প্ৰাকৃতিক সেউজীয়া পৰিৱেশ আজি মৃত্যুৰ মুখত- আব্দুল কাদেৰ মিঞা

©Admin
0
পৰিৱেশ মানেই য'ত শান্তি-শৃংখলা বা সুস্থিৰতাই বিৰাজ কৰে।সৌন্দৰ্য্য উপভোগ কৰি মানুহে এক সুস্থিৰ বাতাবৰণত জীয়াই থাকিব পাৰে।ক'বলৈ গ'লে পৰিৱেশ মানৱ সমাজৰ মূল ভেটি।
পৰিৱেশ অবিহনে সকলো জীৱৰ অস্তিত্ব নাইকিয়া হৈ যাব।সেই কাৰণে পৰিৱেশৰ প্ৰতি সকলোৱে গুৰুত্ব দিয়া উচিত।মুঠৰ ওপৰত পৰিৱেশ মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংশ। কিয়নো ইয়াৰ লগত মানুহৰ সুখ-দুখ হাঁহি-কান্দোন সকলো ধৰণৰ অনুভূতি জড়িত হৈ আছে।
সেই কাৰণে আমি কোনো এটা সিদ্ধান্ত লোৱাৰ আগত পৰিৱেশৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।
বৰ্তমান প্ৰাকৃতিক পৰিৱেশ খুবেই শোচনীয় হৈ পৰিছে।মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা গেছৰ বাবে পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতা ক্ৰমাগত ভাৱে বৃদ্ধি হৈ আছে।যাৰ ফলত সৃষ্টি হৈছে নানা সমস্যা।বাঢ়ি অহা গোলকীয় উত্তাপৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছে। ইয়াৰ বাবে দায়ী মানুহৰ
ক্ৰিয়াকলাপবোৰ।বৰ্তমান আমাৰ পৰিৱেশ নিয়ন্ত্ৰণ হীন হৈ পৰিছে। ইয়াৰ কাৰণ - গছ কটা, পাহাৰ কাটি ৰাস্তা বনোৱা, হাবি-বন ধ্বংস কৰি নগৰ সজা তথা বৰ্ধিত জনসংখ্যাই আজি সেউজীয়া পৰিৱেশ বিনষ্ট কৰাৰ মূল কাৰণ হৈ পৰিছে।
আধুনিকতাৰ পৰশত মানৱ সমাজৰ যিমান উন্নতি হৈ আছে তাতকৈ বেছি ক্ষতি হ'বলৈ ধৰিছে প্ৰাকৃতিক পৰিৱেশ।
বিভিন্ন ধৰণৰ কল-কাৰখানাৰ পৰা পৰা ওলোৱা ধোঁৱাই বায়ুমণ্ডল দূষিত কৰিছে যাৰ ফলত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ দিনে দিনে হ্ৰাস হৈ আছে।
বৰ্ধিত জনসংখ্যাৰ ফলত মানুহে থাকিবলৈ ঠাই নাপাই জংঘল বোৰ কাটি ঘৰ বনাই বসতি স্থাপন কৰি আছে। কিন্তু এওঁলোকে এইবোৰো অনুভৱ নকৰে। এই কাৰ্যকলাপৰ ফলত সেউজীয়া গছ-গছনি চৰাই চিৰিকতি ,জীৱ-জন্তু বোৰে খাদ্যৰ সন্ধানত মানুহৰ বসতি স্থানলৈ আহি আছে,যাৰ ফলত বৰ্তমান সঘনাই কিছু অ-প্ৰীতিকৰ ঘটনা দেখিবলৈ পোৱা যায়।এই ক্ষেত্ৰত হাতী মানুহৰ সংঘাত।খাদ্যৰ অভাৱত বিভিন্ন ধৰণৰ বন্য প্ৰাণী মানুহৰ বসতি লৈ ওলাই আহে যাৰ ফলত সৃষ্টি হৈছে জন্তু আৰু মানুহৰ মাজত সংঘাত।
মানুহে ভাৱে জীৱ-জন্তু বোৰ নিৰ্দয়ী বা হিংসুক কিন্তু এইয়া মাথোঁ মানুহৰ ভ্ৰম। ইহঁতক হিংসুক হ'বলৈ বাধ্য কৰাই মানুহে।যদিহে ইহঁতৰ বসতি বা খাদ্য কাঢ়ি লোৱা হয়।
স্থান আৰু খাদ্যৰ অভাৱত বনৰীয়া জীৱ-জন্তু , চৰাই-চিৰিকতি আজি বিলুপ্তি হৈ আছে। ইয়াৰ বাবে কেৱল মানুহেই দায়ী।
আমি কেৱল নিজৰ ঘৰখনক পৰিস্কাৰ কৰাত ব্যস্ত থাকোঁ।ঘৰৰ সকলো জাৱৰ-জোঁথৰ ৰাস্তাত পেলাই দিওঁ।এবাৰো ভাবি নাচাওঁ যে এই জাৱৰবোৰৰ পৰা পৰিৱেশটো বিনষ্ট হৈ আছে। লগতে বিভিন্ন ধৰণৰ বেমাৰৰ উৎপত্তি হৈ আছে।
আমাৰ চৌপাশৰ পৰিৱেশটোৰ প্ৰতি সকলো সময়তে লক্ষ্য ৰখা উচিত।আমি জাৱৰ-জোঁথৰবোৰ য'তে ত'তে পেলোৱাৰ সলনি গাঁতত বা ডাস্টবিন ব্যৱহাৰ কৰা উচিত।
বৰ্তমান আমাৰ পৰিৱেশ ইমানেই দূষিত হৈছে যে বিশুদ্ধ বায়ুৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। বায়ুমণ্ডল দূষিত হোৱাৰ ফলত মানুহৰ কেঞ্চাৰ হোৱা দেখা গৈ আছে।পৰিৱেশ হৈছে মানুহৰ জীৱন আৰু বিভিন্ন কাম-কাজৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলোৱা চাৰিওফালৰ প্ৰাকৃতিক আৰু সামাজিক অৱস্থা।ইয়াক স'তে স্বাস্থ্যৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে। সুস্থ পৰিৱেশে মানুহৰ শাৰীৰিক আৰু মানসিক উত্তৰণ ঘটায়।
প্ৰতি বছৰে ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস (WORLD ENVIRONMENT DAY) হিচাপে পালন কৰি অহা হৈছে, এয়া এক অভিনৱ পদক্ষেপ।
ইয়াৰ বিপৰীত দিশটো যদি আমি লক্ষ্য কৰোঁ তেতিয়া ব্যতিক্ৰমী দৃশ্য ভাঁহি উঠে।
গোটেই বছৰ গছ-গছনি কটা মানুহবোৰে ৫ জুন আহিলে,ফেচবুক.হুৱাটচএপ'. ইন্সট্ৰা.টুইটাৰত গছ পুলি ৰোৱাৰ ছবি আপলোড কৰি লাইক আৰু কমেন্ট বিচাৰি সামাজিক মাধ্যমত নিজকে প্ৰকৃতিপ্ৰেমী সজাই বিভিন্ন মন্তব্য প্ৰকাশ কৰে।সঁচাকৈয়ে যদি আপুনি প্ৰকৃতিপ্ৰেমী হৈ থাকে , পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আপোনাৰ ওচৰত কোনো বিশেষ দিন নাথাকিব। সকলো সময়তে পৰিৱেশ ধ্বংস কৰা লোকসকল বাধা দি নিজেও মুক্ত ভাৱে জীয়াই থাকিব পাৰিব আৰু সমাজ খনকো সেউজীয়া পৰিৱেশ উপহাৰ দিব পাৰিব।

নিজতকৈ এখোজ বেছি যেতিয়া পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়া হ'ব তেতিয়াই এখন মুক্ত পৰিৱেশ গঢ়ি উঠিব।
তাহানিৰ পৰা অসমত বানপানীয়ে সন্ত্ৰাস চলাই আহিছে।
বৰ্তমান অসমৰ সমস্যা সমূহৰ ভিতৰত এয়া এক জ্বলন্ত সমস্যা।
শদিয়াৰ পৰা ধুবুৰীলৈ বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।যাৰ ফলত সৃষ্টি হৈছে নানা ধৰণৰ সমস্যা।
মানুহৰ বাবে সৃষ্টি কৰা প্ৰকৃতি আজি মানুহেই ধ্বংস কৰি আছে।
পৰিৱেশ বিনষ্ট হোৱাৰ লিখা লিখনি কেতিয়াও শেষ নহ'ব। আমি যদি এখন সুন্দৰ পৃথিৱীত পৰিস্কাৰ, স্বাস্থ্যকৰ সৌন্দৰ্যময় আৰু নিৰাপদ পৰিৱেশত বাস কৰিব বিচাৰোঁ , তেনেহলে সকলো ধৰণৰ অনিষ্টকাৰী প্ৰদূষণ ৰোধ কৰিবলৈ সকলোৱে ব্যৱহাৰিক সচেতনতাত অধিক গুৰুত্ব দিব লাগিব। আৰু তেতিয়াহে আমি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ নিৰাপদ ,পৰিস্কাৰ তথা সুন্দৰ পৰিৱেশ নিশ্চয় প্ৰদান কৰিব পাৰিম।

আহঁক, আমি সকলোৱে পৰিৱেশ ৰক্ষা কৰোঁ।গছপুলি ৰোপণ কৰি এখন সুন্দৰ পৃথিৱী গঢ়োঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)