তুমি ভাল পাঁও বুলি ক'লেই মোৰ ৰাধালৈ মনত পৰে।
ৰাধাৰ হৃদয়ত বাজি থকা কানাইৰ সেই বাঁহীৰ সুৰটো কোনে বুজি পাব!
কানাইৰ বাবে অপেক্ষা কৰি আউলি-বাউলি হোৱা ৰাধাৰ সেই বিষাদ ভৰা হৃদয়ৰ উচুপনি কোনে শুনিব!
নালাগে দিয়া তুমি মোক ভাল পাব!
নোৱাৰোঁ মই তোমাক বিষাদেৰে ভৰা গভীৰ সাগৰৰ মাজত কানাইৰ দৰে বিষণ্ণতাৰে এৰি যাব।
মিছা আশাৰে প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ মই তোমাক,
মই আকৌ ঘূৰি আহিম বুলি
মিছাতেই নকৰোঁ তোমাক মই অপেক্ষাৰত!!
তুমি এবাৰ ভাবি চোৱা চোন
কিমান ব্যাকুলতাৰে ৰাধাই কানাইৰ বাবে অপেক্ষা কৰিছিল!
কিন্তু কানাই জানো ঘূৰি আহিল!
বুজিলে জানো কানাইয়ে ৰাধাৰ ব্যাকুলতা!
ৰাধাৰ নিঃস্বাৰ্থ ভাল পোৱাক বুজিলে জানো কানাইয়ে!
তুমি এবাৰ ভাবি চোৱা চোন বাৰু!!
মিছা আশাৰে সপোনৰ কাৰেং সজাৰ প্ৰতিশ্ৰুতি দিব নোৱাৰোঁমই!
তোমাৰ নিষ্পাপ হৃদয় খনক স্মৃতিৰ কাঁইটেৰে বিন্ধিব নিদিওঁ মই!
নোৱাৰোঁ ক'ব তোমাক মই সপোনৰ পম খেদি সুখৰ লহমাত দুুয়ো সাঁতুৰি-নাদুৰি
বিচাৰি যাম আমি শান্তিৰ এহালি বনৰীয়া পক্ষী।
মিছাতেই দুখ নিদিওঁ তোমাক ভাল পাঁও বুলি কৈ,
নালাগে দিয়া তুমি মোক ভাল পাবলৈ!
তুমি ভাল পাঁও বুলি ক'লেই মোৰ ৰাধালৈ মনত পৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ