নাৰীৰ জীৱনৰ আঁৰৰ কিছু কথা

নাৰী এগৰাকীক মাতৃ, ভগ্নী, পত্নী ইত্যাদি বিভিন্ন ৰূপে পাব পাৰি। কিন্তু ছোৱালী এজনী জন্মিলে মুখৰ উজ্বলতা নোহোৱা কথাটো আজি পৰ্য্যন্ত মাৰ নগ'ল। সেয়া লাগিলে প্ৰথম সন্তান বা দ্বিতীয় সন্তান যিয়েই নহওঁক কিয় ছোৱালীহে বুলি কথাষাৰ শুনা যাবই। সেই জন্মৰ দিন ধৰিয়েই আৰম্ভ হৈ যায় নাৰীৰ জীৱন গাঁথা। শৈশৱৰ পৰা কৈশোৰ কাললৈ পৰিয়ালৰ বিভিন্ন জনৰ কথা মতে উঠা বহা। গাভৰু হোৱাৰ লগে লগে আহি পৰে দ্বিতীয় খন বাধাৰ প্ৰাচীৰ। ক'ৰাবলৈ ওলাই গ'লে দেৰি কৰিব নোৱাৰি ঘৰৰ মানুহৰ তাগিদা। ল'ৰা এজনৰ লগত কথা পাতিব নোৱাৰি লাগিলে ল'ৰাজন ভাল বন্ধু বা জেঠী,পেহীৰ ল'ৰাই নহওঁক কিয় মানুহৰ জুমাজুমি আৰম্ভ হয়। বাইক এখন ঘৰৰ সন্মুখত ৰ'ব নোৱােৰে সকলোৰে কৌতুহল কোন আহিল, কিয় আহিল,চিনাকি ল'ৰা এজনে আদবাটতে খোজকাঢ়ি অহা দেখি যদি আগবঢ়াই থব আহে ওৰে বাটে ভাবি আহিব লাগিব যে ঘৰত কি ক'ম,ওচৰ চুবুৰীয়াই কি ক'ব। এনেবোৰ বিভিন্ন কথাৰ উত্তৰ দিবলৈ ছোৱালীবোৰে মগজুটো সক্ৰিয় কৰি ৰাখিবই লাগিব। ইফালে ২০ৰ দেওনা পাৰ হোৱাৰ লগে লগে আহিব বিবাহৰ প্ৰশ্ন। মাকক ক'ব আপোনাৰ ছোৱালী বিয়া  দিব পৰা হ'ল আৰু ছোৱালীক ক'ব বিয়া নাপাতা নেকি। এনেধৰনৰ প্ৰশ্নই ছোৱালী জনীক ভাৰাক্ৰান্ত কৰিব। লাহে লাহে চুবুৰীয়া তাৰ পিছত আলহী অতিথি কাৰো ঘৰত যাব নোৱাৰা পৰ্যায় এটা আহিব। প্ৰত্যেকৰে মুখত একে কেইটাই প্ৰশ্ন বিয়া নাপাতা নেকি? কোনোবা ৰাখি থোৱা আছে নেকি? গোটেই সমাজ খনৰে মুৰ কামোৰণি হ'ব। ছোৱালী এজনীক যেন সমাজেহে দায়িত্ব লৈ পুহি আছে। উপযুক্ত বয়সত ল'ৰাই ছোৱালী চাব আহিব। বিভিন্ন আড়ম্বেৰে চাহ জলপান খুৱাব লাগিব। ছোৱালী জনীক মাতি আনি বহুৱাই লৈ এনেদৰে প্ৰশ্ন কৰিব যেন চৰকাৰী চাকৰিৰ সাক্ষাৎকাৰতহে বহিছো তেনে লাগে।ছোৱালী জনীয়ে ল'ৰাজনক  যদি এষাৰ কথাও সোধা যায় সেয়া যেন ডাঙৰ অপৰাধ হৈ যায়। কিছুমানে পঢ়িব ইচ্ছা কৰে কিন্তু ঘৰৰ মানুহে ভাল ল'ৰা পায় বিয়া দিব খোজে যাৰ ফলত মানসিক অশান্তিত ভুগিব ল'গা হয় কেৱল ছোৱালীজনীয়ে। কিছুমানৰ অকণমান দেৰি হয় বিয়া খনত কিয়নো বিয়া এখন পাতো বুলিয়েই পাতিব নোৱাৰি  বিভিন্ন দিশ চালিজাৰি চোৱা যায়। যিহেতু গোটেই জীৱনটোৰ কথা আছে। কিন্তু সমাজখন গাঁওখনৰ মানুহে হয়তো অমুকৰ ছোৱালী জনী ৰ'ল বিয়া দিব নোৱাৰে বা ক'ত বা দিব ৰৈ আছে এনেধৰনৰ  কিছুমান কথা ক'ব আৰু এই কথাবোৰে ছোৱালী জনীক পীড়া কৰিব।

আজিকালিৰ যুগ প্ৰতিযোগিতাৰ যুগ বুলি আমি সকলোৱে কওঁ।বিজ্ঞানৰ ধামখুমীয়া বুলিও কওঁ। জাত পাতৰ কথাক লৈ বিভিন্ন জনে লিখে। বিজ্ঞানৰ শিক্ষকে লৰা ছোৱালীক অন্ধবিশ্বাস পুৰণিকলীয়া ৰীতি-নীতিৰ পাঠ পঢ়াই। কিন্তু তাৰ একাংশ ব্যক্তিয়ে ছোৱালী চাব আহি ছোৱালীৰ নাম, ৰাশি এইবোৰ শুনি মুখ কোঁচাই। খং মানুহৰ স্বভাৱ জাত প্ৰবৃত্তি। প্ৰত্যেক মানুহৰে খং আছে ই কোনো ৰাশিৰ ওপৰত ভিত্তি নকৰে।আকৌ পছন্দ হোৱাৰ পিছত ছোৱালী ভঙা মানুহ এচামো আমাৰ সমাজত বৰ্তি আছে।ছোৱালী জনী যিমান ভাল বুলি জনাৰ পিছতো যদি কোনোবাই সঁচাই মিছাই বদনাম গাই ফুৰে মনটো অলপ হ'লেও বেয়া লাগিবই।ফলাফলত ছোৱালীজনীক বিয়া কৰাবলৈ অনিচ্ছা কৰা দেখা যায়। কাৰোবাৰ ঘৰত যদি চাৰি পাঁচ জনী ছোৱালীহে ল'ৰা নাই সেইটোও বিবাহৰ ক্ষেত্ৰত যেন ডাঙৰ সমস্যা। কাতচিৎহে ব্যক্তি আছে যিয়ে এইবোৰ কথা নাভাবি ছোৱালীক গ্ৰহণ কৰে। ল'ৰাৰ প্ৰয়োজন হয়তো ঘৰ এখত বহুত বেচি আছে, দহজনী ছোৱালী থাকিলেও ৰুগীয়া মাক বাপেকলৈ  দৰব আনিব ৰাতি যাব নোৱাৰে কিন্তু সেই ক্ষেত্ৰত ল'ৰা থাকিলেও অৰ্থহীন যদিহে সেই লৰাই দায়িত্ব পালন নকৰে। ল'ৰা নাথাকিলেও সেই ঘৰ উকা হোৱা মই আজিলৈকে ক'তো দেখা নাই। সময় সাপেক্ষ জী-জোৱাই বা নাতি হ'লেও থাকে। তথাপিও নাৰীৰ ওপৰত যেন আঙুলি টোৱাই দিয়া মানুহৰ সীমা সংখ্যা নাই। এইবিলাক একোটা উদাহৰণহে এনেকুৱা বহুতো তিঁতা-কেঁহা অভিজ্ঞতা লৈ এজনী ছোৱালীয়ে  জীৱন জীয়াব লাগে। বৈবাহিক জীৱনৰ পিছতো নিজৰ ভাললগা বেয়ালগা বোৰ প্রয়োজনত ত্যাগ কৰি হ'লেও সেই স্বামী গৃহৰ মানুহ বোৰক সুখী কৰিব লাগিব। আজৰি পৰত কিবা এটা ভাল লগা কৰিব ল'লেও হয়তো কোনোবা আহি ওলাব আৰু নিজৰ ইচ্ছা আকাংক্ষাক মনত সুমুৱাই থৈ আনক শুশ্ৰুষা কৰিব লাগিব। প্ৰত্যেকেই যে তেনেকুৱা হব সেইয়া নহয় তাৰ মাজতো কিছু থাকে মধুৰ সম্পৰ্ক।যিয়ে বোৱাৰীক বুজে বা বোৱাৰীয়েও শাহুক মাতৃ জ্ঞান কৰে।

   আমি বৰ্তমানত জীয়াই আছো। মা' হ'তে কৰা ভুলবোৰ আমি আঙুলিয়াই দিব লাগিব কাৰণ আজিৰ সমাজত প্ৰত্যেক ছোৱালীয়ে শিক্ষিত। কিন্তু তাকে নকৰি শাহুৱেক, ননদ, গিৰীয়েক সকলো মিলি মাহ হালধিৰ গোন্ধ নোযোৱা বোৱাৰী জনীক কেৰাচিন ঢালি জ্বলাই মাৰে। কিছুমানে আকৌ এনে কৰ্ম কৰি আত্মহত্যাৰ ৰূপ দিয়ে। কিয়নো ইমান দোষনীয় হৈ পৰে ন কইনা জনী বুজিয়ে নাপাওঁ কোনোদিনে। নিজৰ সামৰ্থ্যৰে সকলো আচবাব নিয়াৰ পিছতো আৰু যৌতুক বুলি কি বাকী থাকে? সেই শাহুৱেকজনী বা ননদ জনী নাৰী নহয় নেকি? সহানুভূতি নাহে কিয় তেওঁলোকৰ?  এইবিলাক উত্তৰবিহীন প্ৰশ্ন একো একোটা। বহুতে নাৰীৰ পোচাকৰ ওপৰত আঙুলি টোৱাই এইটো ১০০শতাংশই ময়ো মানো। দেহৰ একাংশত যদি কাপোৰ নাথাকে আমাৰেই চকুত পৰে। কেতিয়াবা ইটোই সিটোক কোৱাও যায়, কি পিন্ধিছে এইযোৰ বুলি সেই ক্ষেত্ৰত পুৰুষৰ চকুত পৰাটো স্বাভাৱিক। কিছুমানে জোকাব তেতিয়া বেয়া পালে ন'হব। এই অশালীন পোচাক পাতিয়ে নিৰ্যাতিতা হ'বলৈ নাৰী গৰাকীক বাধ্য কৰায়। কিন্তু সেই তিনি চাৰি মহীয়া কেছুৱাটোকো শোৱাপাটীৰ পৰা উঠাই নি ধৰ্ষন কৰে এইবোৰ কি? এনে কিমান ধৰণৰ ঘটনা হয় নাৰীৰ ওপৰত তাৰ সীমা নাই। কিমান ত্যাগ আৰু কষ্ট হয় ছোৱালীৰ জীৱন যাত্ৰাত তাৰ পিছতো আজিৰ নাৰীয়ে কি কৰা নাই, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, আৰক্ষী বিষয়া আৰু কত কি যে সন্মানীয়  পদ অলংকৃত কৰিছে ।বিভিন্ন দিশতে নিজে স্বাৱলম্বী হৈছে। তথাপিও কোনোবা খিনিত যেন স্বাধীনতা হেৰুৱাওঁ তেনে লাগে। এখন সমাজত নাৰী চিন্তামুক্ত হৈ জীয়াই থাকিবলৈ হ'লে প্ৰথমে নাৰীয়ে নাৰীক সন্মান কৰিব লাগিব। বুজিব লাগিব মৰ্মবেদনা।উপহাস ঈৰ্ষা বাদ দি ইজনীয়ে সিজনীৰ প্ৰতি সহানুভূতিশীল হ'ব লাগিব তেতিয়াহে প্ৰত্যেক জনী নাৰীৰ জীৱনৰ আঁৰৰ কথাবোৰৰ সমাধান হ'ব।নাৰীক যদি সন্মান কৰিব কোনোবাই  নাজানে অসন্মান কৰাৰো অধিকাৰ নাই। 

◾মেঘালী বৰুৱা
হাজৰিকাপাৰা,দৰং

Post a Comment

Previous Post Next Post