চাকি-মনস্বিনী শৰ্মা

তেওঁৰ দুচকুত চকু থৈ
হৃদয়ত জ্বলাইছিলো এগচি চাকি,
যাযাবৰী বতাহজাকে বাৰুকৈয়ে  কোবাইছিলতাত,
শলিতাডাল নুমাব খুজিছিল
যদিও ব্যৰ্থ হৈছিল,
হৃদয়ৰ আৱৰণত জ্বলি থকা 
চাকিগছি তেওঁৰ বাবেই
অক্ষয় হৈ আছিল।
সময়ৰ পিঠিত উঠি
অপেক্ষাবোৰ পাৰ হৈছিল
আশাবোৰ চেঁকুৰিছিল
ভাগ্য-দুৰ্ভাগ্যৰ অংক চলিছিল
আৰু এদিনঈশ্বৰ আহিল, 
মই দেখা বাটেৰে!
হৃদয়ৰ চাকিগছিৰ
আজীৱন ৰখীয়া কৰি
মোক ৰঙাফুলৰ নিৰ্মালীৰ 
অধিকাৰী কৰিলে। 


Post a Comment

Previous Post Next Post