কেতিয়াবা ঈশ্বৰক দেখিছানে?-তানিয়া মধুকল্য

Rinku Rajowar
0
তুমি বাৰু কেতিয়াবা ঈশ্বৰক
দেখিছানে??
কেতিয়াবা লগ পাইছানে?? 
বা মন নাযায়নে কেতিয়াও 
ঈশ্বৰক লগ পাবলৈ?

জানানে??
মোৰ কেতিয়াবা ঈশ্বৰক 
লগ পাবলৈ বৰ মন যায় 
কিন্তু প্ৰকৃততে ঈশ্বৰ আছেনে 
নাই নাজানো মই
কিন্তু মোৰ সমস্ত বিশ্বাসত 
বিদ্যমান হৈ আছে ঈশ্বৰ।
মোৰ মন-মগজুত অঁকা 
আছে ঈশ্বৰ নামৰ অৱয়ব 
সেয়ে কেতিয়াবা মন যায়
মোৰ ঈশ্বৰক লগ পাবলৈ।

তেওঁৱেই সৰ্বশ্ৰেষ্ঠ
তেওঁৱেই অনদি অনন্ত
তেওঁৰেই কৃপাত নিৰাপদে 
চলি আছে পৃথিৱীখন,
এইয়াই ঈশ্বৰৰ শক্তি 
যাৰ অপাৰ তুলানাবিহীন 
মহিমাই ধৰি ৰাখে পৃথিৱীক।

এয়াই ঈশ্বৰ
যাৰ নাই কোনো পৰিসীমা
নাই যাৰ কোনো আকাৰ-আকৃতি 
অপাৰ মহিমাময়ী শক্তিৰ গৰাকী তেওঁ
সময়ে-সময়ে প্ৰকৃতিক
সলনি কৰে ঈশ্বৰে।
ঈশ্বৰৰ আদেশত 
জোন-বেলি- তৰা ঘূৰে আকাশত।
ঈশ্বৰৰ ইচ্ছাত দিন গৈ ৰাতি হয়
সময়বোৰো সলনি হয়।

আমি জীৱশ্ৰেষ্ঠ মানুহবোৰ
ঈশ্বৰৰ পুতলা
মাথোঁ এটি ধূলিকণা।

হে ঈশ্বৰ!!
তুমি বাৰু সঁচাই আছানে??
যদি আছা আমিনো 
তোমাক নেদেখোঁ কিয়?
কোনোজনে কয় তুমি 
বোলে মন্দিৰত থাকা
কোনোজনে আকৌ কয়
তুমি বোলে গীৰ্জাত থাকা
কোনোজনে কয়
তুমি বোলে মজিদত থাকা 
সকলোৰে বেলেগ বেলেগ মন
জাতি-বৰ্ণ-ধৰ্ম অনুযায়ী 
তোমাৰ সকলোতে ভিন্ন নাম,
ভিন্ন পৰিচয়।

সেয়ে তোমাক সুধিছো ঈশ্বৰ!!
তুমি বাৰু সঁচাই আছানে 
যদি আছা পৃথিৱীখনৰ 
অপায়-অমংগলবোৰ
তুমি দেখা নাইনে??
সমস্যাবোৰক
ৰোধিব নোৱাৰিনে প্ৰভু??
পৃথিৱীখন বৰ বিপদত 
পৰিছে প্ৰভু!!
জীৱশ্ৰেষ্ঠ মানুহবোৰ আজি
অমানুহ হৈছে
এই অমানুহবোৰক পুনৰ
মানুহ বনাব নোৱাৰিনে প্ৰভু?
পৃথিৱীখনৰ গতিবোৰ স্থিৰ 
কৰিব নোৱাৰানে ঈশ্বৰ?

এইবোৰ দেখি-শুনি
কেতিয়াবা তোমাক লগ পাবলৈ 
মোৰ মন যায় ঈশ্বৰ।

✍️ তানিয়া মধুকল্য
         বিহপুৰীয়া মহাবিদ্যালয়,
          বিহপুৰীয়া,লক্ষীমপুৰl

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)