সম্পাদকীয় - ২০২২ জুলাই মাহৰ সংখ্যা

Rinku Rajowar
0
"চেগুন কাঠেৰে সজা
 দেউতাৰ এটা আলমাৰি
 ভিতৰত ৰাশি ৰাশি
 ৰবীঠাকুৰ টলষ্টয় প্ৰেমচান্দ আদি
 হয়তো মোক এটা জীৱন দিয়াৰ
 প্ৰয়াসৰ সাক্ষী
 
 এতিয়া
 মোৰো আছে দুটামান গডৰেজ আলমাৰি
 ভিতৰত বেংকৰ পাছবুক
 শ্বেয়াৰৰ হিচাপ টেক্সৰ ফাইল
 সোণ হীৰা গহনাৰ মখমল মোনা..."

কবি প্ৰণয় ফুকনে উপৰোক্ত 'মোৰ দীনতা' শীৰ্ষক কবিতাটোৰ সমাপ্তি ঘটাইছে এইদৰে - "অনুভৱ কৰোঁ মোৰ দীনতা/ক্ৰমশঃ বাঢ়ি অহা মোৰ নিঃস্বতা ।"

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাৰ প্ৰথম স্থান লাভ কৰা‌ মেধাৱী , অমায়িক ছাত্ৰজনৰ কথাষাৰে নিশ্চয় মন চুইছে আপোনাৰো - "মৃত্যুৰ পাছতো যাতে দুজন মানুহে হ'লেও মোক মনত ৰাখে এনে কাম কৰি যাব বিচাৰোঁ"। জীৱনৰ গূঢ়াৰ্থ উপলব্ধিৰ বস্তু । সময় বালিত খোজ থৈ বুকুৱে বুকুৱে ভ্ৰমিবলৈ প্ৰতিভাৱান কিশোৰজনে কৰা হেঁপাহকণ প্ৰত্যেকৰ হওক । বিশাল সম্পত্তি গঢ়িও শূন্য হাত লৈ পঞ্চভূতত বিলীন হোৱাজনৰ বিপৰীতে নিজ কৰ্মৰে মহীয়ান হোৱাজনে কিন্তু থৈ যাব পাৰে নিজক । অমল প্ৰেৰণা কিম্বা আদৰ্শৰ উৎস হৈ জীয়াই থাকে বহুতৰে মাজত । সকলো জনাৰ পাছতো কেনে এক পাৰ্থিৱ মোহে খেদি ফুৰে আমাক । সম্পত্তিৰ লোভত ভাই-ভাইৰ মাজৰ সংঘাতকে আদি কৰি আনৰ অনিষ্ট সাধি কৰা ভোগ-বিলাসৰ প্ৰৱণতাই হওক , জীৱনবোধৰ  উপলব্ধিয়ে সাঙুৰে নে বাৰু এনে কৰ্ম-ক্ৰিয়া ? বোধকৰোঁ বহুযোজন দূৰৈত এনে লোভ-লালসা । 
               
                শেহতীয়াকৈ বান আৰু ভুমিস্খলনে বহুলোকৰ প্ৰাণ কাঢ়ি নিয়া খবৰে অসমবাসীক মৰ্মাহত কৰিছে যিদৰে , অসমীয়া সাহিত্যলৈ অহা সু-খবৰে গৌৰৱান্বিত ও কৰিছে সমান্তৰালভাৱে । পৰী হিলৈদাৰীয়ে 'মামাং দাই' নামৰ ইংৰাজী ভাষাৰ উপন্যাসখনৰ অসমীয়া অনুবাদ 'দাঁতি পাৰৰ মানুহ' ৰ বাবে , ইন্দিৰা বড়োৱে জয়ন্তী গগৈৰ 'হিড়িম্বা' নামৰ উপন্যাসখন বড়ো ভাষালৈ অনুবাদ কৰাৰ বাবে আৰু ড° সঞ্জীৱ উপাধ্যায়ে হোমেন বৰগোহাঞিৰ 'পিতা-পুত্ৰ' নামৰ উপন্যাসখন নেপালী ভাষালৈ অনুবাদ কৰাৰ বাবে সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰিছে । আনহাতে , ক্ৰীড়া ক্ষেত্ৰখনত ইলোৰ্ডা কাপ বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিছে যমুনা বড়োৱে ।

              এই পৃথিৱীত কোনো স্থায়ী নহয় । গুণীজনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সু-কৰ্মৰে নিজৰ স্থায়িত্ব ৰক্ষাৰ হাবিয়াস নৱপ্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধিৰে জাগি উঠক । প্ৰতিযোগিতাৰ দৌৰত নিজৰ স্থিতি বাহাল ৰখাৰ সমান্তৰালভাৱে আমাৰ নৈৰ্ব্যক্তিক চিন্তাৰে আগুৱান হোৱাৰ আকাংক্ষা বিস্তাৰিত হওক । পাঠ্যপুথিত পঢ়াৰ দৰে সৌভাগ্য , ৰূপ , স্বাস্থ্য , বল ইত্যাদিয়ে কঢ়িয়াই অনা গৌৰৱৰ সলনি আমি যদি মনৰ পৰা ওপজা গৌৰৱেৰে গৌৰৱান্বিত হ'বলৈ প্ৰয়াস কৰোঁ , তেন্তে নিশ্চয় পূৰ্বোল্লেখিত কবিতাত কবিয়ে কোৱাৰ দৰে বাঢ়ি অহা দীনতা , নিঃস্বতা  অনুভৱ কৰাৰ বিপৰীতে আমি অনুভৱ কৰিবলৈ সক্ষম হ'ম জীৱনৰ অনাবিল প্ৰশান্তি , পাৰ্থিৱ সম্পদে দিব নোৱাৰা জীৱনৰ সৰ্বোচ্চ সন্তুষ্টি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)