স্বদেশৰ শব্দ

0
তই যে ভূমি পুত্ৰ অসম দেশৰ
তই যে খিলঞ্জীয়া এই মাটিৰ
তই যে লাচিতৰ  সন্তান এই জাতিৰ
আছে তোৰ পূৰ্ণ  অধিকাৰ এই ভেটিত ।

তই যে বাগৰুম্বা নাচৰ নাচনি 
তই যে মুলাগাভৰু এই দেশৰ 
বীৰ বীৰাংগনা অসম দেশৰ   
উত্তৰ পুৰ্ব্বাঞ্চলৰ এই সোণালী অসম দেশ ।

সমন্বয়ৰ ভেটি ইয়াতে আছে 
অন্যায়ৰ  বিৰুদ্ধে যুঁ‌জাৰ শক্তি আছে 
শোষণৰ প্ৰতিবাদ ইয়াতে হয়
প্ৰতিৰোধ সংগ্ৰামৰ ৰণ দুন্দুভি ইয়াতে বাজে ।

বিপ্লৱী শিল্পীৰ সংগ্ৰাম চলে
বিপ্লৱী গীতৰ সুৰ ইয়াতে বাজে  
শান্তিৰ বাণীৰে জাগৰণ আনে  
মহাত্মাৰ বাণীৰে অধিকাৰ বিচাৰে।

প্ৰৰোচনাত ভুল নাযায়  জাতি 
প্ৰতাৰণাই নিঃশেষ কৰিব নোৱাৰে ৰণ 
বঞ্চিত বেদনাৰ  ক্ষোভৰ উদ্গীৰণ 
ন্যায্য প্ৰাপ্তি বিচাৰি এই মহা সংগ্ৰাম ।

◾অনন্ত কুমাৰ ভুঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)