সমাজিক পৰিৱেশ সুস্থ ৰখাত বৃত্তিমূলক শিক্ষাৰ ভূমিকা-নিবেদিতা পূজাৰী

©Admin
0
পৰিৱেশ হ'ল আমাৰ চাৰিওফালে আগুৰি থকা এটা অৱস্থা।পৰিৱেশে আমাক সামাজিক বিকাশৰ উপৰিও শৈক্ষিক বিকাশত বিভিন্ন ধৰণে সহায় কৰে। 
 The World Bank's 2019 World Development Report on the future of work suggests that flexibility between general and vocational education particularly in higher education is imperative to enable workers to compete in changing labor markets where technology plays an increasingly important role.
এখন সমাজ সুস্থ হৈ থাকিবলৈ হ'লে সমাজত বাস কৰা লোকসকলক স্বাৱলম্বী হোৱাটো অতি আৱশ্যক।এখন সুস্থিৰ সমাজ গঢ়াত বৃত্তিমূলক শিক্ষাই এক সুকীয়া ভূমিকা পালন কৰে। এজন লোক শিক্ষিত, চাকৰিয়াল নহ'লেও তেওঁৰ যদি এটা বৃত্তি অর্থাৎ এটা উপার্জিত কৰ্মত নিয়োজিত হৈ নিজৰ পৰিয়ালৰ লগত হাস্যমুখে থাকিব পাৰে তেতিয়া সামাজিক পৰিৱেশ সুন্দৰ হৈ পৰে। 
      বৃত্তিমূলক শিক্ষা হৈছে এনে এক শিক্ষা যি শিক্ষাই আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ পিছত উপার্জনৰ পথ মুকলি কৰি দিয়ে।সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে অআনুষ্ঠানিক শিক্ষাৰে নিজকে আত্মনিয়োগ কৰি উপার্জনৰ পথ মুকলি কৰিছে।নিজকে স্বাৱলম্বী কৰি তুলিবৰ বাবে সৰু সৰু কিছুমান কামক নিজৰ বৃত্তি হিচাপে লৈছে। 
       এখন সমাজৰ পৰিৱেশ সুস্থ হ'বলৈ হ'লে সেই সমাজখনৰ লোক আত্মনিৰ্ভৰশীল হোৱাটো অত্যন্ত জৰুৰী। যদি জনসাধাৰণ স্বাৱলম্বী নহয় তেতিয়া সেই সকল লোক অসামাজিক কাৰ্যত লিপ্ত হৈ সমাজৰ বাতাবৰণ প্ৰদূষিত কৰিব।সমাজৰ প্ৰতিজন ব্যক্তি চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠানত নিয়োজিত হৈ আছে।তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ লগতে কিছু বৃত্তিমূলক শিক্ষাৰো প্ৰশিক্ষণ লৈছে । যেনে:কম্পিউটাৰ,ষ্টেনোগ্রাফাৰ,লেবোৰটৰী আদি। কিছুমান লোকে আকৌ বিউটিচিয়ান, মেকানিক,লাইটৰ কাম, মিস্ত্ৰী, ৰন্ধন কাৰ্য,নাপিত আদি কাৰ্যটো নিয়োজিত হৈ নিজৰ পৰিয়ালৰ লগতে সমাজতো এক বিশেষ মৰ্যদাৰে জীয়াই আছে। আজিকালি প্ৰতিটো কামত শিকাৰ বাবে চৰকাৰৰ পৰা এক প্ৰশিক্ষণ তথা সাহাৰ্য্য ও প্ৰদান কৰি আহিছে।
            বর্তমান সময়ত বৃত্তিমূলক শিক্ষা প্ৰাথমিক স্তৰ ৰ পৰাই ছাত্র-ছাত্ৰীৰ পাঠ্যপুথিত অন্তর্ভুক্ত কৰিছে যাতে ল'ৰা - ছোৱালীয়ে সৰুৰ পৰাই নিজৰ পছন্দৰ কাম শিকি লৈ ভৱিষতে নিজৰ উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে। প্ৰতিটো কৰ্ম ক'ত কেনেদৰে কৰিলে অধিক সুফল হ'ব পাৰিব তাকো অতি সুন্দৰভাৱে বৰ্ণনা কৰি দিছে। 
               এখন সমাজৰ তথা দেশ এখনৰ মূল সমস্যা হৈছে নিবনুৱা সমস্যা। সাম্প্ৰতিক সময়ত নিবনুৱা সমস্যাই সামাজিক পৰিৱেশ বহু পৰিমাণে বিনষ্ট কৰিছে।কিয়নো তেওঁলোক কোনো কামত নিয়োজিত নহয়। সেইবাবে তেওঁলোকৰ উপাৰ্জন সীমিত। ফলত পৰিয়াল চলাবলৈ সক্ষম নহয়। তেতিয়া তেওঁলোকে অসামাজিক কামবোৰ যেনে: চোৰ,জুৱাখেল,মদৰ দোকান, ড্ৰাগছ সেৱন আদিত লিপ্ত হৈ সামাজিক পৰিৱেশ অসুস্থ কৰি তোলে। এইখিনিতে চৰকাৰৰ বহু কৰণীয় কাম থাকে। চৰকাৰে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। তেওঁলোকে কি কি বৃত্তিমূলক কাম জানে সেইবোৰ জানি লৈ তাত নিয়োজিত কৰিব লাগে। মহামাৰী কৰোণাৰ বাবে বর্তমান সময়ত মানুহবোৰ কর্মহীন হৈ পৰিছে।যিহেতু এইৰোগ এজনৰ স্পৰ্শৰ পৰা আন এজনলৈ সংক্ৰমিত হয় সেইবাবে চৰকাৰে সকলো কাম-কাজ , অনুষ্ঠান - প্রতিষ্ঠান বন্ধ ৰাখিছে।ফলত এই বছৰকেইটাত নিৱনুৱাৰ সংখ্যা বৃদ্ধি পাইছে।এইসকল লোক কৰ্ম থাকিও কর্মহীন হৈ পৰাৰ ফলত বহুতে মানসিক ভাৱে ভাগি পৰিছে।লাহে লাহে ঘৰত হাই-কাজিয়া, অসামাজিক কাম বৃদ্ধি পাইছে। এইবোৰ কাৰণত সামাজিক পৰিৱেশ নষ্ট হৈ পৰিছে।
        সামাজিক পৰিৱেশ এটা সুস্থ কৰি ৰখাৰ মূল কাৰকটোৱে হৈছে মানুহৰ আৰ্থিক স্বচ্ছলতা।আমাৰ ৰাজ্যৰ লোকসকল আৰ্থিকভাৱে সিমান স্বচ্ছল নহয়। পৰম্পৰাগতভাৱে চলি অহা বৃত্তিসমূহ সকলোৰে বাবে সুবিধা নহ'বও পাৰে।সমাজ এখন সুস্থ কৰি ৰাখিবলৈ হ'লে চৰকাৰৰো কিছু কৰণীয় আছে। আজিকালি বিভিন্ন বৃত্তিমূলক শিক্ষা আছে যিবোৰ শিক্ষাই ল'ৰা - ছোৱালীক বিভিন্ন কৰ্মত সংস্থাপন দিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত চৰকাৰেও কিছু পদক্ষেপ লৈছে। দুখীয়া ল'ৰা - ছোৱালীৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। আই টি আই, skill develope আদি কৰি বিভিন্ন ধৰণৰ আঁচনি যিবোৰ আঁচনিয়ে বৈজ্ঞানিক তথা উচ্চ মানদণ্ডৰ শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা সকলোকে একো একোটা বৃত্তিত স্বনির্ভৰশীল হোৱাত সুবিধা প্ৰদান কৰিছে।উদাহৰণস্বৰূপে: এখন ফাংচনত এজন গায়কৰ লগতে এজন ঘোষক/ঘোষিকাথাকে,বিভিন্ন কৰ্মচাৰী,মঞ্চ বনোৱা লোক আদি বিভিন্ন লোক জড়িত হৈ থাকে। ফলত সমাজখন কিছু উন্নত হ'ব ধৰিছে। 
    বর্তমান সমাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ বহুলভাৱে হৈছে আৰু ই এটি গুৰুত্বপূৰ্ণ দিশ আৱৰি লৈছে।বৃত্তিমুখী শিক্ষাই মানুহক অকল উপার্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা সমাধান কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় আৰু ইয়ে পৰোক্ষভাৱে মানৱ সম্পদৰ উত্তৰণকে প্ৰতিফলিত কৰে। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)