গাভিনী ভূত - দেৱ দাস

©Admin
0
“ অ’ মাঁ, অʼ মাঁ , কণীটো কেনেকৈ উঠি উঠি দৌৰি আছে চোৱানা! ” ৰুব্বুয়ে - খেলি থকাৰ পৰাই মাকক চিঞৰিলে।চিঞৰটো মাকৰ কাণত সোমাব নোৱাৰিলেগৈ। মাকহঁতে বহু দিনৰ পিছত লগপাই মন খোলি কথা পাতিবলৈ পাইছে। কোনে কোনখন চিৰিয়েল চায়, কোন এক্ট্ৰেছৰ লগত কাৰ লিলিমাই, কোনখন চিৰিয়েলত কোনে বাজে এক্টিং কৰিছে আদিৰ পৰা আৰম্ভ কৰি কোন ছোৱালী কাৰ বাইকত উঠি ঘূৰি ফুৰে, ল'ৰা-ছোৱালী কলেজত পঢ়া কোন জনীয়ে এতিয়াও বয়ফ্ৰেণ্ডৰ লগত ৰিলেশ্ব্যন ৰাখি টাইম পাছ কৰে , ক'ত ফুৰিবলৈ গৈ কোনে কʼৰ পৰা কি আনিলে, ফেচবুক হোৱাটচ্ আপৰ কি ডিপিত কোনে কিমান লাইক কমেণ্ট পাইছে আদি লৈকে হট্ ডিছকাশ্যনৰ বিষয় বস্তু আছিল। প্ৰতি জনীয়েই আনৰটো শুনাতকৈ নিজৰটো ক'বলৈ হে হেতাওপৰা লগাইছিল। কোনো কোনো সময়ত আটাই কেইজনীয়েই সমানে কয় । কোনেও কাৰো কথালৈ মন দিয়াৰ ইচ্ছাও নাই সময়ো নাই।
    “মাঁ, মাঁ চোৱা না । কণীটো কেনেকৈ দৌৰি দৌৰি ঘূৰি ফুৰিছে। মা- মাহী ! মাহী! তোমাৰ গাত উঠিব এতিয়া”। এইবুলি কৈ মাহীয়েকক হাতত ধৰি টানি দিলে আৰু কণীটো দৌৰি অহাৰ ফালে দেখুৱাই দিলে। ‘খালে ঔ’ বুলি চিঞৰ এটা মাৰি দৌৰি গৈ নিজৰ দুই বছৰীয়া জীয়েক ঝুম্পীক ডাঙি লৈ থু থু কৈ থুই পেলাই ভিতৰলৈ দৌৰি গ'ল। বাকী বোৰৰ মাজতো হুৱা-দুৱা লাগিল। উৱা!হয়োতো! সঁচাকৈয়ে কণী এটাই ইফালে সিফালে দৌৰি ফুৰিছিল। ভূত ভূত বুলি হায়ৈ বিয়ৈ কৈ আটাই কেইগৰাকী ভিতৰ পালেগৈ।
      চাদৰ ওপৰত ব্ৰীজ খেলি থকাৰ লগতে ভাত খোৱাৰ আগে আগে এপিটাইজাৰ লৈ থকা চি আৰ ভট্ট , চন্দ্ৰ হাজৰিকা, নাৰায়ণ কলিতাৰ লগতে দাস, মাহাতু , শইকীয়া , নাথ আৰু শৰ্মা উপাধিৰ কেইজন মান বন্ধু ; কেৱল তাচ খেল চাই থকা লক্ষ্য শৰ্মা আৰু তৰুণ শৰ্মা ; দিলীপ বৰা আৰু যাদৱ নাথে শাস্ত্ৰৰ আলোচনা কৰি থকাৰ মাজতে ভূপেন শৰ্মাৰ মিড দে মিল,পাকঘৰ, হৰলিক্স, হাইকোৰ্ট আৰু নিলম্বন আদিৰ উদাহৰণ ; এন্ধাৰতো ইফালে সিফালে মোবাইল ফোনেৰে ফটো তুলি থকা কল্প গগৈ আদি সকলোৰে একে লগে ৰস ভংগ ঘটিল। সকলোৱে গিলাছ , তাচ আৰু শাস্ত্ৰ আলোচনা এৰি ভূতৰ বিচৰণ থলিৰ ফালে তৰা-নৰা চিঙি নামি আহিল। মিচেছ সকলে কৰিদৰতে আকাৰে ইংগিতেৰে নিজৰ নিজৰ জনক যাবলৈ মানা কৰিছিল, কিন্তু কেইজন মানৰ বাদে আটাই কেইজন একেবাৰে আগ ফালৰ বাৰান্দা পালেগৈ। বাৰান্দাৰ লাইট টো ইতিমধ্যে জ্বলাই দি এন্ধাৰ হৈ থকা চোতালখন পোহৰাই দিয়া হৈছিল।  
     যোৱা বছৰ লকডাউনৰ পিছতে চিত্ত ৰঞ্জন ভট্টাচাৰ্য্যই ডাঙৰ ছোৱালী জনীৰ বিয়া পাতিলে। কঠোৰ এচ অ পিৰ বাবে বহু মানুহক মাতিব নোৱাৰিলে । নিমন্ত্ৰিত কেইজন মান আহিছিল যদিও নবহাকৈ নোখোৱাকৈ চছিয়েল দিস্টেনছ্ মেইনটেইন কৰি কইনাক আশীৰ্বাদ দি গুছি গৈছিল। পূজা এভাগত বহি থাকিব লগাৰ লগতে ৰাতিলৈ বৰযাত্ৰীৰ বাবে বন্দোবস্ত হৈ থকা মাছ খিনি কোনোবাই চাৰ্কিট হাউচলৈ ডকা-হকা দি লৈ যোৱাৰ বাবে টেনশ্যনত দূপৰীয়া নিজে ভোজনালয়লৈ গৈ সোধ পোছ কৰিব নোৱাৰিলে । ফলত তৰুণ নাথৰ দৰে দুজনমান ভোজন বিলাসী বন্ধুৱে, কেটাৰিঙৰ ল'ৰাবোৰে মাংস দুবাৰ নিদিয়াত অসন্তোষো কৰিছিল। সাতে সোতৰই মিলাই সিদিনা ৪০ সংখ্যক বিবাহ বাৰ্ষিকী বুলিয়েই কেইজনমান বন্ধুক সপৰিয়ালে ৰাতি ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিল। পিছফালৰ চোতালত কাৰিকৰে ফুল চুইঙত ৰন্ধা বঢ়া কৰিছে। দিনত দহটা কণীৰে ঘৰতে বনোৱা ‘৪০ সংখ্যক বিবাহ বাৰ্ষিকী’ লিখা চকলেট কেকটো কাটি , ভূজিয়া, শুকান মিঠাই আৰু অৰেঞ্জ জুচ খাই সকলোৱে ভাগে ভাগে এনজয় আৰু টাইম পাছ কৰি আছিল।

   খামি-ডাঠ কেইজন ওপৰৰ পৰা বীৰদৰ্পে নামি আহিছিল যদিও ইফালে সিফালে দৌৰি ফুৰি মাজে মাজে মূৰ তুলি চোৱাৰ দৰে কৰা যখিনী নে ডাইনীৰ কণীটো দেখি সকলো তাতেই ৰৈ গ'ল।দুজন মানে বাৰান্দাৰ পৰাই মোবাইল ফোনেৰে ফটো তুলি আছিল।
    খোলা গেটেৰে ঢলং পলং কৈ কোনবা এজন সোমাই আহিল। ‌ ‘নাহিব,নাহিব ’ সমবেত কন্ঠত ফিটিং হৈ অহা সপোন শইকীয়াক সাৱধান বাণী শুনালে। 
  ‘চাব,চাব ! সেইটো! সেইটো!
 ‘‘ এইটো কি বে ?”এই বুলি সি কণী ভূতটোক গুৰিয়াই দিলে। গোৰটো খাই ইমান পৰে ইমান বোৰ মানুহৰ চকুত নপৰা,অথচ চকুৰে জলক তবক দেখি অহা সপোনৰ চকুত ধৰা পৰা ভূতে হেলমেটৰ দৰে পিন্ধি ঘূৰি ফুৰা কণীৰ খোলাটো এৰি দৌৰ মাৰিলে। 

   সকলোৰে ভয় গুছিল। বিভিন্ন জনে দিয়া বিভিন্ন মন্তব্যৰ ভিত্তিত হোৱা সৰ্বসন্মত সিদ্ধান্তটো এনেকুৱা- কোনোবাই কণীৰ মূৰা ভাঙি অমলেট বনাইছিল।পৰিথকা খোলাটোৰ ভিতৰত মুখ সোমোৱাই ৰৈ যোৱাকণ খাওঁতেই মূৰটো লাগি ধৰিছিল। অন্ধকাৰ দেখি ইফালে সিফালে দৌৰি ফুৰিছিল .....
   সপোনে চেন্দেল এপাত নলাৰ পৰা বিচাৰি আনি কলে- “ ডালশলিয়া জনী গাভিনী আছিল আইঅ’। নেমাৰিলোঁ আৰু।

✍️দেৱ দাস।
     তেজপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)