ,নিৰ্মল ও নিস্কলুষ
কিন্তু আধুনিকতাৰ পৰখ পাই কিছু যুৱকে অজ্ঞাতৰ বশবৰ্তী হৈ ঈদৰ দিনত নানান ধৰণৰ অপ সংস্কৃতিত লিপ্ত হোৱা দেখা যায়। ইয়াৰ বাবে দায়ী কোন?
ইছলাম ধৰ্মৰ যাজক সকল ইছলাম ধৰ্মৰ প্ৰতি জন ধৰ্ম গুৰুয়ে সভা - সমিতিত কোৰাণ আৰু হাদিছৰ প্ৰতিটো ধৰ্মীয় সু পৰামৰ্শ যুৱ সমাজৰ আগত উপস্থাপন কৰি এনে অপ সংস্কৃতিৰ পৰা ৰক্ষা কৰিব লাগিব।
লগতে আমাৰ সমাজৰ প্ৰতিজন জেষ্ঠ ইছলাম নাগৰিকৰ চকু দিয়া দৰকাৰ  আমাৰ  সমাজৰ যুৱ সমাজ কোন পথে গতি কৰি আছে। দুষ্ট কামত বাধা আৰু সৎ কামত উৎসাহ দিয়া প্ৰতি জন জেষ্ঠ নাগৰিকৰ কৰ্তব্য। সন্তানৰ ভৱিষ্যত আলোকিত কৰিবলৈ হলে প্ৰতিজন আৱিভাৱকৰ সন্তানৰ ওপৰত নজৰ ৰখা অতি জৰুৰী। আপোনাৰ সৰু এটা ভুলৰ কাৰণে আপোনাৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰ হ'ব পাৰে।এই ক্ষেত্ৰত প্ৰতিজন অভিভাৱকৰ কৰণীয় বহু আছে।প্ৰশাসনে এই ক্ষেত্ৰত চকু দিয়া দৰকাৰ যাতে কোনো যুৱকে আমাৰ সংস্কৃতিত আঘাত সানিব নোৱাৰে।
আজি কালি কিছু লোক অজ্ঞতাৰ বশবৰ্তী হৈ ঈদৰ দিনত নানান ধৰণৰ চৰিয়ত বিৰোধী কামত লিপ্ত হোৱা দেখা যায়।যেনে,নাচ গানৰ অনুষ্ঠান কৰা, ঈদৰ দিনত চিনেমা চোৱা আৰু তেনে বিভিন্ন অশ্লীল কৰ্মত মগ্ন হোৱা দেখা যায়। যিবিলাক মুঠেই ঠিক নহয়। সকলোৰে ওচৰত অনুৰোধ এটাই, ঈদৰ দিনত পৰ্যটন এলেকাত ফুৰিবলৈ যাওঁক কোনো বাধা নাই। টকা আপোনাৰ, পোছাক আপোনাৰ, অকল আচৰণ ভাল কাৰক। কাৰণ ইয়াত ভাল পৰিয়ালৰ মানুহ ফুৰিবলৈ যায়।
অৱশেষত, আল্লাহৰ ওচৰত কামনা কৰোঁ ঈদে আমালোকৰ জীৱনত ৰামধেনুৰ দৰেই ৰং বিয়পাই বাৰে বাৰে ঘুৰি আহক আৰু সেই ৰঙত ৰঙীন হৈ উঠক আমাৰ সংস্কৃতি। জীৱনৰ প্ৰতিটো মূহুৰ্ত হৈ উঠক ৰঙীন । ধুই মুচি পৰিস্কাৰ হৈ যাওক আমাৰ সকলো পাপ।


◾আব্দুল কাদেৰ মিঞা( দ: শালমাৰা মানকাচাৰ)
দূৰভাষ:+৯১৮৪৭২৮৮০২৮৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)