অ ' মোৰ অসমী আই -ছেলিমা বেগম

©Admin
0
অ'মোৰ অসমী আই ,
বিশ্বজুৰি তোমাৰ ৰূপৰ তুলনা নাই 
তোমাৰ বুকুতে মহা লুইত আছে বৈ 
কলং , কপিলী আছে তোমাৰ বুকুৰ মাজত 
ব্ৰহ্মপুত্ৰৰ পানীৰ সৈতে খেলা কৰি। 
জন্মভূমি মোৰ প্ৰাণৰ মমতাৰ আঁচল 
তোমাৰ ৰূপ লাৱণ্যত আমি অসমীয়া পাগল। 
বিশ্ব দৰবাৰত জিলিকি আছে কাজিৰঙা 
এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত হৈ। 
ৰংঘৰ ,কাৰেংঘৰ, তলাতল ঘৰ আছে 
জিলিকি বিশ্বৰ দৰবাৰত অমূল্য ৰত্ন হৈ, 
বটদ্ৰৱা থান আছে বৰদোৱা আমাৰ অসমৰ 
হাজোৰ পোৱা মক্কা অসমী আইৰ বুকুত। 
আৰু আছে মা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে 
তেজপুৰৰ অগ্নি গড়ত শ্ৰী কৃষ্ণৰ কথা আছে 
বুৰঞ্জীৰ পাতে পাতে ,তোমাৰ বুকুত বান্ধি। 
অ' মোৰ অসমী আই তোমাৰ ৰূপৰ তুলনা নাই !

✍🏻ছেলিমা বেগম 
জিলা নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)