চিঞৰ -নাছিৰ আহমেদ

©Admin
0
আহা আমি সবে মিলি                                                     এটা গগন ফলা চিঞৰ মাৰোঁ  ;
যি চিঞৰে আকাশৰ বেলিৰ স'তে লুকাভাকু খেলে ,
সাগৰৰ তলিলৈ নামি ছুনামিৰ স'তে প্ৰশিক্ষণ লয় ,
হিমালয়ৰ উচ্চ শৃঙ্গত গৈ উষ্ণ প্ৰৱাহ বোৱাই দিয়ে ,
এই চিঞৰে স্তূপীকৃত বৰফ গলাই দিয়ে।

আহা আমি সবে মিলি
এটা গগন ফলা চিঞৰ‌ মাৰোঁ।
সন্মুখত থকা অত্যাধুনিক আগ্নেয় অস্ত্ৰ‌ দেখি
আমি এতিয়া আৰু কেৰেপ নকৰোঁ  ;
দম বান্ধি থকা সেইবোৰত চামে চামে মামৰ ধৰিছে
আমাৰ গগন ফলা চিঞৰ‌ত সেইবোৰ ভাঙি যাব !

আগ্নেয় অস্ত্ৰ‌ৰ মালিকহতঁৰ  একো দেশপ্ৰেম নাই ;
তেওঁলোক সদায় ব্যস্ত লাভ লোকচানৰ ।
      
             আমাৰ মূল মন্ত্ৰ হ'ল -  
         "উঠা , জাগ্ৰত হোৱা , আগবাঢ়ি যোৱা
আৰু শত্ৰুৰ গালৈ দলিয়াই দিয়া তীব্ৰ ঘৃণা।"                                      
             
আমাৰ মৰণ পণ হ'ল - "হয় মাৰিম , নহয় মৰিম।"

তেওঁলোক হৈছে সুবিধাবাদী নীলা শিয়ালৰ দল 
তেওঁলোকৰ মন্ত্ৰ - "হয় মাৰিম , নহয় পলাই সাৰিম।
     আহা আমি সবে মিলি
     এটা গগন ফলা চিঞৰ মাৰোঁ ।
    
লাখ লাখ সৰ্বহাৰাৰ যৌথ চিঞৰে এদিন সৃষ্টি কৰিব                                                              এখন আমূল পৰিৱৰ্তনশীল শোষিত শ্ৰেণীৰ সমাজ !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)