সুযোগ তুমিয়ে দিলা-পৰেশ দাস

তোমাৰ সৰলতাই মোক টানি লৈ গৈছিল তোমাৰ কাষলৈ,
মাজে মাজে তুমি নজনাকৈয়ে তোমাক নিৰীক্ষণ কৰি গৈছিলোঁ,
আৰু মই অকস্মাত
তোমাৰ বন্ধু হৈ ধৰা দিছিলোঁ
কেৱল মই জনাকৈয়ে..!

ফুল মৰহিলে ফুলৰ মূল্য অমূল্য হৈ নাথাকে,
প্ৰাণত প্ৰাণ পাই উঠা এই হেঁপাহো ফুলৰ দৰেই,
মৰহি যোৱাৰ আগতেই পুনৰ নিৰীক্ষণ কৰি প্ৰশ্ন কৰিছিলোঁ তোমাক...?

মই অনুৰোধ কৰিলোঁ
 তুমি সাধাৰণ ভাৱেই উত্তৰ দি গলা,
মই পুনৰ প্ৰশ্ন কৰিলোঁ,
তুমি সজাগ হৈ উত্তৰ দিবলৈ ল'লা,
আৰু লাহে-লাহে ডাৱৰবোৰ আঁতৰি তোমাৰ প্ৰতিচ্ছবি
উজ্জ্বল হৈ জিলিকি থাকিল তোমাৰ প্ৰফাইলত;

ভাল লাগিছিল,
অবুজ শিহৰণে মনটো ভাল লগাই তুলিছিল;
হঠাৎ উজ্জ্বল তোমাৰ ছবিখনি পুনৰ নোহোৱা হৈ পৰিছিল,
মোৰ বাবে আকৌ হৈ পৰিছিল আমনি দায়ক..।

হৃদয়ৰ দুৰ্বাৰ তাড়নাত পুনৰ প্ৰশ্ন কৰি কেৱল অপেক্ষা কৰিলোঁ,
অলপো আপত্তি নজনোৱাকৈ তুমি মোৰ অনুৰোধ ৰক্ষা কৰি মোৰ ইচ্ছাক সন্মান জনালা,
মোৰ অনুৰোধ ৰক্ষা কৰি মোক মহীয়ান কৰিলা,
হৃদয়ৰ নির্ভীত কোণত আনন্দৰ বন্যাই হাঁহি হাঁহি আদৰণি জনাইছিল,
আৱেগিক চকুযুৰিয়েও অপেক্ষা কৰি গৈছিল ইটোৰ পাছত সিটোৰ বাৰ্তা ৰ স্পষ্ট উত্তৰ, 
শ্ৰদ্ধা আৰু ভক্তি ভৰি পৰিছিল তোমালৈ..
সেই শ্ৰদ্ধাত আজীৱন বন্ধু হৈ থকা পন লৈ আগুৱাই আহিলোঁ...!

      
◾পৰেশ দাস,ঢকুৱাখনা।

Post a Comment

Previous Post Next Post