১৫ আগষ্ট- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
১৫ আগষ্ট (ইংৰাজী: 15 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৭তম (অধিবৰ্ষত ২২৮তম) দিন। বছৰ শেষ হ'বলৈ ১৩৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:


✅১২৬১ চনৰ আজিৰ দিনটোতে বাইজাণ্টিসকলৰ হাতত কনষ্টাণ্টিনোপলৰ পতন হয় আৰু অষ্টম মাইকেল বাইজাণ্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট হয়।
✅১৯১৪ চনৰ আজিৰ দিনটোতে পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয়।
✅১৯৪৭ চনৰ আজিৰ দিনটোতে লৰ্ড মাউণ্ট বেটেনে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰে।
✅১৯৫০  চনৰ আজিৰ দিনটোতে অসমত হোৱা প্ৰবল ভূমিকম্পৰ ফলত ১৩৫০ জন লোক মৃত্যুমুখত পৰে আৰু বিস্তৰ ক্ষতি হয়।
✅১৯৬৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হয়।
✅১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতত ডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হয়।
✅১৯৭৫ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ সেনা বিষয়াৰ এটা দলে ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰে।
✅১৯৮২  চনৰ আজিৰ দিনটোতে ভাৰতত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হয়।
✅১৯৮৫ চনৰ আজিৰ দিনটোতে সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হয়।
✅১৯৮৬ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰিকাকত আজিৰ অসম প্ৰকাশ আৰম্ভ হয়। প্ৰতিষ্ঠাপক সম্পাদক ৰাধিকামোহন ভাগৱতী।
✅১৯৯৬ চনৰ আজিৰ দিনটোতে আন্দামানৰ ৰোজ আইলেণ্ডক ৰাণী লক্ষ্মীবাই নামেৰে নামকৰণ কৰা হয়।
✅২০০৪ চনৰ আজিৰ দিনটোতে ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ জনৰ মৃত্যু হয় আৰু অৰ্ধ শতাধিক লোক আহত হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)