প্ৰকৃতিৰ ৰূপ চাই মিচিকিয়াই থাকো,
পাৰ হৈ যোৱা সেই মধুময়
সময়বোৰৰ কথা ভাবি।
আকৌ কেতিয়াবা এটা আবদ্ধ কোঠাত
যেতিয়া মোৰ ওচৰত কোনো নাথাকে,
কেৱল এটা আবদ্ধ কোঠাৰ মাজত
মই আৰু মোৰ পঢ়া টেবুলখন,
তেতিয়া মই চিন্তাত মগ্ন হৈ
উচুপি থাকো।
মই বহু জোৰেৰে চকুপানী
উলিয়াব জানো,
টেবুলত, বিচনাত, নিজান ঠাইত;
আনকি বিদ্যালয়ৰ জিৰণি পিৰিয়দতো
যেতিয়া লগৰীয়া সমূহ ধেমালিত ব্যস্ত,
মাথো মই থাকো নিজান ঠাইত
মোৰ জীৱনৰ কথা ভাবি।
মই বহুদেৰি অকলশৰে থাকিব পাৰোঁ
হাঁহিব পাৰো, কান্দিব পাৰো;
পাবলৈ আশা নথকা বস্তুতোকো
পোৱাৰ আশা কৰো।
যিটো নহয় বুলি জানিও
হ'ব বুলি হেঁপাহ কৰো,
দুখ লাগিলে জীয়াই থাকি
লাভ নাই বুলিও ভাবোঁ!
কিন্তু মৰিবলৈ মই বহুত ভয় কৰো।
মই দিন-ৰাতি অকলশৰে
থকা সময়ত তেওঁৰ কথাই ভাবোঁ,
তেওঁৰ লগত মোৰ ভাল লগা মধুময়
মূহুৰ্তৰ সপোন দেখো।
তেওঁ মোৰ ওচৰলৈ আহিলে
কথা পাতিবটো নোৱাৰোৱেই,
আনকি তেওঁৰ চকলৈ চাবলৈকো
মোৰ লাজ লাগে।
কিন্তু তেওঁ মোৰ চকুৰ আগৰ পৰা
আতৰি থাকিলে বুকুত এটা,
বিষাদে খুন্দা মাৰি ধৰে
তেওঁক হেৰুৱাৰ ভয়ত।
বহুৰাতি উজাগৰে মই.....
✍️ হিমাক্ষী কলিতা
মাজজালভাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ