মৰমবোৰ এনেকুৱাই -কাকলি হাজৰিকা

মৰমবোৰ এনেকুৱাই
গভীৰৰ পৰা গভীৰলৈ
হৃদয়ৰ পৰা হৃদয়লৈ শিপাই 
ভালপোৱাৰ ঠিকনা বিচাৰি
আকাশ মই ভালপাওঁ
আৰু আকাশৰ সেই নীলাখিনি
নীলাখিনিৰ মাজত বিচাৰি পাওঁ
আপোনাৰ ভালপোৱা বোৰ
আকাশৰ বিশালতাত
হেৰাই যাব খোজোঁ  
আপোনাৰ ঠিকনা বিচাৰি।
 
✍️কাকলি হাজৰিকা
জিলা- মৰিগাঁও
গাওঁ- বঘৰা
ডাকঘৰ- বঘৰা

Post a Comment

Previous Post Next Post