"ঐ পাগল আজি দুই পুহ শনিবাৰ,মায়ে গধূলি ওলাই যাবলৈ নিদিয়ে অ' "
অও ,ধেৎ ,এই অন্ধ বিশ্বাসবোৰ মাৰে এতিয়াও মানি থাকেনে?
"দাদাৰহে মটৰচাইকেল, মোক মাজে মাজেহে চলাবলৈ দিয়ে, মোৰ লাইচেন্স ও নাই। মই নাজাওঁ তহঁতেই যা অ' যি খৰছ হ'ব মই দি দিম! "
আমাৰ কোনোটোৱেই টেট পাছ নকৰিলোঁ ।তই পাছ কৰিছ আমাক খোৱাব লাগিবই, তই নাথাকিলে কেনেকৈ হ'ব ,আহ ;
বেচেৰা ৰণ্টুৱে ওলাই গ'ল।সেই বাইপাছৰ ফালে গৈ খাই বৈ যিটোহে জোৰেৰে মটৰ চাইকেল চলালে দূৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে খোৱা নোখোৱা বৰ বেয়া কৈ আঘাট পালে।
ৰণ্টুৰ হাত এখন ভৰি এটা ভাঙিল।বিলু ,পিণ্টু,ৰিয়ানৰ সাধাৰণ ভাৱেহে আঘাট প্ৰাপ্ত হয়।
শনিবাৰ দিনা গধূলি মই বজাৰত মাছপুঠি লওঁতে ল'ৰা কেইটাৰ মাত কথাবোৰ শুনি কাণখন দিওঁতে বেয়ামাত শুনা পাই আঁতৰি আহিছিলো। কিন্তু নাম কেইটা মনত আছিল।
আজি পুৱাতে দৈনিক কাকতখনত ছবিৰে সৈতে দৃশ্য টো দেখি গধূলিৰ সময়খিনিলৈ মনত পৰিল ।দেহি ঐ মাকৰ বাক্যষাৰতকৈ বন্ধুৰ বাক্যটি ৰখাত অৱস্থা এইয়া,বেয়া সংগই ভাল একোটিহঁত ল'ৰাক জোৰ জুলুমকৈ টানি আজুৰি লৈ যোৱাৰ ফলত এনে অৱস্থা!
পিতৃ মাতৃয়ে সন্তানক সদায় সু পৰামৰ্শ দিয়ে।সন্তানে মানি থাকিলেও কেতিয়াবা সংগই বিপথে লৈ যায় ।দুই ভৰি দুই নাওঁ।
আজি এই কথাবোৰ মই নিজ কাণেৰে শুনি পিছৰ ঘটনাটো হোৱাত জানিয়ে লিখি পেলালো। যিয়েই নহওঁক সিহঁত সোনকালে ভাল হৈ এনে বেয়া বস্তু বোৰ যাতে সেৱনৰ পৰা বিৰত থাকে,তাকেই কামনা কৰিলোঁ!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ