অজীৰ্ণ হৈছে - হেমেন হাজৰিকা

চাহিদাতকৈ যোগান বাঢ়িছে
উত্তৰ দক্ষিণ
দুয়ো দিশেই গধুৰ
আগুৱাব ও নোৱাৰি
পিছলৈকো যাব নোৱাৰি ।

বানে গধুৰ কৰিছে পেট
সহিব নোৱাৰা
মঙহৰ ভাৰ
ৰব নোৱাৰি
হৈ গৈছে ।।

লাজ লাগিছে
ৰোগৰ ভৰত
জিৰণি লৈছে ।।

     ✍️হেমেন হাজৰিকা
      ৰাণী কামৰূপ অসম

Post a Comment

Previous Post Next Post