ৰ'দত শুকাই
বৰষুণত তিতি
ধোঁৱা বৰণীয়া নে
মাগুৰ বৰণীয়া হ'ল
তাৰ খবৰ বতৰে
আগতীয়াকৈ নিদিলে ।।
জীৱনদায়িনী অক্সিজেন
কলপাতৰ শিৰাই শিৰাই
উপলব্ধ হোৱাত
কিয় শুকাই শুকাই
দেহাটো চৰ্মসাৰ হ'ল
তাৰ বাতৰি কাকতত
প্ৰকাশ নাপালে ।।
বতৰৰ অৱস্থা বুজি
নিজৰ ভৱিষ্যত
সুৰক্ষিত কৰিবলৈ
পথৰ ভিক্ষাৰী মৰক
নিজৰ জীৱন তৰক
সেই বাতৰি গোপনে
ৰখা হ'ল ।।
প্ৰকৃতিয়ে অম্লান বদনে দিয়া
জীৱন দায়িনী অক্সিজেন
সকলোৰে বাবে
সুৰক্ষিত নোহোৱা বাবে
কলপতীয়া দেহাটো
চৰ্মসাৰলৈ ৰূপান্তৰ হ'ল ।।
নিজকলৈ মচগুল মগনীয়াই
কলপতীয়া দেহাটোৰ
খবৰ কোনেও
নোলোৱা হ'ল ।।
✍️হেমেন হাজৰিকা
ৰাণী
কামৰূপ অসম
০৮/২৬/২০২২
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ