ক্লান্ত পথিক- মাৰ্জিনা বেগম

Rinku Rajowar
0
উটি ভাঁহি গৈছোঁ জীৱন ৰূপী সমুদ্ৰৰ মাজত 
ৰোমাঞ্চ, নিৰ্জনতাক সংগী কৰি ।

  হওঁক এই জীৱন ছন্দ বিহীন,
নহ'লে নিজেই বিচাৰি লম মুক্তিৰ ঠাই ।

 শান্ত সমীৰৰ সৈতে মোৰ প্ৰেম
কেতিয়াবা সি চঞ্চল
কেতিয়াবা কম্পিত ।

 ক্লান্ত, দিশহাৰা হৈছোঁ 
হোৱা নাই মাথোঁ নিসংগ ,
উৰি যোৱা চৰাই জাকে কৈ যায়-
সিহঁতৰ দৰে মইও একেই ছন্দহীন ।

ডাৱৰৰ সৈতে ভাঁহি ফুৰিছোঁ, নক্ষত্ৰবোৰৰ সৈতে নিদ্ৰা 
ভ্ৰমণ তৃষ্ণাৰ মুক্তি দিবলৈ নিশাবোৰ  আজি নিস্তব্ধ ।

 নিবিছাৰোঁ মইও গাঢ় ক'লা অন্ধকাৰ ,
মাজে মাজে ভালপোৱাৰ সৈতে  তিৰস্কাৰ ।

  নাবিক হৈয়ে থাকিম মই ,
  নালাগে মুকুতা-মণি 
ইচ্ছা মাথোঁ লগত থাকক অন্ধকূপত সোনৰ তৰি ।।

 ■ মাৰ্জিনা বেগম।
         বৰপেটা       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)