মহাৰথী হীৰুদা

Rinku Rajowar
0
অসমীয়া কাব্য জগতৰ,
জ্যোতিষ্মান নক্ষত্ৰ।
দুৰ্দান্ত শব্দৰ সৃষ্টিকৰ্তা,
সাহিত্যৰ ধৰা জীপাল কৰি,
 কবিতাৰ অমৃতধাৰাৰে ,বিশ্বক আপ্লুত কৰিলা। 
শান্ত , সৌম্য ,নিকা ভাৱমূৰ্তিৰ
তুমি জলন্ত প্ৰতীক।
সাহিত্য অকাডেমি বঁটা বিজয়ী,
সুগন্ধি পখিলাৰ কবি ,
তুমি নয়নৰ মণি, সকলোৰে প্ৰিয় কবি।
তোমাৰ বিস্মিত নেত্ৰত ,
অলেখ প্ৰজ্ঞাৰ আলোক।
সাধাৰণ জীৱন যাপন, উচ্চ চিন্তাৰ বাহক,
হে মহাৰথী হীৰুদা,
মোৰ ক্ষুদ্ৰ কবিতা গাথাঁৰে ,
 শ্ৰদ্ধাৰে সুঁৱৰিছোঁ,
চিৰস্থায়ী হওঁক ,তোমাৰ কাব্য কাননৰ আভা,
আমাৰ হৃদয়ৰ অটল গহ্বৰত ।
দীৰ্ঘস্থায়ী হওঁক, তোমাৰ কৰ্মৰাজি,
নিৰন্তৰে,চিৰন্তন যুগে যুগে।।
                      
                     ◾সীতা দেৱী, বিহপুৰীয়া।
                        লখিমপুৰ (অসম)
                        ২৮-০৭-২০২১.

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)