নখৰ আঁচোৰত হোৱা
আইৰ বুকুৰ কেঁচা ঘা ,
আজিও শুকুৱা নাই!
তাতে আকৌ স্বদেশী
ক'লা শিয়ালৰ কামোৰ;
এটা এটা কৰি আইৰ অংগবোৰ
চিঙি... চিঙি... খাইছে!
বুকুৰ বেদনাত আইয়ে
ফেকুৰি ফেকুৰি কান্দিছে;
কোনে শুনিব আইৰ বিননি,
কোনে বুজিব আইৰ যন্ত্ৰণা!
আইৰ যন্ত্ৰণা বুজিবলৈ
আজি গান্ধীজী নাই;
নাই নেতাজী সুভাষচন্দ্ৰ বসু,
নিৰুপায় মোৰ ৰুগীয়া আই!
নাচি বাগি খাইছে
ক'লা শিয়ালৰ জাকে;
আইৰ বুকু ফালি
কলিজা আৰু হৃদপিণ্ড!
চাৰিওপিনে ঘুৰিছে
শগুনৰ জাক বোৰেও,
স্বদেশী ক'লা শিয়ালৰ
গুণ গান গায়।
কিজানি বা সিহঁতে ও পায়
এটুকুৰা মাংস বা হাড়;
আজি নিৰুপায়.., নিৰুপায়
মোৰ ৰুগীয়া আই...!!
কবিঃ- হাবেজ উদ্দিন।
ঠিকনাঃ-মিলন বজাৰ, নলবাৰী।
ফোন নং- ৯৮৫৯৬৫৯৪৫২
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ