নিৰ্বাসিত কিৰাট কোঁৱৰ আৰু য়াব-ইয়ুম - চুমিন্দ্ৰ চৌধুৰী

©Admin
0
জেচিবি নামৰ বহুজাতিক প্ৰতিষ্ঠানটোত কৰ্মৰত হৈ থাকোতে বহুবাৰ মই ৰাজতান্ত্ৰিক ভূটানৰ বিভিন্ন ভিতৰুৱা অঞ্চল ভ্ৰমণ কৰিবলৈ সুযোগ লাভ কৰিছিলোঁ। এবাৰ কামৰ অচিলা লৈ মধ্য ভুটানৰ ট্ৰংছা জিলাৰ নাবজী নামৰ এখন গাঁওত উপস্থিত হৈছিলোঁ। সেই যাত্ৰাৰ সময়ত থিম্ফুৰ পৰা প্ৰায় তিনিশ কিলোমিটাৰ দূৰৈৰ নাবজী গাওঁখনৰ পথাৰৰ মাজত থকা এটা আচৰিত মন্দিৰ দৰ্শন কৰিবলৈ সুযোগ পাইছিলো। সেই মন্দিৰটোৰ স্থাপনৰ আৰঁত অসমৰ পৰা নিৰ্বাসিত হোৱা কিৰাট ৰাজকোঁৱৰৰ কথা জানিব পাৰি সচাঁই আচৰিত হৈছিলোঁ। কিয়নো সেইজন কিৰাট কোঁৱৰৰ বিষয়ে কেতিয়াও ক'তো পঢ়া বা শুনা মনত নপৰে।  
    আজি নাবজীৰ সেই বিশেষ মন্দিৰ আৰু অসমৰ পৰা নিৰ্বাসিত হোৱা কিৰাট ৰাজকোঁৱৰৰ জনৰ কথাকে 
 আপোনালোকক অৱগত কৰাব বিচাৰিম। 

    প্ৰাক্ঐতিহাসিকবিদ সকলৰ মতে এশৰ পৰা ছশ খ্ৰীষ্টাব্দলৈ ভূটানৰ উত্তৰ আৰু মধ্যভাগ ভোট অৰ্থাত তিব্বতৰ অন্তৰ্ভুক্ত আছিল। তিব্বত সাম্ৰাজ্যৰ এই সৰু অংশটোৰ নাম আছিল মনিয়ূল আৰু ইয়াত বাস কৰিছিল মনপা নামৰ এটা জনগোষ্ঠীয়ে। বাকী উত্তৰ আৰু মধ্যভাগৰ আছিল কোঁচবিহাৰৰ ৰজা সঙ্গলদ্বীপৰ অধীনত। সেই সূত্ৰে মনিয়ূলত তিব্বতৰ বন নামৰ চামানিজম ধৰ্ম আৰু বাকী অংশত হিন্দু ধৰ্মৰ প্ৰভাৱ বিস্তাৰ হৈছিল। তিব্বতৰ সম্ৰাট চংট্ চান গাম্পোৱে বৌদ্ধধৰ্ম প্ৰচাৰ নকৰালৈকে প্ৰায় সাতশ খ্ৰীষ্টাব্দ মানলৈ সমগ্ৰ ভূটানতে স্থানীয় বন ধৰ্মৰ গভীৰ প্ৰভাৱ বৃদ্ধি পাইছিল। পাছে ছশ ত্রিশ শতিকা মানত তিব্বতৰ এই সম্ৰাটজনে মধ্য ভূটানৰ বৌম থান আৰু পাৰো ভেলীৰ ক্যিচুত দুটা বৌদ্ধ মঠ সাজি ভূটানৰ ভূমিত বৌদ্ধ ধৰ্মৰ পাতনি মেলিছিল। লাহে লাহে বৌদ্ধধৰ্মৰ দৰ্শনে স্থানীয় বন ধৰ্মালম্বী সকলকো আকৰ্ষণ কৰিব ধৰিছিল আৰু বৌদ্ধ ধৰ্মৰ ভেটিটো দিনক দিনে সবল হৈ পৰিব ধৰিছিল।
ইয়াৰ ঠিক এবছৰ পাছত সাতশ পঞ্চাশ খ্ৰীষ্টাব্দ মানত ভূটানৰ শাসন ব্যৱস্থা একে সময়তে ভাৰতীয় মুলৰ দুজন হিন্দু ৰজাৰ হাতলৈ হস্তান্তৰ হৈছিল। তাৰে এজন আছিল কোচবিহাৰৰ ৰজা সঙ্গলাৰ দেশান্তৰিত ৰাজকোঁৱৰ সিন্ধু। সিন্ধুৰাজা তথা কুনজমেই শাসন কৰিছিল উত্তৰ আৰু মধ্য ভূটান। বৌম থানত ৰাজধানী পাতিছিল তেওঁ চাখৰ গুথো ৰাজমহল প্ৰতিষ্ঠা কৰিছিল।
আনজন ৰজা আছিল অসমৰ পৰা দেশান্তৰিত হোৱা কিৰাট ৰাজবংশৰ এজন ৰাজ কোঁৱৰ নওচে। তেওঁ শাসন কৰিছিল মনিয়ূল অৰ্থাত তিব্বতৰ ভাষাত এন্ধাৰৰ ৰাজ্য। তিব্বতৰ কাষৰীয়া ভূটানৰ উত্তৰ অংশ ঘন জংঘলৰে আৱৰা এই অঞ্চল মনপা জনগোষ্ঠীৰ বাসভূমি আছিল। ঘন জংঘলৰ বাবে এই ঠাইখনক এন্ধাৰৰ ৰাজ্য বুলি কোৱা হৈছিল। পাছে ভাৰতীয় মূলৰ দুয়োজন ৰজা সিন্ধু আৰু নওচেৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক নাছিল। এজন আনজনৰ বাবে চকুৰ কুটা দাঁতৰ খালৰ দৰে হৈ পৰিছিল। তেওঁলোক দুয়োজনৰ মাজৰ অহি নকুল সম্পৰ্কৰ বাবে দুয়োখন ৰাজ্যৰ মাজত সঘনাই যুদ্ধ-বিগ্ৰহ ঘটিছিল।  
এবাৰ তেনে এখন যুদ্ধতে মনিয়ূলৰ ৰজা নওচেই ৰজা সিন্ধু ওৰফে কুনজমৰ পুত্র টেগ্লাহ মেবাৰক বধ কৰিছিল। মেবাৰ যুদ্ধলৈ যোৱাৰ আগতে ৰজাই দেশ আৰু পুত্রৰ ৰক্ষাৰ বাবে বন ধৰ্মত বিশ্বাস কৰা বৌম থানৰ ৰক্ষক দেৱতা চেলগিং কাৰ্পোক বিশেষ পূজা সেৱাও আগবঢ়াইছিল ।পাছে সেই যুদ্ধত একমাত্র পুত্রৰ অকাল মৃত্যু হোৱাত ৰজা সিন্ধুৱে ৰাজ্যখনৰ সকলোবোৰ বনপো দেৱ-দেৱীৰ মন্দিৰত পুজা পাৰ্বন কৰা নিষিদ্ধ কৰি দিছিল। তাৰেই অচিলা লৈ ৰক্ষক দেৱতা চেলগিং কাৰ্পোই প্ৰতিশোধ পূৰণৰ বাবে ৰজা সিন্ধুক মানসিক আৰু শাৰীৰিক ভাৱে ৰুগীয়া কৰি পেলাইছিল। ৰজাৰ অৱস্থা দিনক দিনে বেয়ালৈ ঢাল খাবলৈ ধৰাত ভীতি-বিহ্বল হৈ ৰজা সিন্ধু এজন সাধাৰণ খেতিয়কৰ পৰামৰ্শ মতে দ্বিতীয় বুদ্ধ খ্যাত ভাৰতৰ বৌদ্ধ গুৰু পদ্মচম্ভৱা ওৰফে ৰিনপোচেক কাতৰ অনুৰোধ কৰি মাতি পঠিয়াইছিল। 
ৰজা সিন্ধুৰ অনুৰোধ ৰক্ষা কৰি প্ৰভু ৰিনপোচে আহি বৌমথানৰ চাখৰ গুথো ৰাজকাৰেঙত উপস্থিত হৈছিল। গুৰুজনাই ৰজা সিন্ধুক অভয় দি কাৰেঙৰ পৰা কিছু আতঁৰত থকা পাহাৰখনৰ গুহাত তিনিমাহ কাল ধ্যানত বহিছিল। সেই তিনিমাহ তপস্যা কৰি থাকোঁতে প্ৰভু পদ্মচম্ভৱাৰ শৰীৰৰ আকাৰ সেই গুহাৰ বেৰত চাপ বহি গৈছিল। জংখা ভাষাত কুৰ্জে মানে হৈছে শৰীৰৰ চাপ। পাছলৈ প্ৰভূ পদ্মচম্ভৱাই ধ্যান কৰা সেই গুহাটো কুৰ্জে লাখাঙ নামে এটা মঠলৈ পৰিণত হৈ পৰিছিল।   
   তিনিমাহৰ তপস্যাৰ অন্তত গুৰু পদ্মচম্ভৱাই সিন্ধু ৰজাক বৌমথানৰ ভূমিত আধিপত্য চলাই থকা দৈত্য, উপদেৱতা আৰু অসুৰবোৰক দমন কৰিবলৈ তেওঁক এজনী তান্ত্ৰিক পত্নী (জুংমা) ৰ প্ৰয়োজন হ'ব বুলি জনাইছিল। তেতিয়া ৰজাই তেওঁৰ কন্যা লাচিগ বুমডেন ট্শ্বোমো ওৰফে মেনমো তাছি কিডেনৰ পানিগ্ৰহণ কৰিবলৈ গুৰু পদ্মচম্ভৱাক অনুৰোধ কৰিছিল। 
তিলোত্তমা ৰাজদুহিতা তাছি কিডেন দৈব্য শক্তিৰ অধিকাৰী আছিল আৰু তেওঁৰ হাতত ডাকিনিৰ একবিংশটা চিহ্ন আছিল। 
নৱবিবাহিতা স্ত্ৰী তাছি কিডেনৰ সৈতে সহবাস কৰা প্ৰথম ৰাতিৰ পাচৰ দিনাই গুৰু ৰিনপোচে স্থানীয় ৰক্ষক দেৱতা শ্বেলগিং কাৰ্পোৰ সৈতে মুখামুখি হ’বলৈ প্ৰত্যাহ্বান জনাইছিল। প্ৰত্যাহ্বান উপেক্ষা কৰি শ্বেলগিং কাৰ্পো নহাত গুৰু পদ্মচম্ভৱাই এক বিশেষ ভংগীত নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল। গুৰুজনৰ তাণ্ডব নৃত্য দেখি বৌমথানৰ পৰা দৈত্য,অসুৰ, দেৱতা, উপদেৱতা আৰু অশৰীৰি আত্মা পলাই ফাঁট মাৰিছিল।গুৰু ৰিনপোচেৰ সেই তাণ্ডব উলংগ নৃত্যক টাৰচেম নৃত্য বুলি কোৱা হৈছিল। অৱশেষত শ্বেলগিং কাৰ্পোই বগা সিংহৰ ৰূপ ধৰি গুৰু ৰিনপোচেৰ মুখামুখি হৈছিল। তেতিয়া প্ৰভূ পদ্মচম্ভৱাইয়ো গৰুড়ৰ ৰূপ ধাৰণ কৰি শ্বেলগিং কাৰ্পোৰ ওপৰত জপিয়াই পৰিছিল । সেই যুদ্ধত গুৰু ৰিনপোচেই জয়লাভ কৰি শ্বেলগিং কাৰ্পোক বৌদ্ধ ধৰ্মৰ বাবে ৰক্ষক দেৱতা হিচাপে দায়িত্বভাৰ পালন কৰিব দিছিল। 
গুৰু পদ্মচম্ভৱাৰ এই বিজয়গাথাঁ সুৱঁৰি তেওঁ সৃষ্টি কৰা আঠ প্ৰকাৰৰ নৃত্য প্ৰদৰ্শনৰে আজিও ভূটানত ট্চেচু উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ মুখ্য আকৰ্ষণ ৰঙ বিৰঙৰ ভয়ানক মুখা পিন্ধি কৰা নৃত্য চাবলৈ দেশী বিদেশী পৰ্যটকে ভৰি পৰে। 
 শ্বেলগিং কৰ্পো ​​পৰাজিত হোৱাৰ লগে লগে সিন্ধু ৰাজা সুস্থ হৈ উঠিছিল আৰু বৌদ্ধ ধৰ্মত শৰণ লৈছিল । ইয়াৰ পাছত সিন্ধুৰজাই ভূটানৰ চুকে-কোণে বৌদ্ধধৰ্ম প্ৰতিষ্ঠাপনৰ বাবে ব্ৰতী কৰিছিল। 
গুৰু পদ্মচম্ভৱাই দুষ্ট আত্মাক বশ কৰি সিন্ধু ৰজাক ৰোগমুক্ত কৰাৰ পাছতেই ভূটানত বৌদ্ধ ধৰ্মৰ আগমনৰ সূচনা হৈছিল । ৰজা সিন্ধু সুস্থ হৈ উঠাৰ পাছত গুৰু ৰিনপোচেই মনিয়ূলৰ ৰজা নওচেক ভাৰতৰ সীমান্তৰ কাষৰ মন( এতিয়াৰ নাবজী)লৈ মাতি পঠিয়াইছিল। ৰজা নওচেও আছিল গুৰু ৰিনপোচেৰ পৰম ভক্ত। 
গুৰু পদ্মচম্ভৱাই ৰজা সিন্ধু আৰু নওচেক মনৰ উপকন্ঠৰ এখন অতি পবিত্ৰ স্থানলৈ লৈ গৈ বুজাই বঢ়াই চিৰদিনৰ বাবে ইজনে সিজনৰ প্ৰতি বৈৰী ভাৱ ত্যাগ কৰি মিলা-প্ৰীতিৰে থাকিবলৈ উপদেশ দিছিল। গুৰুবাক্য মানি দুয়োজন ৰজাই সম্প্ৰীতিৰে ৰাজশাসনত মনোযোগ দিব বুলি প্ৰতিজ্ঞা কৰিছিল। সেই প্ৰতিজ্ঞাৰ স্মৰণীয় মূহুৰ্ত্তক সাক্ষী স্বৰূপে ৰাখিবলৈ প্ৰভূ পদ্মচম্ভৱাই এটা দীঘল শিলৰ খুটি পুতি তৰোৱালেৰে তাত দুয়োজন ৰজাৰ হাতৰ চাপ খোদিত কৰিছিল। 
পদ্মচম্ভৱা বৌমথানৰ পৰা ওভতি যোৱাৰ পাছত গুৰুমাতা টাছি কিডেন গুৰুজনাই তপস্যা কৰা গুহাটোত থাকিব লৈছিল আৰু মাচি বুমডেন ( একক মাতৃ) নামে খ্যাতি লাভ কৰিছিল।  
 গুৰুমাতা টানি কিডেনে দুয়োজন ৰজাই প্ৰতিজ্ঞা কৰা পবিত্ৰ স্থানত এটা লাখাঙ বনাবলৈ আৰম্ভ কৰিছিল। পাছে পদ্মচম্ভৱাৰ অনুপস্থিতিত পুনৰ সবল হৈ উঠা বনপো দৈত্য আৰু অসুৰ বোৰে বাধাৰ সৃষ্টি কৰিছিল। তেতিয়া গুৰুমাতা টাছি কিডেন গুৰু পদ্মচম্ভৱাক আৰাধনা কৰি দৈত্য আৰু অসুৰবোৰক দমন কৰিবলৈ কাতৰ অনুৰোধ কৰিছিল। গুৰু পদ্মচম্ভৱাই আহিব পৰা নাছিল যদিও প্ৰতিজ্ঞা স্মাৰক শিলৰ খুটাটোৰ নাতিদূৰৈত থকা দুটা শিলৰ ওপৰত আবিৰ্ভাব হৈ
তেওঁৰ নাঙঠ তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিল। গুৰুজনৰ তাণ্ডৱ নৃত্য দেখি বনপো দৈত্য আৰু অসুৰ বোৰ আঁতৰি গৈছিল আৰু তেতিয়াই গুৰুমাতা টাছি কিডেনে ডাকিনী সকলৰ সহায় লৈ মনৰ সেই পবিত্ৰ স্থানত নাবজী লাখাঙ অৰ্থাত প্ৰতিজ্ঞা মন্দিৰটো সাজি উলিয়াইছিল। নাবজী লাখাঙ নামটোৰ উৎপত্তি হৈছিল নাবোইদ জংখা শব্দটোৰ পৰা । নাবোইদ শব্দৰ অৰ্থ হৈছে প্ৰতিজ্ঞাবদ্ধ হোৱা ।
সম্প্ৰতি নাবজী লাখাঙৰ চোতালখনৰ এমুৰত থকা চাইপ্ৰাছ গছ ডাল প্ৰভু ৰিনপোচেৰ লাখুঁটিডালৰ পৰা গঁজালি মেলি হোৱা বুলি বিশ্বাস কৰা হয় ।

লাখাঙটোৰ সন্মুখত থকা প্ৰভূ পদ্মচম্ভৱাই তাণ্ডৱ নৃত্য কৰা যুৰীয়া শিল দুটাৰ ওপৰ ফালে থকা শিলটোক য়াব অৰ্থাত পিতৃ আৰু তলৰ ফালে থকা শিলটোক ইয়ুম অৰ্থাত মাতৃ বুলি বিশ্বাস কৰা হয়। এই শিল দুটা যৌন সম্ভোগত লিপ্ত হৈ থকা দৰাচলতে এহাল ডাক- ডাকিনী বুলিও কিম্বদন্তিত আছে। 
তিব্বতীয় বৌদ্ধধৰ্মত ডাক-ডাকিনীক মানুহৰ কেচাঁ মাংসখোৱা অসুৰ বুলি বিশ্বাস কৰা হয়। কিম্বদন্তিত আছে যে এবাৰ এজন নৰমাংসভোজী ৰজাই এজনী সিংহিনীৰ সৈতে সহবাস কৰি এটা আচহুৱা সন্তান জন্ম দিছিল। সেই সন্তানটোৱেই কালক্ৰমত কালমাচাপদ নামৰ এজন ৰজা হৈছিল। ৰজা কালমাচাপদৰ সতি-সন্ততি বোৰকে ডাক-ডাকিনী বোলা হৈছিল। 
  ডাকিনী অৰ্থাত নাৰী অসুৰবোৰ নৃত্য গীতত পটিয়সী আৰু অধিকাংশই সুন্দৰ দেহবল্লৰীৰ হয়। সাধাৰণতে ডাকিনীবোৰে অৰ্ধ উলংগ হৈ অথবা সম্পুৰ্ণ উলংগ হৈ নিজৰ কমনীয়তা আৰু যৌন আবেদনময় নৃত্যৰ দ্বাৰা সকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে । লাহে লাহে ডাকিনীৰ উৎপাত বাঢ়ি গৈছিল আৰু পৃথিৱীত মানুহৰ সংখ্যা হ্ৰাস হ'বলৈ ধৰিছিল । তেতিয়া মহাপ্ৰভূ বুদ্ধ ভৈৰোচানা ( মহাযান আৰু ব্ৰজায়ণ বৌদ্ধ ধৰ্মৰ এজন বুদ্ধৰ অৱতাৰ) বুদ্ধই মহাকালৰ ৰূপ ধাৰণ কৰি সমস্ত ডাকিনীকে গিলি থৈছিল। বহুতো অনুনয় বিজয়ৰ পাছত মহাকালে মাত্র এটা স্বৰ্তত ডাকিনীবোৰক পুনৰ জীৱন দান দিব বুলি জনাইছিল। স্বৰ্ত মতে ডাকিনীৰবোৰে মানুহ খোৱা বন্ধ কৰিব লাগিব বুলি কৈছিল । তেতিয়া ডাকিনীবোৰে মানুহ খাবলৈ নেপালে কেনেদৰে জীয়াই থাকিব বুলি প্ৰভু মহাকালক ওলোটাই প্ৰশ্ন কৰিছিল। তেতিয়া ডাকিনীবোৰে কেৱল মৃত মানুহৰ গুৰুত্বপূৰ্ণ জীৱ সাৰ খিনি খাব পাৰিব বুলি অনুমতি দি প্ৰভূই তেওঁলোকক মুক্তি দিছিল। 
ওপৰত থকা মতা শিলটোৰ কোচত থকা মাইকী শিলটোৰ গাত ডাকিনী ভাষাত গুৰুমাতা টাছি কিডেনে খোদিত কৰা গুৰু ৰিনপোচেৰ লীলা আৰু মাহাত্ম্যৰ কথা আজিও দেখিবলৈ পোৱ যায়। 
তিব্বতীয় তান্ত্ৰিক বৌদ্ধধৰ্ম ( ব্ৰজায়ণ শাখা) নৰ-নাৰীৰ নগ্ন সৌন্দৰ্য্যক অধিক প্ৰাধান্য দিয়া হৈছে। এই শাখাত নগ্নতাৰ মাজত ঈশ্বৰৰ অৱস্থিতিক বিশ্বাসকৰা হয় । সনাতন ধৰ্মৰ লগতে বৌদ্ধধৰ্মতো কেতিয়াও নগ্নতাক ঈশ্বৰবাদ তথা পবিত্ৰতাৰ পৰা পৃথক কৰি অশ্লীলতাৰ শাৰীত ৰখা হোৱা নাই । নগ্নতা আমাৰ জীৱনৰ এক অভিন্ন চিত্ৰ । তমভভ ব্ৰজায়ণ বৌদ্ধধৰ্মৰ অনুত্তৰাযোগ তন্ত্ৰত উল্লেখ থকা য়াব-ইয়ুম অৰ্থাত সম্ভোগত লিপ্ত হৈ থকা পুৰুষ আৰু নাৰীৰ মুৰ্তিটোৱে জৰিয়তে প্ৰজ্ঞা আৰু দয়াৰ আদিম মিলনক ​​প্ৰতিনিধিত্ব কৰে । ইন্দ্ৰৰ জালৰ ৰচনা কৰি স্ত্ৰীৰ সৈতে যৌনমিলন ব্যস্ত হৈ থকা পুৰুষ দেৱতাজনে দয়া আৰু দক্ষ উপায়ক প্ৰতিনিধিত্ব কৰে, আনহাতে মহিলা সংগীয়ে অন্তৰ্দৃষ্টি ( প্ৰজ্ঞা)ক প্ৰতিনিধিত্ব কৰে। নৰ দেবতাৰ জনৰ কোলাত নাৰীজনী যৌন সম্ভোগৰ মূদ্ৰাত বহি থকা য়াব-য়ুমত প্ৰতিমূৰ্তিটোৱে দৰাচলতে দয়া আৰু দক্ষতাৰে প্ৰজ্ঞাৰ সহায়লৈ ইশ্বৰ প্ৰাপ্তিৰ অনুশীলন কৰা বুজায়।

ভূটান ভ্ৰমণৰ পৰা এটা কথা বুজিছিলো যে প্ৰত্যেকজন ভূটীয়া নাগৰিকে ইতিহাসক দেশখনৰ ভবিষ্যতৰ আধাৰ আৰু তেওঁলোকৰ জাতিটোৰ মেৰুদণ্ড বুলি বিশ্বাস কৰে। 
কালৰ কুতিল গতিত হেৰাই যাবলৈ ধৰা আমাৰ ইতিহাস, দৰ্শন আৰু আমাৰ পৰম্পৰাবোৰ আমিও সংৰক্ষণ কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে । অন্যথাই আমাৰ ভবিষ্যতপ্ৰজন্মই আমাৰ স্বৰ্ণিল ইতিহাস জনাৰ পৰা বঞ্চিত হ'ব।

✍️চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা ।
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)