শেষ যাত্ৰা - বিটুমনি কোঁছ

বসন্তৰ এটা বৰ্ষা শিক্ত আবেলি ।অতিকৈ আপোন মোৰ জেঠাইজনীৰ ঘৰৰ পৰা উভতি আহিছোঁ ঘৰলৈ বুলি ,মই অকলে গাড়ী চলাই । মোৰ কাণত বাজি আছে, মিউজিকৰ এটা কৰুণ অথচ মধুৰ সুৰ। জনশূণ্য পাহাৰীয়া পথটো দুয়োকাষে সেউজীয়া গছ- লতাই বৰষুণৰ চোলা পিন্ধি মোলৈ চাই মিচিকিয়াই হাঁহিলে। মনটো ক্ৰমান্বয়ে ৰোমাণ্টিক হৈ পৰিছে।মনৰ মাজত এটা সেউজীয়া কবিতাৰ উকমুকনি। সঁচা কথা কবলৈ গ'লে মই কবি নহয় ,যদিও কেতিয়াবা বিশেষ মুহূৰ্তত মনৰ মাজত শব্দৰ লহৰ উঠে । আৰু সেই নষ্টালজিক সময়তে কবিতা হয় যদিও হওঁক বুলি দুশাৰী লিখোঁ।
আজিও এই পাহাৰীয়া পথটোৰ কাষে -কাষে বৰষুণৰ চোলা পিন্ধা সেউজীয়া গছবোৰ দেখি এফাঁকি কবিতা মনৰ মাজতেই আওৰালোঁ।

বাৰিষাৰ প্ৰথম জাক বৰষুণ।
উদ্ভিন্ন গাভৰু দেহৰ সাঁচতীয়া লাজত
সেউজীয়া গছ বনে বৰষুণৰ
চোলা পিন্ধি মোলৈ চাই
মিচিকিয়াই হাঁহিলে।
মইও পিন্ধিছোঁ, এটা
বিষন্ন বতৰৰ চোলা।

হঠাৎ গাড়ীখন যান্ত্ৰিক বিজুতি ঘটি অচল হৈ পৰিল। বুকুখন ধপংকৈ উঠিল। ভয়ভীত নোহোৱাকৈ প্ৰায় এঘন্টামান পথটো্ৱে পাৰ হৈ যোৱা গাড়ী মটৰ ৰখাবলৈ বৃথা চেষ্টা কৰিলোঁ।অৱশেষত এখন বাছ
মোৰ সন্মুখত ৰ'লহি। ৰাতিও হৈ আহিছে ।আগ-পাছ নগনি মই জাপমাৰি উঠি দিলোঁ। চিত এটা সন্মুখতেই পাই বহি ললোঁ ।এইবাৰহে বাছৰ যাত্ৰী সকলৰ ওপৰত চকু মাৰিলোঁ।সকলো মহিলা।একোখন কম্বলে নিজকে ঢাকি আনিছে।নিচিন্ত হ'লোঁ।নাৰী বুলি ক'লেই মনৰ মাজত সোমাই থকা কুটিল হাঁহিটো বত্ৰিছটা দাঁতৰ ফাঁকেৰে পাৰহৈ বিজলুৱা ওঁঠত চুমা দিয়ে।মই চিঞঁৰি ড্ৰাইভাৰ জনক বাছখন ক'ত যাব সুধিবলৈ মুখ্য মেলিলোঁ।এগৰাকীয়ে কম্বলৰ আঁৰৰ পৰাই মনে মনে থাকিবলৈ ইংগিত দিলে।মোৰ হাতত তেওঁ এখন কম্বল দিলে।কম্বলখন মেৰিয়াই মইও চকুহাল মুদি দিলোঁ।টোপনি -টোপনি ভাব এটাই হেঁচা মাৰি ধৰিলে।

ঘে -ৰে-ক এটা শব্দ কৰি বাছখন ৰ'লহি।এটা ক্ষীণ পোহৰৰ মাজত মই দেখা পালোঁ প্ৰায় পোন্ধৰ:ষোল্ল গৰাকীমান মহিলা বাছখনৰ পৰা নামিছে।মই সজাগ হ'লোঁ।বাছৰ পৰা নামিয়েই থাকিবৰ বাবে হোটেল এখন পালেই হয়।বাছৰ পৰা নামি চাৰিওফালে এপাক চকু মাৰিলোঁ ।চাৰিওফালে অটব্য অৰণ্য।এটা পৰিতক্ত ঘৰলৈ বুলি সকলো ৰাওনা হৈছে।মোৰ নিজকে বৰ অসহায় যেন লাগিল ,কি কৰোঁ।কোন এওঁলোক ? ড্ৰাইভাৰজন ক'ত গ'ল ? সকলো অন্ধকাৰ।মাত্ৰ মূৰত কম্বললৈ আগবাঢ়ি যোৱা মহিলাৰ লানিটো মোৰ চকুত অস্পষ্ট হৈ ধৰা দিলে।পুৰুষ প্ৰধান দেশৰ পুৰুষহৈ আজি নাৰীলৈ মোৰ প্ৰথমবাৰৰ বাবে ভয় লাগিল।সিহঁতৰ পাছে পাছে অনিচ্ছা স্বত্বেও মই গৈ সেই পৰিতক্ত ঘৰটোত সোমাই পৰিলোঁ।এইয়া কি?ইমান সুন্দৰ সাজ সজ্জা।প্ৰতিখন টেবুলত ৰঙা ৰঙৰ সুৰাৰ বটল,মাছ মাংস । মই ৰৈ থাকিব নোৱাৰিলোঁ।কিয়নো ইতিমধ্যে মোৰ পেটৰ কেঁচু কুমতিবোৰে ্তীব্র আন্দোলন কৰিছিল।সিহঁতক দমাই থোৱাৰ সুবিধাকন মই হেৰুৱাই মূৰ্খামি কৰিব নোৱাৰোঁ।মই আগ-পাছ নগণি খাবলৈ লাগিলোঁ।

খট-খট শব্দই মোক ঘূৰি চাবলৈ বাধ্য কৰিলে। কম্বলে নিজকে ঢাকি অহা মহিলা সকলে কম্বল এৰোৱাই মোৰ ফালে আগবাঢ়ি আহিছে। ইমান সুন্দৰী সুন্দৰী মহিলা।এটা ৰোমাণ্টিক সুৰত সিহঁতে নাচি নাচি মোক আলিংগন কৰাৰ ইংগিত দিলে।ইমান এটা সুবৰ্ণ সুযোগ পায় ৰৈ থাকিব নোৱাৰিলোঁ । ইজনীৰ পিছত সিজনীৰ বুকুৰ মাজত সোমাই পৰিলোঁ। সিহঁতৰ চুমাবোৰ ইমান কষ্টদায়ক কিয়? মই ঢলি পৰিলোঁ।

◾বিটুমনি কোঁছ
ধেমাজি (মাছখোৱা)

Post a Comment

Previous Post Next Post