মানসিক চাপ আৰু আত্মহত্যা সম্পর্কে কিছু কথা-হাফিজ গিয়াছউদ্দিন আহমেদ

জীৱৰ জন্মৰ লগে লগে মৃত্যু নামৰ নিদিষ্ট "শাস্তি" অৱধাৰিত হয়। অৱশ্যে এই নিদিষ্ট " শাস্তি " ৰ শুনানি কেতিয়া আহি পৰিব কোনও নাজানে। কিন্তু এদিন যে আহিব সেয়া নিশ্চিত। জীৱন আৰু মৃত্যু বিশ্ব বক্ষ্মাণ্ডৰ এক গভীৰ ৰহস্য। টেলিভিচন, বাতৰি কাকত, ফেচবুক, সামাজিক মাধ্যম সকলোতে প্ৰতিদিনাই এটা নহয় এটা হত্যা, আত্মহত্যা বা অকাল মৃত্যুৰ খবৰ থাকিবই। কোনোবাটো মৃত্যুৰ খবৰে কেতিয়াবা সমাজত বহুত তোলপাৰ লগাই। বেছি সংখ্যক মৃত্যুৰ খবৰত সমাজে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই। অৰ্থাৎ কিছুমান মানুহৰ মৃত্যুক সহজভাবে গ্রহণ কৰে। 
বৰ্তমান সময়ছোৱাত আটাইতকৈ গুৰুত্বপূৰ্ণ এক সমস্যা হৈছে আত্মহত্যা। অতিমাত্রা মানসিকভাবে চিন্তাৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱাটো অন্য এক কাৰণ। আত্মহত্যাৰ অৰ্থ হৈছে কোনো ব্যক্তিয়ে নিজেই নিজক হত্যা কৰা। দু চিন্তা, ব্যক্তিগত অশান্তি আৰু মাদক দ্রব্যৰ সেৱন আদি সম্ভাব্য কাৰণত মানসিক ৰোগ হব পাৰে। কিছুমান লোকে আকৌ আবেগৰ বশবর্তী হৈও আত্মহত্যা কৰে যেনে: আৰ্থিক দুৰৱস্হা, প্ৰেম জনিত কাৰণত, পাৰিবাৰিক অশান্তি, খৰতকীয়া উপাৰ্জন কৰিবলৈ অক্ষমতা, সমাজত স্থিতি হেৰুওৱা, শিক্ষাগত ব্যৰ্থতা, অত্যাচাৰ, লাজ, মানহানি, অপমান আদিৰ পৰা মানসিক চাপৰ সৃষ্টি হয়। 
মনোবিজ্ঞানীৰ মতে অতিমাত্রা মানসিক চাপৰ পৰা সৃষ্টি হোৱা কেইটামান ৰোগ ( বেমাৰ) হলঃ মনটো ভাল নলগা , সমস্ত শৰীৰতে জ্বলাপোৰা কৰা, মাংসপেশীত কামোৰণি কৰা, একে স্থানতে অধিক সময় শান্ত হৈ বহি থাকিব নোৱাৰি অনবৰতে লক্ষ্যবিহীনভাৱে ইফালৰ পৰা সিফালে টহলি থকা, ডিঙিৰ ভিতৰখন শুকাই যোৱা, অনবৰতে পানী পিয়াহ লাগিয়েই থকা, ভোক নলগা, ভোক লাগিলেও খাব নোৱাৰা অৱস্থা, যিকোনো সময়তে চকুলো টোকা, নিদ্রাহৰণ অথবা অতিমাত্রা টোপনি যোৱা, প্ৰয়োজনীয় পৰিমাণৰ টোপনি যোৱাৰ পাছতো ভাগৰ লগা অনুভব কৰা, মনোযোগীতাৰ অভাব আদিবোৰ লক্ষ্যনৰ পৰা মানসিক ৰোগৰ সৃষ্টি হয়। মানসিক চাপৰ পৰা কিছুমান ব্যক্তিয়ে আত্মহত্যাৰ চৰম পন্থা বাচি লয়৷
কোনোবাই যদি সঘনাই আপোনাৰ পৰা অলপ সময় বিচাৰি আছে কৈ আছে যে তেওঁৰ কিছু গুৰুত্বপূর্ণ কথা কবলগীয়া আছে, তেওঁক যদি খুব বেছি হতাশ, উৎকন্ঠিত বা শংকিত যেন অনুভব কৰিছে তেনেহলে যিমান খিনি সম্ভব তেওঁক অলপ সময় দিবলৈ আৰু তেওঁৰ কথাখিনি শুনিবলৈ চেষ্টা কৰক। কাৰণ সেই কথাৰ আৰঁতেই হয়তোবা মানুহ জনে আপোনাৰ ওচৰত কোৱা কথাখিনিৰ পৰা কিবা এটা ভাল পৰামৰ্শ পাব পাৰে আৰু আত্মহত্যাৰ পথৰ পৰা ওলাই আহিব পাৰে। 
মানসিক চাপৰ পৰা মুক্ত হোৱাৰ কেইটামান উপায় হলঃ পৰিস্থিতিক প্ৰত্যাহ্বান ৰূপে গ্রহণ কৰা, যিমানেই কঠিন পৰিস্থিতি নহওঁক কিয় যুদ্ধৰ নিচিনাকৈ যুজিব লাগিব, নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগিব, নিজৰ মনৰ ভাবধাৰা সলনি কৰি পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লাগিব, মানসিক চাপ অতিমাত্রা হলে নিৰ্ভৰযোগ্য এজনক মনৰ অৱস্থাৰ বিষয়ে ক'ব পাৰি, মনৰ প্ৰক্ৰিয়াৰ দিশ সলাই লোৱাটোয়ে মংগল, শীতল মস্তিষ্কৰ স্থিতিত থকাৰ চেষ্টা কৰিব লাগিব, নিজৰ জাতিৰ বাবে সহযোগিতা আগবঢ়ালে মানসিক চাপ লাঘব হয়, ধৰ্মীয় নীতি নিয়ম মানি চলিব লাগে, ব্যয়াম কচৰৎ কৰিব লাগে, যিকোনো পৰিস্থিতিৰ লগত সুস্থভাবে মোকাবিলা কৰিব পাৰিলে মানসিক চাপৰ পৰা মুক্ত হব পাৰিব । আত্মহত্যাই সকলো সমস্যাৰ সমাধান নহয়। " মৃত্যু "এই শব্দটোক আমি ভয় কৰো কিন্তু এক আনন্দময় আৰু অৰ্থবহুল জীৱন যাপন কৰিবলৈ বিচাৰিলে আমি সকলোৱে " জীৱন আৰু মৃত্যু এই দুয়োটা বিষয়েই ভালদৰে বুজি পাবলৈ চেষ্টা কৰিব লাগিব। 
আশা কৰো এই প্ৰবন্ধৰ জৰিয়তে সতৰ্কতা অবলম্বন কৰিব ।


✍️ হাফিজ গিয়াছউদ্দিন আহমেদ। 
ধূলা (হিৰাপাৰা) । ৬৯০১১০২৮৭১

Post a Comment

Previous Post Next Post