আহ্বান-ৰাজপল চেতিয়া

Rinku Rajowar
0
উন্মুক্ত ধৰণি মোৰ
আই অসমী,
ৰিক্ত দেহ আমাৰ
সুঠাম বীৰ বীৰণি।
লাচিতৰ দেশৰ আমি
নৱ ডেকা লৰা,
মৰিবৰলৈ নাই ভয়
এৰি পলাই নাযাওঁ
যুদ্ধ থলীৰ পৰা।
দেহত আছে অযুত বল
এয়াই লাচিতৰ জন্ম স্থল,
আকৌ যদি 
যাব লাগে শৰাইঘাটৰ লৈ,
 সাজু আছে যাবলৈ
শত শত ৰনুৱা দল।
আহ ওলাই আহ
শত সহস্ৰ দল,
ভাঙি নিদিবি তোৰ
অযুত সাহসৰ মনোবল।।

◾ৰাজপল চেতিয়া(ৰাহুল)
চিলাপথাৰ নিলখ পূৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)