মইনা নায়ক মাথোঁ এটি নাম নহয়-নাছিৰ আহমেদ

Rinku Rajowar
0
মইনা নায়ক মাথোঁ এটি নাম নহয়  
মইনা নায়ক এটি প্ৰতিবাদী সত্তা,
মইনা নায়ক এটি প্ৰতিৰোধ,
হেজাৰ হেজাৰ শ্ৰমিকৰ চিঞৰ !

হে নিষ্ঠুৰ শোষকৰ দল,
তোমালোকে কিমান খেলিবা?
কিমান খেলিবা শ্ৰমিকৰ তেজেৰে হোলী খেল?
তোমালোকে নিৰ্মাণ কৰা প্ৰত্যেকটি কল-কাৰখানা,
বৃহৎ বৃহৎ অট্টালিকা, বিভিন্ন ধৰণৰ পথ আৰু সেঁতু
সুশোভিত উদ্যান আৰু ধৰ্মীয় অনুষ্ঠান আদি ,
সকলোতে লাগি আছে মইনা নায়কহতঁৰ তেজৰ দাগ!
এই দাগ কেতিয়াও মোচ নেখায় ।
যিমানেই বাঢ়ি যায়  তোমালোকৰ শোষণ আৰু অত্যাচাৰ ;
সিমানেই এই দাগ সতী নাৰীৰ ৰঙা সেন্দুৰ হৈ উজলি উঠে ,
পূব আকাশৰ বুকু ফালি উদ্ভাসিত হয় ,
দগমগীয়া ৰক্তৰ দৰে ৰঙা ৰাঙলী সূৰুয !

এই দাগ কলিজাৰ পৰা নিগৰিত কেঁচা তেজৰ দাগ!
যিমানেই তোমালোকৰ নিৰ্যাতনৰ মাত্ৰা বাঢ়ি যাব
এই তেজ বিপ্লৱৰ ৰক্তাক্ত লাভা হৈ উদ্গীৰিত হ'ব ,
পৃথিৱীত নমাই আনিব ঘূৰ্ণিবায়ু আৰু মহা প্লাৱন ,
 প্ৰচণ্ড ভূমিকম্পত এই ধৰিত্ৰী থৰথৰকৈ কঁপি উঠিব   ;
ভাঙি তচনচ কৰিব তোমালোকৰ ভণ্ডামীৰ ৰাজসিংহাসন !

কাৰণ, মইনা নায়ক মাথোঁ এটি নাম নহয় ;
মইনা নায়ক এটি প্ৰতিবাদী সত্তা,
মইনা নায়ক এটি প্ৰতিৰোধ ;
হাজাৰ হাজাৰ শ্ৰমিকৰ চিঞৰ !


◾নাছিৰ আহমেদ, 
শিমলাবাৰী, গোৱালপাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)