যাক মাতৃগৰ্ভত কন্যা শিশুৰ স্থিত জানি
হত্যা কৰাৰ অপচেষ্টা চলায়।
মায়ে সৰু ভাইটিৰ পাতত মাছৰ মূৰটো দি
মোক সৰু টুকুৰা দি সংযমৰ শিক্ষা দিয়ে ;
ময়েই সেই নাৰী।
শ্ৰেণীৰ সহপাঠীয়ে কলম দিয়াৰ ছল কৰি
বুকুৰ ওখ গৰাত হাত বুলাই প্ৰেম-পত্ৰ যাঁচে ;
প্ৰধান ছাৰে মোকে ধৰি কোবায়,
দেউতাই ৰঙা চকু দেখুৱায়।
ময়েই সেই নাৰী।
মই যেতিয়া কাৰ্যালয়ত ফাইল লুটিয়াই চাওঁ
হিংস্ৰ হায়েনাৰ বিষ চকুয়ে মোক গিলি গিলি খায়,
আকৌ স্বামী গৃহৰ প্ৰতিটো পল- অনুপল
ভুলুণ্ঠিত হয় স্বাধীনতা,হৰণ কৰে মোৰ নাৰীত্ব !
ময়েই সেই নাৰী ;
যাক বিধৱা হলেই মৃত্যুৰ বগা সাজ পিন্ধায়,
মোহাৰি পেলায় সেন্দুৰ, নাকৰ সোণ সোলোকায়।
দিনৰ ভাগত আহি শুনায় জ্ঞান-গৰ্ভী সান্ত্বনা বাণী
ৰাতি হ'লেই মুখাধাৰী ভদ্ৰলোকৰ মুখা যায় খুলি ;
সিহঁতৰ শয্যাৰ সুখ সঙ্গী হ'বলৈ বাধ্য কৰায়।
ময়েই সেই নাৰী।
যুগে যুগে লাঞ্চিতা, বঞ্চিতা, নিষ্পেষিতা, শোষিতা,ধৰ্ষিতা!
দুখ- যন্ত্ৰণা মোৰ জীৱন লগৰী,
ফুলশয্যা ৰাতিৰ পালঙ্ক ,
অহৰ্নিষে বাগৰে চকুলো দুধাৰি!
ময়েই সেই নাৰী;
যাৰ মূৰত এতিয়া বান্ধি লৈছোঁ অভেদ্য বৰ্ম,
বুকুত শক্তিশালী ঢাল, দুহাতে মহাদেৱৰ ত্ৰিশূল,
মহিষ-মৰ্দিনী দশভূজধাৰী আধ্যাশক্তি দুৰ্গা,
জগত-জননী মা ফাতেমা, প্ৰেমৰ আধাৰ মা মেৰী।
ময়েই সেই নাৰী ;
যাৰ দুচকুত জ্বলি উঠিছে বিদ্ৰোহৰ দাবানল,
বুকুত উদ্গীৰিত হৈছে আগ্নেয়গিৰিৰ লাভা,
দুভৰিৰ নৃত্যৰ ছন্দে ছন্দে মহা ভৈৰৱীৰ মহা তাণ্ডব
মোৰ ভয়ত এতিয়া পৃথিৱী কম্পমান,
প্ৰতিক্ৰিয়াশীল সমাজত নমাই দিলোঁ মহা-প্লাৱন ,
ধ্বংস হওক, ধ্বংস হওক এইখন নিষ্ঠুৰ সমাজ!
ময়েই সেই নাৰী!
ময়েই সেই নাৰী!!
◾নাছিৰ আহমেদ,শিমলাবাৰী , গোৱালপাৰা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ