অৱশেষ-ৰেণু শৰ্মা

Rinku Rajowar
0
সৃষ্টিৰ অনাদি কালৰ পৰা আছোঁ মই অলক্ষিতে তোৰ
চাই চাই প্ৰকৃতিৰ উত্থান পতন
ময়েই জনম দিওঁ 
ক্ষুদ্ৰ ক্ষুদ্র জীৱকুল
বিশ্ব চৰাচৰ, 
মহা মহা মনিষীসকল
জ্যোতিৰ স্ফুলিঙ্গ জ্বলে 
দেশৰ মাটিত ফুলে
শতদল মহা পুষ্পহাৰ
ডোলে দেশ মাতৃকাৰ পদুম গলত। 
ৰক্তদল সূৰ্যৰ সন্তান
আলোকী ৰথত উঠি
উৰুৱাই বিজয় নিচান। 
মানৱৰ অবিচাৰ অত্যাচাৰ দেখি
ৰোষত কঁপি উঠে
মোৰ অন্তৰ বাহিৰ
বিদ্যুৎ ঝঞ্ঝাই চৌদিশে উৰুৱাই
সৃষ্টিৰ ধ্বংসৰ আলোকী  নিচান। সাগৰ নগৰ হয়, নগৰ সাগৰ। লুণ্ঠিত অমানিশা। 
মই মহাবলে  তোৰ
স্বপ্ন কৰোঁ চাৰখাৰ। 
হেৰ' মানৱ পশু! 
কিয় হৱ অমানুহ , ন্যায় পথচ্যুত? 
এয়ে সেই স্বৰ্গ আৰু
এয়েই নৰক
ইয়াতেই হ'ব তোৰ গৰ্ব
ধুলিত বিলীন
পৰি ৰ'ব ইয়াতেই
ধ্বংস অৱশেষ। 

       ⚫ৰেণু শৰ্মা, ডিব্ৰুগড়। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, কবি, আবৃত্তিকাৰ  গীতিকাৰ, অভিনেত্ৰী,
  

 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)