যেনিবা তুমি কোনোবা!
কোনোবা মানে বন্ধু-বান্ধৱী,আত্মীয়-স্বজন নাইবা
শত্ৰু হ'ব পাৰে।
বহুদিন হ'ল কবিতাৰ পংক্তি পঢ়া নাছিলোঁ
য'ত নাচে হাজাৰটা সপোনৰ আত্মা
আৰু নাচে
কাৰোবাৰ অপেক্ষাত বহি থকা হৃদয়ৰ যন্ত্ৰনা।
এইয়া অৱশ্যে প্ৰেম নহয়
ইয়াত মোৰ ক'বলৈ কোনো সংজ্ঞা নাই
মই বুজোঁ ঐশ্বৰিক শক্তি
নাইবা যীশুখৃষ্ট আৰু শংকৰৰ বুজনিৰ কথা।
মই গান্ধীবাদী নহয়
কিন্তু সেইয়া অনুসৰণ কৰোঁ ।
মই হীৰোদা নহয়
তোমাক কবিতাৰ গাঁঠনিৰে মনোমুগ্ধ কৰি তুলিবলৈ।
এই যে তোমাৰ লগৰকেইজনী
সিহঁতক ক'বা
একুৱাগাৰ্ডৰ পানী খাই কি বুজি পাবা তোমালোকে
মাটিৰ টেকেলিৰ পানীৰ সোৱাদ ।
আৰু ক'বা
ক'ৰবাত গোলাপ ফুলিলে ফুলিব দিয়া
চিঙি আনি পাপৰ বুজা নল'বা
সেই পাপ চিৰসত্য
য'ত লুকাই থাকে হাজাৰজনৰ তাক এবাৰ চোৱাৰ বাসনা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ