মা' সৌৱা চোৱা! কিমান পুলিচ আহিছে আৰু ডাঙৰ ডাঙৰ মানুহ। আমাক বোলে কিবা দিব।উঠাচোন উঠাচোন কৈ ৰাহুলে শুই থকা মাকক জোকাৰি জগাবলৈ বহুত চেষ্টা কৰিলে কিন্তু বাসন্তীয়ে আজি লৰচৰ নকৰিলে। আটোম টোকাৰিকৈ সজোৱা হেঁপাহৰ ঘৰ খন আজি পানীৰ তলত। মৰমৰ পোহনীয়া ছাগলীকেইটা, গোহালিৰ গাই গৰু হাল, কুকুৰা আৰু হাঁহ কেইটা চকুৰ আগতে উটি যোৱা দৃশ্যই তাইৰ হৃদয় মুচৰি পেলাইছে। তাই যেন শব্দহীন হৈ পৰিছে। সেয়ে আজি ইমান দিনৰ মূৰত খবৰ লবলৈ আহৰি পোৱা ডাঙৰ মানুহৰ কোলাহল বোৰ তাই নীৰৱে চাব।
⚫মেঘালী বৰুৱা
হাজৰিকাপাৰা,দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ