প্ৰতিশ্ৰুতিয়েও কৰে প্ৰতাৰণা -ভাৰতী কোৱৰ শইকীয়া

©Admin
0
আজিৰ তাৰিখ টো প্ৰায়ে মনত থাকে পৰিনীতাৰ! জানুৱাৰী মাহৰ আজিৰ তাৰিখটোতে তাইক এৰি গৈছিল অৰিন্দমে! এৰা, ৭জানুৱাৰী ২০১৯ ! সম্পূৰ্ণ এটা বছৰ অৰিন্দমৰ অবিহনে পাৰ কৰিছে পৰিনীতাই ! তাৰিখটো মনত ৰাখিবলৈ তাই একো নকৰিলেও চলি যায় ! অৰিন্দম এতিয়াও পৰিনীতাৰ এক্স হব পৰা নাই !সিহঁত এতিয়া লগত নাই,কিন্তু অৰিন্দমলৈ থকা ভালপোৱাবোৰ আজিও সজীৱ হৈ আছে ! ফোনটো হাতত লৈ তাই ভাৱিলে তেওঁ নাম্বাৰ টো এবাৰ চেক কৰি চাওঁ, ব্লক খুলিলে নেকি বাৰু তেও !হোৱাটচ্এপ টো বাৰু অনলাইন আছেনে ? নাই , তাই চাব নোৱাৰিলে ,সি আজিও তাই হোৱাটচ্এপ ব্লক কৰি ৰাখিছে !নাই অৰিন্দম আজিও সলনি নহল !এইবাৰ তাই ফেচবুক একাউন্ট টো খুলিলে ,লাইক কমেন্ট কৰাৰ অধিকাৰ এতিয়া পৰিনীতাৰ নাই যদিও তাই আজিও মাজে সময়ে তাইৰ ফেচবুক একাউন্টত অৰিন্দমৰ নামটো চাৰ্জ কৰি চায় !কৰবাত ফুৰিব যোৱা ,নতুবা নতুন কিবা আপলোড দিছে নেকি কাৰোবাক কিবা টেগ কৰিছে নেকি এইবোৰ ! তাৰ ফটোত কোনে লাইক, কোনে কমেন্ট কৰিছে তাই সেইবোৰেই চিন্তা(যদিও এইবোৰৰ কোনো অৰ্থ নাই এতিয়া) !অৰিন্দম আকৌ কাৰোবাৰ প্ৰেমত পৰিছে নেকি ?লাইক কমেন্ট কৰা প্ৰতিটো তাই ভালকৈ নীৰিক্ষণ কৰে !তাইৰ ভয় হয় যদি আকৌ কাৰোবাৰ প্ৰেমত পৰে !পাৰিব জানো তাই নিজকে সহ্য কৰিব !সেই নতুন জনীয়ে বাৰু পাৰিবনে অৰিন্দমক সুখী কৰি ৰাখিবলৈ ?বুজিবনে অৰিন্দমৰ খং ভালপোৱা ?কি ভাল পায় কি বেয়া পাই পাৰিবনে হিচাপ ৰাখিবলৈ !পাৰিবনে অৰিন্দমৰ ঘৰখনক মৰমেৰে আকোৱালী লব ??? তাই এই হাজাৰ টা প্ৰশ্নৰ শেষত সদায় এটাই আশা তেওঁ সদায় কুশলে থাকক ,তেওঁৰ জীৱনলৈ যিয়েই আহে চিৰদিন যেন তেওঁৰেই হৈ ৰওঁক !যদিও দুখ লাগিব ,কিন্তু এটা কথা ঠিক মই যেনেকৈ সকলো সহ্য কৰিলো তেওঁ কিন্ত মোক কৰা সেই একেই আঘাট অৰিন্দমৰ নতুন পত্নীয়ে হয়তো মোৰ দৰে সহ্য নকৰিব !
    আজিকালি তাই এইবোৰ ডায়েৰীত নিলিখে !আৰু কথাবোৰ কাকো কবলৈও নিবিচাৰে !কলে হয়তো তাইৰ ঘৰখনে দুখহে পাব ,পৰনীতাই এইবোৰকে ভাৱি থাকে অনবৰতে ,মাথোঁ সকলোৱে আগত এখন সুখত থকা হাঁহি থকাৰ মুখা পিন্ধি থাকে অনবৰতে ! আৰু অকলশৰীয়া মূহূৰ্ত বোৰ তাইৰ নিজৰ ওচৰত ধৰা পৰি যায় !দুখবোৰে তাইক হেচা মাৰি ধৰে !তেতিয়া তাইৰ অৰিন্দমলৈ বৰকৈ মনত পৰে তাৰ সৈতে কটোৱা মধুৰ স্মৃতিবোৰ ,পৰিনীতাৰ অৰিন্দমৰ লগত কথা পাতিব মন যায় ! কিন্ত কি বুলি কৰিব ,তাই ভাৱিয়েই পাৰ নেপায় . তথাপিওঁ তাই মনক বাধা দি ৰাখিব নোৱাৰি হাতত ফোনটো লৈ তাই ( হান) বুলি চেভ কৰি থোৱা নাম্বাৰ টো ডায়েল কৰিলে !আৰু লগে লগে ফোনটোৱে কৈ উঠিল 'নাম্বাৰ ইচ বিজি ' তাৰ মানে অৰিন্দমে আজিও তাইক ব্লক লিস্টত ৰাখিছে !তাইৰ বুকুখন কিবা এটা দুখত মোছৰ খাই গ'ল তাই ভাৱিলে সি ছাগে আৰু তাইক কেতিয়াও নিবিছাৰে !. . . . . . . . . 
এইবোৰ লিখি থাকোতে কেতিয়ানো ১২বাজিল তাই গমেই নেপালে !দেউতাকে সাৰ পায় তাইক চিঞৰি উঠিল 'পৰী তই এতিয়াও শোৱা নাই কি কৰি আছ,লাইট অফ কৰ আৰু শুই থাক '
    তাই আৰম্ভ কৰা কাহিনী টো আধাতে সামৰি তাই শুবলৈ বিচনা পাৰিবলৈ ললে !কাৰন তাই জানে ,তাইৰ ওচৰলৈ আৰু শব্দ নাহে, নাহে অৰিন্দমৰ ভালপোৱা ! তাই ভালপোৱা হৃদয়ত শব্দৰ খলকনি লগোৱা অৰিন্দমে তাইক দিয়া ভালপোৱাৰ প্ৰতিশ্ৰুতিবোৰ কাঢি লৈ তাইক প্ৰতাৰনা কৰি বহু দূৰলৈ গুচি গৈছে অৰিন্দম !তাইৰ মৰমৰ প্ৰেমিক অৰিন্দম ,ওহো নহয় ,প্ৰতাৰক,প্ৰৱঞ্চক এটা ভদ্ৰতাৰ মুখা পিন্ধা অৰিন্দম . . . . . . 

      ✍️ভাৰতী কোৱৰ শইকীয়া
        ডুম ডুমা ন গাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)